--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰ চি বি বনাম আৰ আৰ আই পি এল ২০২৪ এলিমিনেটৰৰ পূৰ্বে আহমেদাবাদৰ পৰা আহিছিল কিছু চাঞ্চল্যকৰ খবৰ। এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰাপত্তাৰ চিন্তাৰ বাবে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে নকআউট মেচ আৰম্ভ হোৱাৰ পূৰ্বে একমাত্ৰ অনুশীলন বাতিল কৰিবলগীয়া হৈছিল। 

বাংলা দৈনিক কাকত আনন্দ বজাৰ পত্ৰিকাত প্ৰকাশিত এক বাতৰি অনুসৰি বিৰাট কোহলীৰ নিৰাপত্তাক লৈ এই সমস্যাৰ উদ্ভৱ হোৱাত আৰ চি বিয়ে অনুশীলন ত্যাগ কৰে। বুধবাৰে এলিমিনেটৰৰ পূৰ্বে মঙলবাৰে আহমেদাবাদৰ গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰিবলগীয়া আছিল যদিও সূচী অনুসৰি আগবাঢ়িব নোৱাৰিলে।

এবিপিৰ প্ৰতিবেদন অনুসৰি গুজৰাট আৰক্ষীয়ে ইংগিত দিয়ে যে অনুশীলন অধিবেশন আৰু সংবাদমেল বাতিলৰ আঁৰৰ প্ৰধান কাৰণ বিৰাটৰ নিৰাপত্তা। লগতে আৰক্ষীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত আহমেদাবাদৰ পৰা ৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

এতিয়া টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ এজন শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি উন্মোচিত হোৱা কাণ্ডসমূহৰ এক বেলেগ সংস্কৰণ দিয়া হৈছে।

"কোনো সন্ত্ৰাসৰ ভাবুকি নাছিল। আমি ৰাজস্থান ৰয়েলছ আৰু আৰ চি বি দুয়োটা দলে গুজৰাট কলেজ খেলপথাৰত অনুশীলন কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰ চি বিয়ে বিয়লি ২ বজাৰ পৰা ৫ বজালৈ অনুশীলন কৰাৰ কথা আছিল, তাৰ আগতে তেওঁলোকে ৩-৬ বজালৈ সলনি কৰিছিল, কিয়নো পোহৰ ভাল আছিল৷ আহমেদাবাদত গ্ৰীষ্মকালত সন্ধিয়া ৬.৩০ বজালৈকে। অৱশ্যে ৰাজস্থান ৰয়েলছে সন্ধিয়া ৩.৩০ৰ পৰা ৬.৩০ বজালৈ গুজৰাট কলেজ খেলপথাৰত নিজৰ সম্পূৰ্ণ দলৰ সৈতে অনুশীলন কৰে।’-গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ সম্পাদক অনিল পেটেলে এইদৰে কয়।

"আৰচিবিয়ে মহানগৰীত প্ৰচলিত গৰমৰ বাবে তেওঁলোকৰ অনুশীলন অধিবেশন এৰি দিলে। আমি আৰচিবিক কৈছিলোঁ যে তেওঁলোকে তাত থকা ইনড'ৰ প্ৰেকটিছৰ সুবিধা, বা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ইনড'ৰ ফেচিলিটিত ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে আৰচিবিয়ে অনুশীলন কৰিব বিচৰা নাছিল গৰমৰ বাবে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ