--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট্ৰেফিক নিয়ম উলংঘা কৰি জৰিমনা ভৰাৰ অভিজ্ঞতা হয়তো প্ৰায় সকলোৰে আছে৷ ট্ৰেফিক নিয়ম উলংঘা কৰা স্বত্বেও নেতাই জৰিমনা ভৰা কেতিয়াবা আপুনি দেখিছেনে? প্ৰজাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিয়মবোৰ ৰজাৰ ক্ষেত্ৰত লঘু হৈ পৰা দেখা যায়৷ কিন্তু ব্যতিক্ৰম হ’ল ব্ৰিটেইন৷ 

যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে এইবাৰ ব্ৰিটেইনৰ আটাইতকৈ শক্তিশালী ব্যক্তিজন অৰ্থাৎ প্ৰধানমন্ত্ৰীয়েই ভৰিব লগীয়া হ’ল জৰিমনা৷  প্ৰধানমন্ত্ৰী ঋষি ছুনাকে চলন্ত বাহনত বহি ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’ বনোৱাৰ সময়ত ছীটবেল্ট। ব্যৱহাৰ কৰা নাছিল৷ এইবাবেই যান-বাহন আৰক্ষীৰ ৰোষত পৰিল  প্ৰধানমন্ত্ৰীগৰাকী৷

অৱশ্যে ,  প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে৷ লগতে তেওঁ স্পষ্টকৈ কৈছে যে , এয়া তেওঁৰ ভুল আছিল। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যৰ বাবে  ক্ষমাও বিচাৰে৷ 

 ব্ৰিটেইনত ছীটবেল্ট ব্যৱহাৰ নকৰিলে এজন  যাত্ৰীয়ে ১০০ পাউণ্ডৰ জৰিমনা ভৰিব লাগিব। আনহাতে এই গোচৰ আদালতৰ মজিয়া পায় তেন্তে এই জৰিমনাৰ পৰিমাণ ৫০০ পাউণ্ডলৈ বৃদ্ধি হ’ব পাৰে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক যাত্ৰাৰ সময়ত গাড়ীৰ ভিতৰত ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’ প্ৰস্তুত কৰিছিল। গাড়ীৰ পিছৰ ছীটত বহি ভিডিঅ’ প্ৰস্তুত কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগোৱা নাছিল ছীটবেল্ট।

উল্লেখযোগ্য যে, ছুনাকৰ ওপৰত এইয়াই প্ৰথম জৰিমনা নহয়৷ ইয়াৰ পূৰ্বেও বিগত বৰ্ষত তেওঁ তৎকালীন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে কোভিড লকডাউনৰ নিয়ম ভংগ কৰিছিল। এতিয়া আইন ৰক্ষকেই এনেদৰে আইন ভংগ  কৰি বাতৰিৰ শিৰোনামা দখল কৰাৰ লগতে কিছু সমালোচনাৰো সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী৷ 


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ