--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক ছবি ‘লাহোৰ ১৯৪৭’ৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰী প্ৰীতি জিন্টা। ইয়াৰ উপৰিও আই পি এলত নিজৰ দল ‘পাঞ্জাব কিংছ’ক সহায় কৰিও কিছু সময় কটাবলগীয়া হৈছে অভিনেত্ৰীগৰাকীয়ে। তাৰমাজতে অনুৰাগীৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়।

এটা সময়ত প্ৰীতিয়ে বলীউডৰ তাৰকা শ্বাহৰুখ খান আৰু ছলমান খানৰ সৈতে কেইবাখনো ছবিত টিম আপ কৰিছিল। শ্বাহৰুখ বা ছলমানৰ বিপৰীতে তেওঁক আকৌ দেখা পোৱা যাবনে? এনে প্ৰশ্ন অনুৰাগীৰ পৰা আহে। শ্বাহৰুখৰ সৈতে টিম আপ কৰাৰ কথা কওঁতে প্ৰীতিয়ে কয়, ‘যেতিয়া আমি এটা অতি ভাল চিত্ৰনাট্য পাম, য’ত কেৱল আমি দুয়োজনেহে অভিনয় কৰিব পাৰিব, তেতিয়া আমি একেলগে কাম কৰিম। তেতিয়ালৈকে আমি অপেক্ষা কৰিব লাগিব।"

প্ৰীতি আৰু শ্বাহৰুখে একেলগে অভিনয় কৰিছে ‘কবি আলভিদা না কেহনা’, ‘বীৰ জাৰা’, ‘দিল ছে’ আদি ছবিত। বলীউডৰ ৰজাৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয়, ‘শ্বাহৰুখ এজন অতি প্ৰতিভাশালী অভিনেতা। ইয়াৰ বাহিৰেও সহ অভিনেতা হিচাপে তেওঁ অতি উদাৰ আৰু ধেমেলীয়া। ‘দিল ছে’ ছবিখনৰ সময়ত তেওঁৰ পৰা বহু কথা শিকিলোঁ৷’’

আন এজন অনুৰাগীয়ে ছলমানৰ বিষয়ে সুধিলে। অনুৰাগীৰ প্ৰশ্ন, “ছলমান ভাইৰ বিপৰীতে আপোনাক পুনৰ পৰ্দাত চাব বিচাৰিম। কোনো সুযোগ আছেনে?” প্ৰীতিৰ উত্তৰ, “চিত্ৰনাট্য ভাল হ’লে সকলো সম্ভৱ”। ছলমানৰ সৈতে প্ৰীতিৰ যোৰা লগোৱাটো এসময়ত এক উত্তপ্ত বিষয় আছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে ছলমানৰ বিপৰীতে তেওঁৰ প্ৰিয় ছবি ‘চোৰী চোৰী চুপকে চুপকে’। লগতে প্ৰীতি-ছালমান যুটি দেখা গৈছিল ‘হৰ দিল জো প্যাৰ কৰিগা’, ‘জান-ই-মন’ত।

কাকতলীয়াকৈ ক’বলৈ গ’লে ‘লাহোৰ ১৯৪৭’ ছবিখনৰ জৰিয়তে অভিনেত্ৰী হিচাপে বলীউডলৈ ঘূৰি আহিবলৈ ওলাইছে প্ৰীতি জিন্টা। পাৰ্টিচনৰ পটভূমিত নিৰ্মিত এই ছবিখনত প্ৰীতিৰ বিপৰীতে অভিনয় কৰিছে অভিনেতা ছানী দেওলে। শেহতীয়াকৈ প্ৰীতিয়ে এই ছবিখনৰ শ্বুটিংৰ কিছু দৃশ্য তেওঁৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ