--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল শেষ হোৱাৰ পিছতহে আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। ইয়াৰ পূৰ্বে শ্ৰীলংকা আৰু বাংলাদেশে নিজৰ ক্ৰিকেটাৰক প্ৰত্যাহাৰ কৰিছে। প্লে অফৰ পূৰ্বে আৰু বহু ক্ৰিকেটাৰ ঘূৰি যাব।

আই পি এলৰ মাজতে দল এৰি যোৱাৰ ধাৰণাটো সুনীল গাভাস্কৰে ভাল নাপায়। ফ্ৰেঞ্চাইজিসকলক সংশ্লিষ্ট ক্ৰিকেটাৰসকলৰ দৰমহা কৰ্তন কৰিবলৈ দাবী জনাইছে।

ফিল ছল্ট, আন্দ্ৰে ৰাছেলে কেকেআৰক আইপিএল প্লে অফলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছল্টৰ আৰম্ভণি ভাল হোৱাৰ লগে লগে ৰাছেলে বেট আৰু বলৰ জৰিয়তে অৰিহণা যোগাইছিল। অৱশ্যে কলকাতাই হয়তো এই দুগৰাকী গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰক প্লে অফত নাপাব। টি-২০ বিশ্বকাপৰ পূর্বে প্রস্তুতিৰ বাবে তেওঁলোকে হয়তো দেশলৈ উভতি আহিব লাগিব৷

কাকতৰ স্তম্ভত গাওস্কাৰে লিখিছে, ‘দেশৰ হৈ খেলা ক্ৰিকেটাৰক অগ্ৰাধিকাৰ দিয়াত মই বিশ্বাস কৰোঁ। কিন্তু তেওঁলোকে নিজৰ ফ্ৰেঞ্চাইজিৰ সৈতে গোটেই ছিজনটো থাকিবলৈ চুক্তিবদ্ধ হৈছে। যদি তেওঁলোকে এতিয়াই গুচি যায় তেন্তে তেওঁলোকৰ দলটো বিপদত পৰিব। দেশৰ হৈ কেইটামান ছিজন খেলাৰ বাবে যিখিনি পায় তাতকৈ এবছৰত ফ্ৰেঞ্চাইজিসমূহে তেওঁলোকক অধিক ধন দিয়ে।’

গাওস্কাৰে লগতে কয়, “ফ্ৰেঞ্চাইজিয়ে ক্ৰিকেটাৰসকলক দিয়া দৰমহাৰ ভাল অংশ কৰ্তন কৰিব লাগে। কেৱল সেয়াই নহয়, বিদেশী ক্ৰিকেটাৰ খেলাৰ বাবে তেওঁলোকৰ ব’ৰ্ডে যি ১০ শতাংশ মাচুল দিয়ে, সেই মাচুল দিব নালাগে।’

গাওস্কাৰৰ মতে, কেৱল ক্ৰিকেটাৰসকলেই নহয়, বিদেশী ব’ৰ্ডকো টকা উপাৰ্জন কৰাত বাধা দিব লাগে, যাতে তেওঁলোকে ভৱিষ্যতে এনে কাম নকৰে।

তেওঁ লিখিছে, ‘ব’ৰ্ডকো শাস্তি দিয়া উচিত। ১০ শতাংশ কমিচন কেৱল আই পি এলতহে। আৰু ক’তো নাই। ব’ৰ্ডে কৰা কামৰ বাবে কেতিয়াবা কোনোবাই ধন্যবাদ জনাইছেনে?”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ