--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে গুজৰাটৰ জামনগৰ। আজি কুঁৱাৰ পৰা এগৰাকী মহিলাৰ লগতে তেওঁৰ চাৰি সন্তানৰ নিথৰ দেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। 

মৃত মহিলাগৰাকী ভানুবেন জিবাভাই তৰিয়া বুলি জানিব পৰা গৈছে । তেওঁৰ চাৰি সন্তান ক্ৰমে আয়ুষ, আজু, আনন্দী আৰু হৃত্বিক। চাৰিওটা  সন্তানৰ বয়স ৩-১০ বছৰৰ ভিতৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

আজি পুৱা পাঁচজনকে কুঁৱাৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে । লগে লগে আটাইকেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে পাঁচোজনক মৃত ঘোষণা কৰে। এতিয়া প্ৰশ্ন হয় কিয় চাৰি সন্তানক লৈ এইদৰে মহিলাগৰাকীয়ে কুঁৱাত জাঁপ দিলে। এয়া‌ হত্যা নে আত্মহত্যা। 

ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিয়াল আৰু গাঁওবাসীৰ সৈতে কথা পাতি তথ্য আহৰণৰ চেষ্টা চলাইছে । মহিলাগৰাকীৰ আত্মীয় মুংগাভাই তৰিয়াই দাবী কৰিছে যে কেইবাদিনো ধৰি ভানুবেনৰ পৰিয়ালটো আৰ্থিক সংকটত পৰিছিল। ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে পৰ্যাপ্ত ধন সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়ে আত্মীয় লোকে দাবী কৰে যে মানসিক বিষণ্ণতাৰ বাবেই এই চৰম সিদ্ধান্ত বাছি ল'লে মহিলাগৰাকীয়ে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক