--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ পিছত জিৰণি লোৱাৰ বিশেষ সুযোগ নাই ৰোহিত শৰ্মাৰ। ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। ২৬ মে’ত আই পি এলৰ ফাইনেলৰ পাছত ভাৰতীয় দলৰ সকলো ক্ৰিকেটাৰে আমেৰিকালৈ গৈ বিশ্বকাপ খেলিব পাৰিব। ইয়াৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাই ২৫ মে’ত কেইজনমান সতীৰ্থৰ সৈতে বিশ্বকাপ খেলিবলৈ যাব।

টি-২০ বিশ্বকাপ দলৰ ক্ৰিকেটাৰ দুবাৰকৈ আমেৰিকালৈ যাব। ইতিমধ্যে আই পি এলৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। একেদৰে ২৫ মে’ত দেশ এৰি যাব ৰোহিতে। তেওঁৰ সৈতে আন দুই এজন ক্ৰিকেটাৰে আমেৰিকালৈ যোৱা বিমানত উঠিব। বিচিচিআইৰ এজন বিষয়াই কয় যে, "ৰোহিতৰ উপৰিও হাৰ্দিক পাণ্ডিয়া, সূৰ্য্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহ, ঋষভ পন্ত, আৰাশদীপ সিং, অক্ষৰ পেটেল ২৫ মে'ত আমেৰিকালৈ যাব। সেইদিনা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু বাকী সহযোগী কৰ্মচাৰীসকলো যাব।’’ বিচিচিআইৰ সূত্ৰ অনুসৰি বিশ্বকাপ দলৰ বাকী ক্ৰিকেটাৰসকল অহা ২৭ মে’ত আমেৰিকালৈ যাব।

প্ৰথমতে ঠিকেই আছিল, আই পি এলৰ লীগ পৰ্যায় শেষ হোৱাৰ দুদিন পিছত ২১ মে’ত ৰোহিতক আমেৰিকালৈ প্ৰেৰণ কৰা হ’ব। টি-২০ বিশ্বকাপ দলত আই পি এল প্লে অফত খেলিব নোৱাৰা ক্ৰিকেটাৰসকল আউট হ’ব। সেই পৰিকল্পনা পিছলৈ সলনি কৰা হ’ল। টি-২০ বিশ্বকাপৰ পূর্বে ভাৰতৰ ৱাৰ্ম আপ মেচ৷ ১ জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিব ৰোহিতে। গতিকে ব’ৰ্ডৰ নেতাসকলে ৰোহিতক পৰিয়ালৰ সৈতে কিছুদিন কটাবলৈ সুযোগ দিব বিচাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু