--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনী জটিলতাত পৰিছে 'জলি এল এল বি ৩'। অক্ষয় কুমাৰ অভিনীত ছবিৰ বিৰুদ্ধে ন্যায় ব্যৱস্থাক বিকৃত কৰাৰ অভিযোগ উঠিছে। আজমেৰৰ জিলা উকীল সন্থাৰ সভাপতি চন্দ্ৰভানে ছবিখনৰ পৰিচালক, প্ৰযোজক আৰু অভিনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগতে ছবিখনৰ শ্বুটিং আপাততঃ স্থগিত ৰখাৰ বাবেও অনুৰোধ জনায়। 

তেওঁৰ অনুমান যে পূৰ্বৰ দুখন ছবিত ভাৰতীয় ন্যায়পালিকাক যিদৰে টাৰ্গেট কৰা হৈছে, তৃতীয়খন ছবিও বেলেগ নহ’ব। তেওঁ ভাবে যে ছবিখনত উকীল বা ন্যায়াধীশক যিদৰে দেখুওৱা হৈছে, তাৰ বাস্তৱৰ লগত কোনো সাদৃশ্য নাই। তেওঁৰ মতে, এনে ছবিয়ে ভাৰতীয় আইন বা ন্যায়িক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে। গতিকে এই অভিযোগৰ খবৰ পোৱা গৈছে।

উকীলক লাথি মাৰি, লাঠিৰে খেদি খেদি বা বিচাৰকৰ গুটকা খোৱাৰ দৰে দৃশ্যৰে আদালতৰ মৰ্যাদা ক্ষুণ্ণ হৈ পৰিছে। আদালতলৈ জাননী প্ৰেৰণৰ বাবে অনুৰোধ জনাইছে আজমেৰ জিলা উকীল সন্থাই। সূত্ৰ অনুসৰি এই গোচৰটো মঙলবাৰে আদালতত উত্থাপন কৰা হ’ব।

ইফালে আজমেৰত অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছীয়ে শ্বুটিং অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু