--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল শেষ হোৱাৰ পিছতহে আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। ইয়াৰ পূৰ্বে শ্ৰীলংকা আৰু বাংলাদেশে নিজৰ ক্ৰিকেটাৰক প্ৰত্যাহাৰ কৰিছে। প্লে অফৰ পূৰ্বে আৰু বহু ক্ৰিকেটাৰ ঘূৰি যাব।

আই পি এলৰ মাজতে দল এৰি যোৱাৰ ধাৰণাটো সুনীল গাভাস্কৰে ভাল নাপায়। ফ্ৰেঞ্চাইজিসকলক সংশ্লিষ্ট ক্ৰিকেটাৰসকলৰ দৰমহা কৰ্তন কৰিবলৈ দাবী জনাইছে।

ফিল ছল্ট, আন্দ্ৰে ৰাছেলে কেকেআৰক আইপিএল প্লে অফলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছল্টৰ আৰম্ভণি ভাল হোৱাৰ লগে লগে ৰাছেলে বেট আৰু বলৰ জৰিয়তে অৰিহণা যোগাইছিল। অৱশ্যে কলকাতাই হয়তো এই দুগৰাকী গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰক প্লে অফত নাপাব। টি-২০ বিশ্বকাপৰ পূর্বে প্রস্তুতিৰ বাবে তেওঁলোকে হয়তো দেশলৈ উভতি আহিব লাগিব৷

কাকতৰ স্তম্ভত গাওস্কাৰে লিখিছে, ‘দেশৰ হৈ খেলা ক্ৰিকেটাৰক অগ্ৰাধিকাৰ দিয়াত মই বিশ্বাস কৰোঁ। কিন্তু তেওঁলোকে নিজৰ ফ্ৰেঞ্চাইজিৰ সৈতে গোটেই ছিজনটো থাকিবলৈ চুক্তিবদ্ধ হৈছে। যদি তেওঁলোকে এতিয়াই গুচি যায় তেন্তে তেওঁলোকৰ দলটো বিপদত পৰিব। দেশৰ হৈ কেইটামান ছিজন খেলাৰ বাবে যিখিনি পায় তাতকৈ এবছৰত ফ্ৰেঞ্চাইজিসমূহে তেওঁলোকক অধিক ধন দিয়ে।’

গাওস্কাৰে লগতে কয়, “ফ্ৰেঞ্চাইজিয়ে ক্ৰিকেটাৰসকলক দিয়া দৰমহাৰ ভাল অংশ কৰ্তন কৰিব লাগে। কেৱল সেয়াই নহয়, বিদেশী ক্ৰিকেটাৰ খেলাৰ বাবে তেওঁলোকৰ ব’ৰ্ডে যি ১০ শতাংশ মাচুল দিয়ে, সেই মাচুল দিব নালাগে।’

গাওস্কাৰৰ মতে, কেৱল ক্ৰিকেটাৰসকলেই নহয়, বিদেশী ব’ৰ্ডকো টকা উপাৰ্জন কৰাত বাধা দিব লাগে, যাতে তেওঁলোকে ভৱিষ্যতে এনে কাম নকৰে।

তেওঁ লিখিছে, ‘ব’ৰ্ডকো শাস্তি দিয়া উচিত। ১০ শতাংশ কমিচন কেৱল আই পি এলতহে। আৰু ক’তো নাই। ব’ৰ্ডে কৰা কামৰ বাবে কেতিয়াবা কোনোবাই ধন্যবাদ জনাইছেনে?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু