--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি হৈ যোৱা আই পি এলৰ ১০০০তম মেচখনত মাইলৰ খুঁটি স্পৰ্শ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। দেওবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ৩৬ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে টি-২০ ক্ৰিকেটত ৩০০ উইকেট দখল কৰাৰ নজিৰ গঢ়ে৷

অশ্বিন টি-২০ ক্ৰিকেটত ৩০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। অশ্বিনৰ সতীৰ্থ যুজবেন্দ্ৰ চাহাল এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বলাৰ।

দেওবাৰে মুম্বাইৰ বিৰুদ্ধে ২৭ ৰানেৰে ২টা উইকেট দখল কৰে অশ্বিনে। ঈশান কিষাণ (২৮) আৰু কেমেৰন গ্ৰীণক (৪৪) আউট কৰে। এই মেচৰ পূৰ্বে টি-২০ ক্ৰিকেটত অশ্বিনৰ উইকেটৰ সংখ্যা আছিল ২৯৮। গ্ৰীণক আউট কৰি ৩০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হয় প্ৰবীণ অফ স্পিনাৰগৰাকীয়ে।

২০ অভাৰৰ ৩০৫ সংখ্যক মেচত তেওঁ এই মাইলৰ খুঁটি স্পৰ্শ কৰে। আনহাতে ২৭৩ খন টি-২০ মেচত চাহালে ৩১১ টা উইকেট দখল কৰিছে।

আনহাতে, দেওবাৰে আই পি এলৰ ১৯৩ সংখ্যক মেচ খেলে অশ্বিন। আই পি এলত তেওঁ লাভ কৰা উইকেট ১৭০টা। স্পৰ্শ কৰিলে শ্ৰীলংকাৰ প্ৰাক্তন বেগী বলাৰ লসিথ মালিংগাৰ অভিলেখ। আই পি এলত উইকেট লোৱাৰ ক্ষেত্ৰত মালিংগাৰ সৈতে যৌথভাৱে তৃতীয় স্থানত আছে অশ্বিন। তেওঁলোকৰ লগতে আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্পিনাৰ অমিত মিশ্ৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ স্পিনাৰ পিযুষ চাওলা।

এই তালিকাৰ শীৰ্ষত আছে ড্ৱেইন ব্ৰাভো। আই পি এলত তেওঁৰ উইকেটৰ সংখ্যা ১৮৩ জন। দ্বিতীয় স্থানত আছে চাহাল। তেওঁ এই পৰ্যন্ত ১৭৮টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে