--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ-গুজৰাট টাইটানছৰ খেলখন বৃহস্পতিবাৰে বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে। শুকুৰবাৰে হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে হায়দৰাবাদৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘গলী ক্ৰিকেট’ খেলে।

শুবমান গিলৰ দলৰ বিৰুদ্ধে খেলখন পৰাস্ত হ’লেও হায়দৰাবাদ আই পি এল প্লে অফৰ তৃতীয় দল হিচাপে পৰিগণিত হয়। স্বাভাৱিকতে হায়দৰাবাদ শিবিৰৰ আমেজ উত্তাল। কেপ্তেইন কামিন্সৰ মেজাজো লঘু। 

শুকুৰবাৰে হায়দৰাবাদৰ এখন সাধাৰণ খেলপথাৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাৰ সৈতে টেনিছ বলত ক্ৰিকেট খেলি থকা দেখা গৈছিল। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে বেটিং কৰা দেখা গৈছিল। ক্ৰিকেট প্ৰেমীৰ মাজত ভাইৰেল হৈ পৰিছে কামিন্সৰ খেলৰ ভিডিঅ’। হায়দৰাবাদৰ অধিনায়কগৰাকীৰ বাবেও নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।

আই পি এলত এতিয়ালৈকে খেলা ১৩খন মেচত ১৫ পইণ্ট সংগ্ৰহ কৰিছে হায়দৰাবাদে। লীগত তেওঁলোকৰ অন্তিমখন খেল দেওবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে। সেই মেচখনত জয়ী হ’লে কামিন্সৰ দলটোৱে ১৭ পইণ্ট লাভ কৰিব। আনহাতে, লীগৰ অন্তিমখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হ’লে ১৬ পইণ্টত আবদ্ধ হৈ থাকিব সঞ্জু চেমছন। তেনে ক্ষেত্ৰত হায়দৰাবাদে লীগৰ দ্বিতীয় স্থান লাভ কৰিব। ২১ মে’ত প্ৰথমখন কোৱালিফায়াৰত কেকেআৰৰ বিৰুদ্ধে খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু