--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ পিছত জিৰণি লোৱাৰ বিশেষ সুযোগ নাই ৰোহিত শৰ্মাৰ। ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। ২৬ মে’ত আই পি এলৰ ফাইনেলৰ পাছত ভাৰতীয় দলৰ সকলো ক্ৰিকেটাৰে আমেৰিকালৈ গৈ বিশ্বকাপ খেলিব পাৰিব। ইয়াৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাই ২৫ মে’ত কেইজনমান সতীৰ্থৰ সৈতে বিশ্বকাপ খেলিবলৈ যাব।

টি-২০ বিশ্বকাপ দলৰ ক্ৰিকেটাৰ দুবাৰকৈ আমেৰিকালৈ যাব। ইতিমধ্যে আই পি এলৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। একেদৰে ২৫ মে’ত দেশ এৰি যাব ৰোহিতে। তেওঁৰ সৈতে আন দুই এজন ক্ৰিকেটাৰে আমেৰিকালৈ যোৱা বিমানত উঠিব। বিচিচিআইৰ এজন বিষয়াই কয় যে, "ৰোহিতৰ উপৰিও হাৰ্দিক পাণ্ডিয়া, সূৰ্য্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহ, ঋষভ পন্ত, আৰাশদীপ সিং, অক্ষৰ পেটেল ২৫ মে'ত আমেৰিকালৈ যাব। সেইদিনা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বাকী সহযোগী কৰ্মচাৰীসকলো যাব।’’ বিচিচিআইৰ সূত্ৰ অনুসৰি বিশ্বকাপ দলৰ বাকী ক্ৰিকেটাৰসকল অহা ২৭ মে’ত আমেৰিকালৈ যাব।

প্ৰথমতে ঠিকেই আছিল, আই পি এলৰ লীগ পৰ্যায় শেষ হোৱাৰ দুদিন পিছত ২১ মে’ত ৰোহিতক আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব। টি-২০ বিশ্বকাপ দলত আই পি এল প্লে অফত খেলিব নোৱাৰা ক্ৰিকেটাৰসকল আউট হ’ব। সেই পৰিকল্পনা পিছলৈ সলনি কৰা হ’ল। টি-২০ বিশ্বকাপৰ পূর্বে ভাৰতৰ ৱাৰ্ম আপ মেচ৷ ১ জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিব ৰোহিতে। গতিকে ব’ৰ্ডৰ নেতাসকলে ৰোহিতক পৰিয়ালৰ সৈতে কিছুদিন কটাবলৈ সুযোগ দিব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ