--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি হৈ যোৱা আই পি এলৰ ১০০০তম মেচখনত মাইলৰ খুঁটি স্পৰ্শ কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। দেওবাৰে মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত ৩৬ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে টি-২০ ক্ৰিকেটত ৩০০ উইকেট দখল কৰাৰ নজিৰ গঢ়ে৷

অশ্বিন টি-২০ ক্ৰিকেটত ৩০০ উইকেট দখল কৰা দ্বিতীয়জন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। অশ্বিনৰ সতীৰ্থ যুজবেন্দ্ৰ চাহাল এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বলাৰ।

দেওবাৰে মুম্বাইৰ বিৰুদ্ধে ২৭ ৰানেৰে ২টা উইকেট দখল কৰে অশ্বিনে। ঈশান কিষাণ (২৮) আৰু কেমেৰন গ্ৰীণক (৪৪) আউট কৰে। এই মেচৰ পূৰ্বে টি-২০ ক্ৰিকেটত অশ্বিনৰ উইকেটৰ সংখ্যা আছিল ২৯৮। গ্ৰীণক আউট কৰি ৩০০ উইকেটৰ মাইলৰ খুঁটিত উপনীত হয় প্ৰবীণ অফ স্পিনাৰগৰাকীয়ে।

২০ অভাৰৰ ৩০৫ সংখ্যক মেচত তেওঁ এই মাইলৰ খুঁটি স্পৰ্শ কৰে। আনহাতে ২৭৩ খন টি-২০ মেচত চাহালে ৩১১ টা উইকেট দখল কৰিছে।

আনহাতে, দেওবাৰে আই পি এলৰ ১৯৩ সংখ্যক মেচ খেলে অশ্বিন। আই পি এলত তেওঁ লাভ কৰা উইকেট ১৭০টা। স্পৰ্শ কৰিলে শ্ৰীলংকাৰ প্ৰাক্তন বেগী বলাৰ লসিথ মালিংগাৰ অভিলেখ। আই পি এলত উইকেট লোৱাৰ ক্ষেত্ৰত মালিংগাৰ সৈতে যৌথভাৱে তৃতীয় স্থানত আছে অশ্বিন। তেওঁলোকৰ লগতে আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ স্পিনাৰ অমিত মিশ্ৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ স্পিনাৰ পিযুষ চাওলা।

এই তালিকাৰ শীৰ্ষত আছে ড্ৱেইন ব্ৰাভো। আই পি এলত তেওঁৰ উইকেটৰ সংখ্যা ১৮৩ জন। দ্বিতীয় স্থানত আছে চাহাল। তেওঁ এই পৰ্যন্ত ১৭৮টা উইকেট দখল কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ