--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনত চেন্নাই ছুপাৰ কিংছৰ নেতৃত্বৰ পৰা পদত্যাগ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ৰবীন্দ্ৰ জাদেজাক অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। সেইবাৰ আই পি এলৰ মাজভাগত চি এছ কে কৰ্তৃপক্ষৰ সৈতে জাদেজাৰ সমস্যাৰ বাবে ধোনীক পুনৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। পুনৰ সেই বছৰ ৰুতুৰাজ গাইকৱাদক দলৰ নেতৃত্ব ল’বলৈ সাজু হ’বলৈ কোৱা হৈছিল। ধোনীয়ে নিজেই এটা বাৰ্তা দিলে ৰুতুৰাজক।

আই পি এল ২০২৩তো ধোনীয়ে নেতৃত্ব দিছিল চেন্নাইক। তেওঁ দলীয় চেম্পিয়নো কৰি তুলিছিল। কিন্তু পৰ্দাৰ আঁৰৰ কাম কৰা হ’ল পৰৱৰ্তী অধিনায়কক প্ৰস্তুত কৰিবলৈ। জাডেজা আৰু চেন্নাই কৰ্তৃপক্ষৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ দায়িত্ব ধোণীয়ে ল’লে যদিও তেওঁক পুনৰ অধিনায়ক কৰাৰ কথা নাভাবিলে। কাৰণ ২০২২ চনৰ অশান্তিৰ পিছতহে তেওঁ ৰুতুৰাজক বাৰ্তা দিছিল। ৰুতুৰাজ বনাবলৈ তেওঁ নিজৰ ওপৰত ল’লে। চি এছ কেৰ অধিনায়কে নিজেই তেনেকৈয়ে কৈছিল।

ৰুতুৰাজে কয়, ‘২০২২ চনৰ সেই দিনটো মোৰ এতিয়াও মনত আছে। যিদিনা মোক প্ৰথমবাৰৰ বাবে নেতৃত্বৰ কথা কোৱা হৈছিল। কোৱা হয়, ‘অহা বছৰ নহয়, হয়তো তেতিয়াৰ পৰা তুমি নেতৃত্ব দিব লাগিব। তেনেকৈয়ে নিজকে প্ৰস্তুত কৰা।  তেতিয়াৰ পৰাই মই নিজৰ ধৰণেৰে প্ৰস্তুতি চলাবলৈ ধৰিলোঁ। মোৰ ওচৰলৈ অহা নেতৃত্বৰ কথা, বা আন কাৰোবাক বাছি লোৱাৰ কথা মই সঁচাকৈয়ে ভবা নাছিলো। দলৰ পৰা কোৱা কথাবোৰ শুনিলোঁ।"

নেতৃত্বৰ কথা কোনে প্ৰথমে কৈছিল? ৰুতুৰাজে ক'লে, "সঁচা কথা ক'বলৈ গ'লে ধোনি ভাইয়ে মোক প্ৰথমে কৈছিল। তেতিয়া বেছি কথা নাছিল। অতি সাধাৰণ আলোচনাৰ সময়ত তেওঁ এই কথা কৈছিল। ধোনী ভাইটিয়ে আগবাঢ়ি আহি প্ৰেকটিছৰ মাজতে এদিন মোক ক'লে। শুনি ভাল লাগিল। একে সময়তে ধোনিৰ দৰে ক্ৰিকেটাৰৰ জোতাত ভৰি দিয়াটোও মনলৈ আহিল। প্ৰথম অৱস্থাত মই মাত্ৰ ভাবিছিলো, দায়িত্ব পালে ইমান দিনে দলৰ সংস্কৃতি বজাই ৰাখিবলৈ চেষ্টা কৰিম।"

ৰুতুৰাজে ভবিষ্যতে ধোনীয়ে দেখুওৱা পথ অনুসৰণ কৰিব বিচাৰে। যেতিয়ালৈকে ধোনীয়ে খেলিব তেতিয়ালৈকে খেলপথাৰতো তেওঁৰ পৰামৰ্শ ল’ব। তেওঁ নেতৃত্বৰ উন্নত পাঠ ল’ব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ