--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক ছবি ‘লাহোৰ ১৯৪৭’ৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰী প্ৰীতি জিন্টা। ইয়াৰ উপৰিও আই পি এলত নিজৰ দল ‘পাঞ্জাব কিংছ’ক সহায় কৰিও কিছু সময় কটাবলগীয়া হৈছে অভিনেত্ৰীগৰাকীয়ে। তাৰমাজতে অনুৰাগীৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়।

এটা সময়ত প্ৰীতিয়ে বলীউডৰ তাৰকা শ্বাহৰুখ খান আৰু ছলমান খানৰ সৈতে কেইবাখনো ছবিত টিম আপ কৰিছিল। শ্বাহৰুখ বা ছলমানৰ বিপৰীতে তেওঁক আকৌ দেখা পোৱা যাবনে? এনে প্ৰশ্ন অনুৰাগীৰ পৰা আহে। শ্বাহৰুখৰ সৈতে টিম আপ কৰাৰ কথা কওঁতে প্ৰীতিয়ে কয়, ‘যেতিয়া আমি এটা অতি ভাল চিত্ৰনাট্য পাম, য’ত কেৱল আমি দুয়োজনেহে অভিনয় কৰিব পাৰিব, তেতিয়া আমি একেলগে কাম কৰিম। তেতিয়ালৈকে আমি অপেক্ষা কৰিব লাগিব।"

প্ৰীতি আৰু শ্বাহৰুখে একেলগে অভিনয় কৰিছে ‘কবি আলভিদা না কেহনা’, ‘বীৰ জাৰা’, ‘দিল ছে’ আদি ছবিত। বলীউডৰ ৰজাৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয়, ‘শ্বাহৰুখ এজন অতি প্ৰতিভাশালী অভিনেতা। ইয়াৰ বাহিৰেও সহ অভিনেতা হিচাপে তেওঁ অতি উদাৰ আৰু ধেমেলীয়া। ‘দিল ছে’ ছবিখনৰ সময়ত তেওঁৰ পৰা বহু কথা শিকিলোঁ৷’’

আন এজন অনুৰাগীয়ে ছলমানৰ বিষয়ে সুধিলে। অনুৰাগীৰ প্ৰশ্ন, “ছলমান ভাইৰ বিপৰীতে আপোনাক পুনৰ পৰ্দাত চাব বিচাৰিম। কোনো সুযোগ আছেনে?” প্ৰীতিৰ উত্তৰ, “চিত্ৰনাট্য ভাল হ’লে সকলো সম্ভৱ”। ছলমানৰ সৈতে প্ৰীতিৰ যোৰা লগোৱাটো এসময়ত এক উত্তপ্ত বিষয় আছিল। অভিনেত্ৰীগৰাকীয়ে কয় যে ছলমানৰ বিপৰীতে তেওঁৰ প্ৰিয় ছবি ‘চোৰী চোৰী চুপকে চুপকে’। লগতে প্ৰীতি-ছালমান যুটি দেখা গৈছিল ‘হৰ দিল জো প্যাৰ কৰিগা’, ‘জান-ই-মন’ত।

কাকতলীয়াকৈ ক’বলৈ গ’লে ‘লাহোৰ ১৯৪৭’ ছবিখনৰ জৰিয়তে অভিনেত্ৰী হিচাপে বলীউডলৈ ঘূৰি আহিবলৈ ওলাইছে প্ৰীতি জিন্টা। পাৰ্টিচনৰ পটভূমিত নিৰ্মিত এই ছবিখনত প্ৰীতিৰ বিপৰীতে অভিনয় কৰিছে অভিনেতা ছানী দেওলে। শেহতীয়াকৈ প্ৰীতিয়ে এই ছবিখনৰ শ্বুটিংৰ কিছু দৃশ্য তেওঁৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু