--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৌতম গম্ভীৰে ২০১২ আৰু ২০১৪ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক হিচাপে আই পি এলত জয়লাভ কৰিছিল। শ্বাহৰুখ খানে এই বছৰ তেওঁক গুৰু হিচাপে ঘূৰাই আনিছে।  এইবাৰ শ্বাহৰুখক তেওঁ দেখা শ্ৰেষ্ঠ মালিক বুলি অভিহিত কৰে।

মালিক শ্বাহৰুখৰ সৈতে থকা সম্পৰ্কৰ কথা কয় গম্ভীৰ। এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয় - ''শ্বাহৰুখৰ সৈতে মোৰ এক ডাঙৰ সম্পৰ্ক আছে। মই কাম কৰা সকলো মালিকৰ ভিতৰত শ্বাহৰুখ শ্ৰেষ্ঠ। তেওঁ নম্ৰ আৰু ভদ্ৰ হোৱাৰ বাবেই এই কথা কোৱা নাই। আন বহু কাৰণ আছে। খেলপথাৰত সকলো সমান। ইয়াত কোনো ৰিটেক নাই। চিনেমাখনত যদি ভুল হয় তেন্তে শুধৰণিৰ সুযোগ আছে। কিন্তু ক্ৰিকেটত যদি ভুল শ্বট খেলে, বা বেয়া বল বল কৰে, তেন্তে সেইটো আউণ্ড কৰিব নোৱাৰি। ইয়াত ৰিটেক নাই।”

ইয়াৰ পূৰ্বে গম্ভীৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ গুৰু আছিল। সেই দলটোৰ মালিক সঞ্জীৱ গোৱেংকা। যোৱা বুধবাৰে হায়দৰাবাদৰ বিৰুদ্ধে ছানৰাইজাৰ্ছৰ পৰাজয়ৰ পিছত তেওঁ খেলপথাৰত লক্ষ্ণৌৰ অধিনায়ক লোকেশ ৰাহুলক ধমক দিয়ে। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰে। গোৱেংকাক সমালোচনা কৰা হৈছিল। যোৱা বছৰ গম্ভীৰ সেই দলত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ