--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ পূৰ্বে কোনো ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে জেক ফ্ৰেজাৰ-মেকগাৰ্ক নাম শুনিছিল নেকি সেয়া কোৱা টান। এইগৰাকী অষ্ট্ৰেলিয়ান বেটছমেনে দেশৰ হৈ দুখন এদিনীয়া মেচ খেলিলেও বিশেষ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে। আই পি এল খেলিবলৈ অহাৰ আগতে ফ্ৰেজাৰে অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটতো ৰান লাভ কৰা নাছিল। তেওঁ শনিবাৰে দিল্লী কেপিটেলছৰ বাবে ধুমুহাৰ সৃষ্টি কৰে।

শুকুৰবাৰে চতুৰ্থ অভাৰত ৱাৰ্নাৰ আউট হয়। কিন্তু সেয়া ফ্ৰেজাৰৰ বাবে ভাগ্যৰ কথা আছিল। সোঁহাতৰ আজী বেটাৰে ৩৫টা বলত ৫৫ ৰানৰ ফোহা ইনিংছ খেলিছিল। পাঁচটা ছয় মাৰিলে। 

২২ বছৰীয়া ফ্ৰেজাৰ প্ৰথমবাৰৰ বাবে আই পি এল খেলিবলৈ আহিছে। শুকুৰবাৰে তেওঁ প্ৰথমখন মেচ খেলিছিল। সেই মেচখনত তেওঁ দৃষ্টি আকৰ্ষণ কৰিছিল। ফ্ৰেজাৰৰ ৫৫ ৰানৰ ইনিংছৰ ওপৰত নিৰ্ভৰ কৰি দিল্লীয়ে জয়ৰ পথ সহজ কৰি তুলিলে। মিচেল মাৰ্ছে হয়তো নিজৰ ইনিংছৰ পিছত বেঞ্চত বহিব লাগিব।

ফ্ৰেজাৰে এনে ইনিংছ খেলাটো প্ৰথম নহয়। অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেটত তেওঁ ২৯ বলত শতক অৰ্জন কৰে। সেইটোৱেই হৈছে লিষ্ট এ ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক। তাছমেনিয়াৰ বিৰুদ্ধে দক্ষিণ অষ্ট্ৰেলিয়াৰ হৈ ফ্ৰেজাৰৰ ইনিংছটো ইয়াৰ প্ৰতিক্ৰিয়া আছিল। বহুতে ৱাৰ্নাৰৰ খেলৰ সৈতে সাদৃশ্য দেখিছে। ফ্ৰেজাৰে আক্ৰমণাত্মকভাৱে বেটিং কৰি ভাল পায়।

২২ বছৰীয়া ফ্ৰেজাৰ এতিয়া কেৱল দিল্লীৰ আশাই নহয়, অষ্ট্ৰেলিয়াৰো আশা। আগবাঢ়ি আছে টি-২০ বিশ্বকাপ। ফ্ৰেজাৰৰ দৰে বেটছমেন দলত থাকিলেও তেওঁলোকে লাভৱান হ’ব। ৱাৰ্নাৰৰ পিছৰ যুগত ফ্ৰেজাৰ হ’ব পাৰে অষ্ট্ৰেলিয়াৰ নতুন নায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু