--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইনী জটিলতাত পৰিছে 'জলি এল এল বি ৩'। অক্ষয় কুমাৰ অভিনীত ছবিৰ বিৰুদ্ধে ন্যায় ব্যৱস্থাক বিকৃত কৰাৰ অভিযোগ উঠিছে। আজমেৰৰ জিলা উকীল সন্থাৰ সভাপতি চন্দ্ৰভানে ছবিখনৰ পৰিচালক, প্ৰযোজক আৰু অভিনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগতে ছবিখনৰ শ্বুটিং আপাততঃ স্থগিত ৰখাৰ বাবেও অনুৰোধ জনায়। 

তেওঁৰ অনুমান যে পূৰ্বৰ দুখন ছবিত ভাৰতীয় ন্যায়পালিকাক যিদৰে টাৰ্গেট কৰা হৈছে, তৃতীয়খন ছবিও বেলেগ নহ’ব। তেওঁ ভাবে যে ছবিখনত উকীল বা ন্যায়াধীশক যিদৰে দেখুওৱা হৈছে, তাৰ বাস্তৱৰ লগত কোনো সাদৃশ্য নাই। তেওঁৰ মতে, এনে ছবিয়ে ভাৰতীয় আইন বা ন্যায়িক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে। গতিকে এই অভিযোগৰ খবৰ পোৱা গৈছে।

উকীলক লাথি মাৰি, লাঠিৰে খেদি খেদি বা বিচাৰকৰ গুটকা খোৱাৰ দৰে দৃশ্যৰে আদালতৰ মৰ্যাদা ক্ষুণ্ণ হৈ পৰিছে। আদালতলৈ জাননী প্ৰেৰণৰ বাবে অনুৰোধ জনাইছে আজমেৰ জিলা উকীল সন্থাই। সূত্ৰ অনুসৰি এই গোচৰটো মঙলবাৰে আদালতত উত্থাপন কৰা হ’ব।

ইফালে আজমেৰত অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছীয়ে শ্বুটিং অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ