--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু দুদিনীয়া ভ্রমণসূচীৰে অসম ভ্রমণলৈ আহিব। একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ২৪ আৰু ২৫ এপ্রিলত অসমলৈ আহিব। ২৪ এপ্রিলত তেওঁ গুৱাহাটীত উপস্থিত হ'ব। তেওঁ ২৫ এপ্রিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্রদান অনুষ্ঠানত অংশগ্রহণ কৰিব। 

উল্লেখযোগ্য যে সেই বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা দেশৰ প্ৰখ্যাত নৃত্য বিশাৰদ সোণাল মানসিঙলৈ আগবঢ়োৱা হৈছে। অসম চৰকাৰে ২০২৪ চনৰ আগষ্ট মাহত এই বঁটা ঘোষণা কৰিছিল। ২৫ এপ্রিলত তেওঁক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি মুর্মুরে এই বঁটা প্রদান কৰিব। একেদিনাই ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহতো অংশগ্রহণ কৰিব। ৰাষ্ট্ৰপতিৰ অসম ভ্রমণ সন্দৰ্ভত আজি জনতা ভৱনৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত প্ৰাৰম্ভিক প্রস্তুতিৰ বিষয়ে এক আলোচনাত মিলিত হয়। 

ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই বৈঠকত মিলিত হৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্রদান অনুষ্ঠানত বৈষ্ণৱ সংস্কৃতিৰ সমাহাৰ প্ৰতিফলিত কৰাৰ লগতে প্রতিটো কাৰ্যসূচী যাতে নিয়াৰিকৈ সম্পন্ন হয় সেই দিশত বিশেষভাৱে দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিভাগক যাৱতীয় নির্দেশ দিয়ে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক