--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ত অনুমোদন জনায় । এই সপ্তাহতে সংসদত গৃহীত হোৱা মুছলিম ৱাকফ (বাতিল) বিধেয়ক ২০২৫ৰ প্ৰতিও ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মতি প্ৰদান কৰিছে । 

শনিবাৰে জাৰি কৰা আইন মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে দুয়োখন বিধেয়কত সন্মতি দিছে । ইতিমধ্যে সংসদৰ দুয়োখন সদনত গৃহীত হৈছে বিধেয়ক দুখন । অধিসূচনাত উল্লেখ আছে যে সংসদৰ তলত দিয়া আইনখনে ২০২৫ চনৰ ৫ এপ্ৰিলত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে আৰু সাধাৰণ তথ্যৰ বাবে প্ৰকাশ কৰা হৈছে: ৱাকফ (সংশোধনী) আইন-২০২৫ ।

সংসদে এই বিধেয়কখন শুকুৰবাৰে অনুমোদন জনাইছিল । ১৩ ঘণ্টাৰো অধিক সময় ধৰি চলা বিতৰ্কৰ অন্তত ৰাজ্যসভাই এই বিধেয়কখনক অনুমোদন জনাইছিল । কিন্তু আলোচনাৰ সময়ত বিৰোধী দলসমূহে বিধেয়কখনক ‘মুছলমান বিৰোধী’ আৰু ‘অসাংবিধানিক’ বুলি অভিহিত কৰি এই সন্দৰ্ভত তীব্ৰ আপত্তি উত্থাপন কৰিছিল । চৰকাৰে উত্তৰ দিছিল যে এই ঐতিহাসিক সংস্কাৰে সংখ্যালঘু জনগোষ্ঠীক উপকৃত কৰিব ।

এই বিধেয়কখন বৃহস্পতিবাৰে লোকসভাত গৃহীত হয়, য’ত ২৮৮ জন সদস্যই সমৰ্থন কৰাৰ বিপৰীতে ২৩২ জন সদস্যই বিৰোধিতা কৰে । ৰাজ্যসভাই দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত ৯৫টা ভোটৰ বিপৰীতে ১২৮টা ভোটত ৱাকফ সংশোধনী বিধেয়ক, ২০২৫ত অনুমোদন জনাইছিল ।
WAQF ACT

উল্লেখযোগ্য যে ১২ ঘণ্টীয়া আলোচনাৰ অন্তত ৩ এপ্ৰিলৰ ৰাতি ২ বজাত লোক সভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হৈছিল। 

এই বিধেয়ক সন্দৰ্ভত চৰকাৰে দাবী কৰে যে এইখন গৃহীত হ’লে দেশৰ দৰিদ্ৰ আৰু পাছমাণ্ডা মুছলমানসকলৰ লগতে এই সম্প্ৰদায়ৰ মহিলাসকলৰ অৱস্থা উন্নত কৰাত সহায়ক হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক