--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফৰ্মলৈ উভতি আহিল ৰোহিত শৰ্মা। ঘৰুৱা ক্ষেত্ৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৪৯ ৰান সংগ্ৰহ কৰে। ৰোহিতে ১ ৰানৰ বাবে অৰ্ধ শতক অৰ্জনৰ পৰা বঞ্চিত হয়। ইয়াৰ পিছতো মুম্বাইৰ বেটছমেনগৰাকীয়ে বিৰাট কোহলীক স্পৰ্শ কৰে।

আই পি এলত দিল্লীৰ বিৰুদ্ধে মাত্ৰ দুজন বেটছমেনেহে ১০০০ ৰানৰো অধিক ৰান সংগ্ৰহ কৰিছে। সেই তালিকাত ইমান দিনে বিৰাট অকলে আছিল। এইবাৰ যোগদান কৰিলে ৰোহিতে। দিল্লীৰ বিৰুদ্ধে আই পি এলত বিৰাটে ১০৩০ ৰান সংগ্ৰহ কৰে। দ্বিতীয় স্থানত আছে ৰোহিত। দিল্লীৰ বিৰুদ্ধে তেওঁৰ ৰান আছিল ১০১৯ ৰান।

এই মেচখনৰ প্ৰথম বলৰ পৰাই ৰোহিতৰ অগ্নিময় মেজাজ আছিল। তেওঁ ডাঙৰ ডাঙৰ শ্বট মাৰি আছিল। পেচাৰ, স্পিনাৰে কাকো ৰেহাই দিয়া নাছিল। পাৱাৰ প্লে ব্যৱহাৰ কৰি তেওঁ ডাঙৰ ডাঙৰ শ্বট মাৰি আছিল। ৰোহিতে পছন্দৰ পুল শ্বট খেলাও দেখা গৈছে। এনে লাগিছিল যেন এই মেচত তেওঁ অৰ্ধশতক অৰ্জন কৰিব। কিন্তু ২৭টা বলত ৪৯ ৰান কৰাৰ পাছত অক্ষৰ পেটেলৰ বলৰ লাইন মিছ কৰি বল কৰা হয়। ৰোহিতে ৬টা চাৰি আৰু তিনিটা ছয় কৰে।

চলিত আই পি এলৰ প্ৰথম চাৰিখন খেলত ৰোহিতে ১১৮ ৰান সংগ্ৰহ কৰে। তেওঁ গড়ে ২৯.৫০ ৰান আৰু ১৭১.০১ ষ্ট্ৰাইক ৰেট লাভ কৰে। অৱশ্যে মুম্বাইৰ বেটছমেনসকলে এটাও অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। এই মেচখনত তেওঁ সৰ্বাধিক ৪৯ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ