--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে বিগত দুবছৰ ধৰি চৌদি আৰৱত খেলি আহিছে৷ আল নাছেৰৰ হৈ তেওঁৰ প্ৰদৰ্শন বেয়া নহয়। ইফালে ৰোনাল্ডো ইউৰোপীয় ফুটবললৈ ঘূৰি আহিব পাৰে বুলি জনা গৈছে। তেওঁ চেম্পিয়নছ লীগত খেলিব বিচাৰে। ইতিমধ্যে বন্ধুৰ ক্লাবে তেওঁক নিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে।

চূড়ান্ত পৰ্যায়ত উপনীত হৈছে চেম্পিয়নছ লীগৰ ছিজন। ফাইনেলত খেলিব ৰোনাল্ডোৰ প্ৰাক্তন ক্লাব ৰিয়েল মাদ্রিদে। প্ৰতিদ্বন্দ্বী বৰুছিয়া ডৰ্টমুণ্ড। অহা ছিজনৰ চেম্পিয়নছ লীগ আৰম্ভ হোৱাৰ পূৰ্বে গ্ৰীষ্মকালীন উইণ্ডোত ৰোনাল্ডোক ক্ৰয় কৰিবলৈ বিচাৰিছে বায়াৰ লেভাৰকুচেনে। এই জাৰ্মান ক্লাবটোৱে এই ছিজনত বুণ্ডেছলিগা জয়লাভ কৰে। একেৰাহে ৪৩খন মেচত অপৰাজিত হৈ বায়াৰ্ন মিউনিখ, ডৰ্টমুণ্ডৰ দৰে দলক পিছ পৰি ৰৈ জাৰ্মানীৰ চেম্পিয়ন হৈ পৰিছে।

এই ক্লাবৰ প্ৰশিক্ষক হৈছে জাভি এল’নছ’। এসময়ত তেওঁ ৰিয়েল মাদ্রিদত ৰোনাল্ডোৰ সতীর্থ আছিল৷ দুয়োৰে মাজৰ সম্পৰ্ক যথেষ্ট ভাল। সেইবাবেই ৰোনাল্ডোৱে জাৰ্মান ক্লাবত যোগদান কৰিব পাৰে।

ৰোনাল্ডো, আল নাছেৰ বা লেভাৰকুচেনে এতিয়াও একো কোৱা নাই যদিও ছৌদি সাংবাদিক এজনে দাবী কৰিছে যে ৰোনাল্ডোৰ সৈতে লেভাৰকুচেনৰ আলোচনাত বহু অগ্ৰগতি হৈছে। চেম্পিয়নছ লীগ খেলাৰ আগ্ৰহেৰেহে চি আৰ ৭ সেই ক্লাবলৈ যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ