--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সদস্য দীপক শৰ্মাক দুগৰাকী মহিলা খেলুৱৈক হাৰাশাস্তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গোৱা আৰক্ষীয়ে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিৰ সদস্য দীপক শৰ্মাক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে দুগৰাকী মহিলা খেলুৱৈক শাৰীৰিক নিৰ্যাতন চলোৱাৰ  অভিযোগ উত্থাপন হৈছে। ভাৰতীয় মহিলা ফুটবল লীগৰ (আইডব্লিউএফএল) দ্বিতীয় বিভাগত অংশগ্ৰহণ কৰিবলৈ অহা হিমাচল প্ৰদেশৰ খাদ এফ চিৰ দুগৰাকী  ফুটবলাৰে এই অভিযোগ উত্থাপন কৰিছে। 

তেওঁলোকে  কৈছে  যে  শৰ্মাই ২৮ মাৰ্চৰ নিশা  তেওঁলোকৰ  কোঠাত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকক আক্ৰমণ কৰিছিল। অৱশ্যে, খেলুৱৈৰ এটা দলে দাবী কৰিছে  যে শৰ্মা নিৰ্দোষী ।উপ আৰক্ষী অধীক্ষক সন্দেশ চোদংকাৰে কয়, "আনুষ্ঠানিক অভিযোগ পোৱাৰ পিছত এআইএফএফৰ কাৰ্যকৰী সমিতিৰ সদস্য দীপক শৰ্মাক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল।" মাপুচা আৰক্ষীয়ে  মহিলাৰ বিৰুদ্ধে বল প্ৰয়োগ কৰাৰ বাবে শৰ্মাক গ্ৰেপ্তাৰ কৰে। মাপুচা আৰক্ষী থানাৰ পৰিদৰ্শক শীতাকান্ত নায়েকে কয়  যে শৰ্মাক  দেওবাৰে আদালতত হাজিৰ কৰা হ'ব।

জিএফএৰ সভাপতি কেটানো ফাৰ্ণাণ্ডেজে কয়  যে সংস্থাটোৱে খেলুৱৈসকলক মাপুচা আৰক্ষী থানাত অভিযোগ দাখিল কৰাত সহায় কৰিছিল। শৰ্মা হিমাচল প্ৰদেশ ফুটবল সংস্থাৰ সাধাৰণ সম্পাদকো। ইফালে, এফ চি খাৰৰ মহিলা খেলুৱৈৰ এটা দলে শৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি দাবী কৰিছে। যেতিয়া শৰ্মাক মাপুচা আৰক্ষীয়ে চিকিৎসা পৰীক্ষাৰ বাবে লৈ গৈছিল মহিলা খেলুৱৈৰ এটা দলে কান্দি থকা দেখা গৈছিল আৰু তেওঁলোকে সংবাদ মাধ্যমক শৰ্মাৰ  ভিডিঅ' গ্ৰহণ নকৰিবলৈও কৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ