--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ ছানৰাইজাৰ্ছ হায়দৰাবাদ-গুজৰাট টাইটানছৰ খেলখন বৃহস্পতিবাৰে বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰে। শুকুৰবাৰে হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে হায়দৰাবাদৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘গলী ক্ৰিকেট’ খেলে।

শুবমান গিলৰ দলৰ বিৰুদ্ধে খেলখন পৰাস্ত হ’লেও হায়দৰাবাদ আই পি এল প্লে অফৰ তৃতীয় দল হিচাপে পৰিগণিত হয়। স্বাভাৱিকতে হায়দৰাবাদ শিবিৰৰ আমেজ উত্তাল। কেপ্তেইন কামিন্সৰ মেজাজো লঘু। 

শুকুৰবাৰে হায়দৰাবাদৰ এখন সাধাৰণ খেলপথাৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দল এটাৰ সৈতে টেনিছ বলত ক্ৰিকেট খেলি থকা দেখা গৈছিল। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে বেটিং কৰা দেখা গৈছিল। ক্ৰিকেট প্ৰেমীৰ মাজত ভাইৰেল হৈ পৰিছে কামিন্সৰ খেলৰ ভিডিঅ’। হায়দৰাবাদৰ অধিনায়কগৰাকীৰ বাবেও নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।

আই পি এলত এতিয়ালৈকে খেলা ১৩খন মেচত ১৫ পইণ্ট সংগ্ৰহ কৰিছে হায়দৰাবাদে। লীগত তেওঁলোকৰ অন্তিমখন খেল দেওবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে। সেই মেচখনত জয়ী হ’লে কামিন্সৰ দলটোৱে ১৭ পইণ্ট লাভ কৰিব। আনহাতে, লীগৰ অন্তিমখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হ’লে ১৬ পইণ্টত আবদ্ধ হৈ থাকিব সঞ্জু চেমছন। তেনে ক্ষেত্ৰত হায়দৰাবাদে লীগৰ দ্বিতীয় স্থান লাভ কৰিব। ২১ মে’ত প্ৰথমখন কোৱালিফায়াৰত কেকেআৰৰ বিৰুদ্ধে খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ