--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ট্ৰেফিক নিয়ম উলংঘা কৰি জৰিমনা ভৰাৰ অভিজ্ঞতা হয়তো প্ৰায় সকলোৰে আছে৷ ট্ৰেফিক নিয়ম উলংঘা কৰা স্বত্বেও নেতাই জৰিমনা ভৰা কেতিয়াবা আপুনি দেখিছেনে? প্ৰজাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিয়মবোৰ ৰজাৰ ক্ষেত্ৰত লঘু হৈ পৰা দেখা যায়৷ কিন্তু ব্যতিক্ৰম হ’ল ব্ৰিটেইন৷ 

যান-বাহন নিয়ম উলংঘা কৰাৰ বাবে এইবাৰ ব্ৰিটেইনৰ আটাইতকৈ শক্তিশালী ব্যক্তিজন অৰ্থাৎ প্ৰধানমন্ত্ৰীয়েই ভৰিব লগীয়া হ’ল জৰিমনা৷  প্ৰধানমন্ত্ৰী ঋষি ছুনাকে চলন্ত বাহনত বহি ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’ বনোৱাৰ সময়ত ছীটবেল্ট। ব্যৱহাৰ কৰা নাছিল৷ এইবাবেই যান-বাহন আৰক্ষীৰ ৰোষত পৰিল  প্ৰধানমন্ত্ৰীগৰাকী৷

অৱশ্যে ,  প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছে৷ লগতে তেওঁ স্পষ্টকৈ কৈছে যে , এয়া তেওঁৰ ভুল আছিল। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যৰ বাবে  ক্ষমাও বিচাৰে৷ 

 ব্ৰিটেইনত ছীটবেল্ট ব্যৱহাৰ নকৰিলে এজন  যাত্ৰীয়ে ১০০ পাউণ্ডৰ জৰিমনা ভৰিব লাগিব। আনহাতে এই গোচৰ আদালতৰ মজিয়া পায় তেন্তে এই জৰিমনাৰ পৰিমাণ ৫০০ পাউণ্ডলৈ বৃদ্ধি হ’ব পাৰে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক যাত্ৰাৰ সময়ত গাড়ীৰ ভিতৰত ছচিয়েল মিডিয়াৰ বাবে ভিডিঅ’ প্ৰস্তুত কৰিছিল। গাড়ীৰ পিছৰ ছীটত বহি ভিডিঅ’ প্ৰস্তুত কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগোৱা নাছিল ছীটবেল্ট।

উল্লেখযোগ্য যে, ছুনাকৰ ওপৰত এইয়াই প্ৰথম জৰিমনা নহয়৷ ইয়াৰ পূৰ্বেও বিগত বৰ্ষত তেওঁ তৎকালীন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে কোভিড লকডাউনৰ নিয়ম ভংগ কৰিছিল। এতিয়া আইন ৰক্ষকেই এনেদৰে আইন ভংগ  কৰি বাতৰিৰ শিৰোনামা দখল কৰাৰ লগতে কিছু সমালোচনাৰো সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী৷ 


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে