--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬২টা বলত ১২৪ ৰান। দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দূৰ্দান্ত ইনিংছ খেলে ৰাজস্থান ৰয়েলছৰ তৰুণ অপেনাৰ যশস্বী জয়ছোৱালে৷ জানো আহক ক্ৰিকেটাৰগৰাকীৰ সংগ্ৰামৰ বিষয়ে৷

ক্ৰিকেটৰ খেলপথাৰত যশস্বীৰ সংগ্ৰাম সাধুকথাৰ দৰে। উত্তৰ প্ৰদেশৰ বাদোহী জিলাৰ সূৰিয়া অঞ্চলত জন্মগ্ৰহণ কৰিছিল যশস্বীয়ে। পিতৃ ভূপেন্দ্ৰই আগতে ৰং বিক্ৰী কৰিছিল। মাক কাঞ্চনে ব্যক্তিগত বিদ্যালয়ত পঢ়ুৱাইছিল। চাৰিটা সন্তান ডাঙৰ-দীঘল কৰাৰ পিছত যশস্বীক ক্ৰিকেটাৰ কৰি তোলাৰ খৰচ বহন কৰাটো অসম্ভৱ হৈ পৰিছিল। দহ বছৰ বয়সত যশস্বীক মুম্বাইলৈ পঠিয়াই দিয়া হয়৷ তেওঁৰ সপোন আছিল ক্ৰিকেটাৰ হোৱাৰ।

মুম্বাইলৈ আহি প্ৰথমে দোকান এখনত কাম কৰিছিল জীৱন নিৰ্বাহৰ বাবে।  প্ৰতিদিনে নিয়মিতভাৱে ব্যায়াম কৰিছিল। অনুশীলনৰ বাবে ইমান সময় উচৰ্গা কৰিলে যে দোকানৰ কাম বাবে সময় নোহোৱা হৈ পৰিল৷ সেয়ে দোকানখনৰ কাম হেৰায়৷ কিন্তু অনুশীলন বন্ধ নহ’ল।

সপোন পূৰণ কৰিবলৈ টকাৰ প্ৰয়োজন। মুম্বাইৰ আদাজ ময়দানত তেওঁ গোলগাপ্পা বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। কাৰো ওচৰত ভিক্ষা বিচৰা নাছিল।  জীৱনত স্বাধীনতা পোৱাৰ আনন্দৰ লগে লগে যশৱীৰৰ ক্ৰিকেটৰ অনুসন্ধান বাঢ়ি গ’ল। এজন শ্ৰমিকৰ লগত চিনাকি হৈ তেওঁৰ তম্বুতে ৰাতি কটোৱা কৰিলে। তম্বুটোত বিজুলী নাছিল, খোৱাপানীও নাছিল। কিন্তু ক্ৰিকেটাৰ হোৱাৰ সপোন আছিল মাথোঁ।

তাৰমাজতে যশস্বৱীয়ে হঠাতে জনপ্ৰিয় ক্ৰিকেট প্ৰশিক্ষক জ্বালা সিঙৰ দৃষ্টি আকৰ্ষণ কৰে। জীৱনৰ গতিপথ ঘূৰি যায়। জ্বালাই তাক নিজৰ ঘৰলৈ লৈ আহিল। হ’বলগা পত্নী বন্দনাক কয় যে এই ল’ৰাটোক নিজৰ ল’ৰাৰ দৰে ডাঙৰ-দীঘল কৰা উচিত। জ্বালাই যশস্বীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। সেইটোৱেই আৰম্ভণি। ইয়াৰ পাছত পিছলৈ ঘূৰি চাব নালাগিল।

জ্বালাক যশস্বীয়ে প্ৰথমে মাথোঁ কৈছিল- “ছাৰ, মই আৰু একো কৰিব নোৱাৰো। মই কেৱল ক্ৰিকেট খেলিব পাৰো। তোমাৰ সকলো কাম মই কৰিম। তুমি যি কবা মই কৰিম। ঘৰ চাফা কৰি জোতা পলিচ কৰিম। মাত্ৰ মোক ক্ৰিকেট খেলিবলৈ দিয়ক।'’

মুম্বাইৰ ছান্টাক্ৰুজত জ্বালা সিঙৰ নিজা একাডেমী আছে। যশস্বীয়ে তাৰ পিছত তাতেই নিজৰ সপোন খেদা আৰম্ভ কৰিলে। তেওঁৰ এই প্ৰচেষ্টা বিফল নহ’ল।

২০১৫ চনত স্কুল ক্ৰিকেটত তেওঁ ৩১৯ ৰান সংগ্ৰহ আৰু ৯৯ ৰাণ খৰচ কৰি ১৩টা উইকেট লাভ কৰি লিমকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে। সুযোগ আহে ভাৰতৰ ১৬ বছৰ অনুৰ্ধ দললৈ। লাহে লাহে ১৯ বছৰ অনুৰ্ধ দলতো স্থান দখল কৰে।

তাৰ পিছত ২০২০ চনত যুৱ বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হয়। প্ৰতিযোগিতাখনত ৪০০ ৰান সংগ্ৰহ কৰে৷ গড়ে ১৩৩ ৰান। মেচ বিজয়ী শতক আৰু ছেমি ফাইনেলত চাৰিটা অৰ্ধশতকৰ অবিশ্বাস্য ধাৰা অব্যাহত ৰাখে।

যশস্বীয়ে এই ধাৰাবাহিকতা বজাই ৰাখিব বিচাৰে। মেন অৱ দ্য মেচৰ বঁটা লাভ কৰি তৰুণ ক্ৰিকেটাৰগৰাকীয়ে কয়- “আপুনি মাত্ৰ যি বিচাৰে তাকে পাবলৈ কঠোৰ পৰিশ্ৰম কৰক। আপুনি ফলাফল পাবই৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি