--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ আই পি এলত বিৰাট কোহলীয়ে এই পৰ্যন্ত ৬৩৪ ৰান সংগ্ৰহ কৰিছে। সৰ্বাধিক ৰান সংগ্ৰহৰ বাবে তেওঁ কমলা ৰঙৰ টুপিৰ মালিক। কিন্তু তাৰ পিছতো কোহলীৰ ষ্ট্ৰাইক ৰেটৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। এইবাৰ তেওঁৰ বন্ধু এ বি ডি ভিলিয়েৰ্ছে এই বিষয়ে মন্তব্য কৰিছে।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’যোগে ডি ভিলিয়াৰ্ছে এই কথা মুকলিকৈ কয়। তেওঁ কয়, ‘বিৰাটৰ ষ্ট্ৰাইক ৰেটক লৈ প্ৰশ্ন উত্থাপন হৈছে। এইবোৰ মোৰ বিৰক্তি লাগিছে। গতিকে মই আৰু মৌন হৈ থাকিব নোৱাৰিলোঁ।’’

 কিছুদিন পূৰ্বে বিৰাটে নিজেই কৈছিল যে খেলপথাৰৰ বাহিৰত বহি কোনোবাই কি কয় তাক গুৰুত্ব নিদিয়ে। তেওঁ কেৱল নিজৰ খেলতহে গুৰুত্ব দিয়ে। সমালোচকসকলৰ ক্ৰিকেটৰ জ্ঞানক লৈও প্ৰশ্ন উত্থাপন কৰে ডি ভিলিয়াৰ্ছে।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘যেতিয়া ক্ৰিকেটৰ বিষয়ে একো নজনা লোকে বিৰাটৰ দৰে কাৰোবাক সমালোচনা কৰে তেতিয়া মই আচৰিত হওঁ। তেওঁৰ ষ্ট্ৰাইক ৰেটৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাসকলক সুধিব বিচাৰিছো, আপুনি কিমান মেচ খেলিছে? আই পি এলত কিমান শতক আছে? প্ৰথমে খেলপথাৰলৈ আহক, তেতিয়া বুজিব হেঁচাত ৰান কৰাটো কিমান কঠিন। বিৰাটে বছৰ বছৰ ধৰি তেনেকুৱা কৰি আহিছে।”

আই পি এলত দীৰ্ঘদিন ধৰি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ হৈ একেলগে খেলিছিল এই যুটিয়ে। খেলপথাৰৰ বাহিৰতো তেওঁলোকৰ বন্ধুত্ব ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ