--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংগালুৰু খেলপথাৰত আন্দ্ৰে ৰাছেলে অভিলেখ গঢ়িছিল। শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে ২৯ ৰানেৰে ২টা উইকেট দখল কৰে। ২০০০ ৰান আৰু ১০০ উইকেটৰে আই পি এলৰ ইতিহাসত দ্বিতীয়জন অল ৰাউণ্ডাৰ হ’ল ৰাছেল।

আৰচিবিৰ বিৰুদ্ধে প্ৰথমে বলিং কৰে কেকেআৰে। তেওঁলোকে বেংগালুৰুক ১৮২ ৰানত সীমাবদ্ধ কৰি ৰাখে। ৰাছেলে ৪ অভাৰত ২৯ ৰান সংগ্ৰহ কৰি ২ উইকেট দখল কৰে। তাৰ লগতে তেওঁ আই পি এলত ১০০টা উইকেট দখল কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ পূৰ্বে ৰাছেলে দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ)ৰ হৈ খেলিছিল। দুয়োটা দলৰ মাজত আই পি এলত ১১৪খন খেলত ৰাছেলে ২৩২৬ ৰান সংগ্ৰহ কৰি ১০০ উইকেট দখল কৰে। যদি তেওঁ আৰু এটা উইকেট লয় তেন্তে তেওঁ কেৱল কে কে আৰৰ বাবে ১০০ উইকেট সম্পূৰ্ণ কৰিব।

ৰাছেলৰ বাহিৰে আন এজন ক্ৰিকেটাৰেহে আই পি এলত ২০০০ ৰান আৰু ১০০ উইকেট দখল কৰিছে। তেওঁ হৈছে চেন্নাই ছুপাৰ কিংছৰ ৰবীন্দ্ৰ জাডেজা। ৰাজস্থান ৰয়েলছ, কোচি টাস্কাৰছ, গুজৰাট লায়ন্সৰ হৈও খেলিছিল। জাদেজাই ২২৮খন খেলত ২৭২৪ ৰান সংগ্ৰহ কৰে। লগতে ১৫২টা উইকেট দখল কৰে।

এই খেলখনত বিৰাট কোহলীৰ ৮৩ ৰানৰ ওপৰত আৰচিবিয়ে ১৮২ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ১৯টা বল বাকী থকা অৱস্থাত কেকেআৰে মেচখনত জয়লাভ কৰে। সুনীল নাৰিনে ২২টা বলত ৪৭ ৰান সংগ্ৰহ কৰি অ’পেন কৰে। তেওঁৰ শক্তিশালী ইনিংছৰ ভিত্তিত কেকেআৰে আৰম্ভণিতে খেলখন নিজৰ হাতত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ