--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ আই পি এলত বিৰাট কোহলীয়ে এই পৰ্যন্ত ৬৩৪ ৰান সংগ্ৰহ কৰিছে। সৰ্বাধিক ৰান সংগ্ৰহৰ বাবে তেওঁ কমলা ৰঙৰ টুপিৰ মালিক। কিন্তু তাৰ পিছতো কোহলীৰ ষ্ট্ৰাইক ৰেটৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ তেওঁৰ বন্ধু এ বি ডি ভিলিয়েৰ্ছে এই বিষয়ে মন্তব্য কৰিছে।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’যোগে ডি ভিলিয়াৰ্ছে এই কথা মুকলিকৈ কয়। তেওঁ কয়, ‘বিৰাটৰ ষ্ট্ৰাইক ৰেটক লৈ প্ৰশ্ন উত্থাপন হৈছে। এইবোৰ মোৰ বিৰক্তি লাগিছে। গতিকে মই আৰু মৌন হৈ থাকিব নোৱাৰিলোঁ।’’

 কিছুদিন পূৰ্বে বিৰাটে নিজেই কৈছিল যে খেলপথাৰৰ বাহিৰত বহি কোনোবাই কি কয় তাক গুৰুত্ব নিদিয়ে। তেওঁ কেৱল নিজৰ খেলতহে গুৰুত্ব দিয়ে। সমালোচকসকলৰ ক্ৰিকেটৰ জ্ঞানক লৈও প্ৰশ্ন উত্থাপন কৰে ডি ভিলিয়াৰ্ছে।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘যেতিয়া ক্ৰিকেটৰ বিষয়ে একো নজনা লোকে বিৰাটৰ দৰে কাৰোবাক সমালোচনা কৰে তেতিয়া মই আচৰিত হওঁ। তেওঁৰ ষ্ট্ৰাইক ৰেটৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাসকলক সুধিব বিচাৰিছো, আপুনি কিমান মেচ খেলিছে? আই পি এলত কিমান শতক আছে? প্ৰথমে খেলপথাৰলৈ আহক, তেতিয়া বুজিব হেঁচাত ৰান কৰাটো কিমান কঠিন। বিৰাটে বছৰ বছৰ ধৰি তেনেকুৱা কৰি আহিছে।”

আই পি এলত দীৰ্ঘদিন ধৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ একেলগে খেলিছিল এই যুটিয়ে। খেলপথাৰৰ বাহিৰতো তেওঁলোকৰ বন্ধুত্ব ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু