--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদ বাঢ়িছে আজ টক চেনেলৰ নিউজ এংকৰ সুধীৰ চৌধুৰীৰ৷কৰ্ণাটক আৰক্ষীয়ে আজ টক নিউজ চেনেলত আয়োজন কৰা এক অনুষ্ঠানত এংকৰ সুধীৰ চৌধুৰীয়ে  “সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ” কৰাৰ অভিযোগত এংকৰজনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে৷কৰ্ণাটক সংখ্যালঘু উন্নয়ন নিগমৰ এজন সদস্যই দাখিল কৰা এজাহাৰৰ ভিত্তিত বেংগালুৰুৰ শেশাদ্ৰীপুৰম আৰক্ষীয়ে সাম্প্ৰদায়িক গোটৰ মাজত শত্ৰুতা বৃদ্ধিৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত এই গোচৰ ৰুজু কৰে।


উক্ত উল্লেখিত অনুষ্ঠানটোত চৌধুৰীয়ে দাবী কৰিছিল যে কৰ্ণাটকৰ সংখ্যালঘুসকলৰ বাবেহে ৰাজসাহায্য প্ৰদান কৰা হৈছে আৰু এই আঁচনি হিন্দুৰ বাবে নহয় বুলি কৰা দাবীৰ কথাও এফআইআৰত উল্লেখ কৰা হয়। এফআইআৰ অনুসৰি, “শ্ব’টোৱে দাবী কৰিছিল যে এই আঁচনিখনৰ দ্বাৰা ৰাজ্যখনৰ দৰিদ্ৰ হিন্দুসকল অন্যায়ৰ সন্মুখীন হৈছে” আৰু সুধীৰৰ এই মন্তব্যই ৰাজ্যখনৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ কৰিছে যাৰ বাবে এই এজাহাৰ দাখিল কৰা হৈছে।


এই গোচৰত চৌধুৰী এক নম্বৰ অভিযুক্ত হোৱাৰ বিপৰীতে আজ টকৰ মুখ্য সম্পাদক আৰু সংগঠক ক্ৰমে দুই আৰু তিনি নম্বৰ অভিযুক্ত৷যোৱা ১১ ছেপ্টেম্বৰত এই অনুষ্ঠানটো চেনেলটোত প্ৰচাৰ হোৱাৰ পাছত কৰ্ণাটক চৰকাৰে চৰকাৰী আঁচনিৰ বিষয়ে ইচ্ছাকৃতভাৱে ভুল তথ্য বিয়পোৱাৰ বাবে এংকৰজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল। 


উল্লেখ্য যে নিজৰ ফালৰ পৰা চৰকাৰে এই আঁচনিখন বিভিন্ন সম্প্ৰদায়ৰ কল্যাণৰ বাবে বিভিন্ন উন্নয়ন নিগমৰ অধীনত কেইবাবছৰ ধৰি অস্তিত্বত থকা বুলি বৰ্তমানেও বৰ্তাই ৰাখিছে। আন সাম্প্ৰদায়িক গোটৰ ক্ষেত্ৰতো একেধৰণৰ আঁচনি আছিল বুলি উল্লেখ কৰি চৰকাৰে কয় যে সংখ্যালঘুৰ বাবে ৰাজসাহায্য আঁচনি ভাৰতীয় জনতা পাৰ্টিৰ শাসনৰ অধীনতো ৰাজ্যখনত আছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা