--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ত অনুমোদন জনায় । এই সপ্তাহতে সংসদত গৃহীত হোৱা মুছলিম ৱাকফ (বাতিল) বিধেয়ক ২০২৫ৰ প্ৰতিও ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মতি প্ৰদান কৰিছে । 

শনিবাৰে জাৰি কৰা আইন মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে দুয়োখন বিধেয়কত সন্মতি দিছে । ইতিমধ্যে সংসদৰ দুয়োখন সদনত গৃহীত হৈছে বিধেয়ক দুখন । অধিসূচনাত উল্লেখ আছে যে সংসদৰ তলত দিয়া আইনখনে ২০২৫ চনৰ ৫ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে আৰু সাধাৰণ তথ্যৰ বাবে প্ৰকাশ কৰা হৈছে: ৱাকফ (সংশোধনী) আইন-২০২৫ ।

সংসদে এই বিধেয়কখন শুকুৰবাৰে অনুমোদন জনাইছিল । ১৩ ঘণ্টাৰো অধিক সময় ধৰি চলা বিতৰ্কৰ অন্তত ৰাজ্যসভাই এই বিধেয়কখনক অনুমোদন জনাইছিল । কিন্তু আলোচনাৰ সময়ত বিৰোধী দলসমূহে বিধেয়কখনক ‘মুছলমান বিৰোধী’ আৰু ‘অসাংবিধানিক’ বুলি অভিহিত কৰি এই সন্দৰ্ভত তীব্ৰ আপত্তি উত্থাপন কৰিছিল । চৰকাৰে উত্তৰ দিছিল যে এই ঐতিহাসিক সংস্কাৰে সংখ্যালঘু জনগোষ্ঠীক উপকৃত কৰিব ।

এই বিধেয়কখন বৃহস্পতিবাৰে লোকসভাত গৃহীত হয়, য’ত ২৮৮ জন সদস্যই সমৰ্থন কৰাৰ বিপৰীতে ২৩২ জন সদস্যই বিৰোধিতা কৰে । ৰাজ্যসভাই দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ৯৫টা ভোটৰ বিপৰীতে ১২৮টা ভোটত ৱাকফ সংশোধনী বিধেয়ক, ২০২৫ত অনুমোদন জনাইছিল ।
WAQF ACT

উল্লেখযোগ্য যে ১২ ঘণ্টীয়া আলোচনাৰ অন্তত ৩ এপ্ৰিলৰ ৰাতি ২ বজাত লোক সভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হৈছিল। 

এই বিধেয়ক সন্দৰ্ভত চৰকাৰে দাবী কৰে যে এইখন গৃহীত হ’লে দেশৰ দৰিদ্ৰ আৰু পাছমাণ্ডা মুছলমানসকলৰ লগতে এই সম্প্ৰদায়ৰ মহিলাসকলৰ অৱস্থা উন্নত কৰাত সহায়ক হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প