--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে গুজৰাটৰ জামনগৰ। আজি কুঁৱাৰ পৰা এগৰাকী মহিলাৰ লগতে তেওঁৰ চাৰি সন্তানৰ নিথৰ দেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে। 

মৃত মহিলাগৰাকী ভানুবেন জিবাভাই তৰিয়া বুলি জানিব পৰা গৈছে । তেওঁৰ চাৰি সন্তান ক্ৰমে আয়ুষ, আজু, আনন্দী আৰু হৃত্বিক। চাৰিওটা  সন্তানৰ বয়স ৩-১০ বছৰৰ ভিতৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

আজি পুৱা পাঁচজনকে কুঁৱাৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে । লগে লগে আটাইকেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে পাঁচোজনক মৃত ঘোষণা কৰে। এতিয়া প্ৰশ্ন হয় কিয় চাৰি সন্তানক লৈ এইদৰে মহিলাগৰাকীয়ে কুঁৱাত জাঁপ দিলে। এয়া‌ হত্যা নে আত্মহত্যা। 

ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিয়াল আৰু গাঁওবাসীৰ সৈতে কথা পাতি তথ্য আহৰণৰ চেষ্টা চলাইছে । মহিলাগৰাকীৰ আত্মীয় মুংগাভাই তৰিয়াই দাবী কৰিছে যে কেইবাদিনো ধৰি ভানুবেনৰ পৰিয়ালটো আৰ্থিক সংকটত পৰিছিল। ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে পৰ্যাপ্ত ধন সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাছিল। সেয়ে আত্মীয় লোকে দাবী কৰে যে মানসিক বিষণ্ণতাৰ বাবেই এই চৰম সিদ্ধান্ত বাছি ল'লে মহিলাগৰাকীয়ে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ