--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সদস্য দীপক শৰ্মাক দুগৰাকী মহিলা খেলুৱৈক হাৰাশাস্তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গোৱা আৰক্ষীয়ে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিৰ সদস্য দীপক শৰ্মাক গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে দুগৰাকী মহিলা খেলুৱৈক শাৰীৰিক নিৰ্যাতন চলোৱাৰ  অভিযোগ উত্থাপন হৈছে। ভাৰতীয় মহিলা ফুটবল লীগৰ (আইডব্লিউএফএল) দ্বিতীয় বিভাগত অংশগ্ৰহণ কৰিবলৈ অহা হিমাচল প্ৰদেশৰ খাদ এফ চিৰ দুগৰাকী  ফুটবলাৰে এই অভিযোগ উত্থাপন কৰিছে। 

তেওঁলোকে  কৈছে  যে  শৰ্মাই ২৮ মাৰ্চৰ নিশা  তেওঁলোকৰ  কোঠাত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকক আক্ৰমণ কৰিছিল। অৱশ্যে, খেলুৱৈৰ এটা দলে দাবী কৰিছে  যে শৰ্মা নিৰ্দোষী ।উপ আৰক্ষী অধীক্ষক সন্দেশ চোদংকাৰে কয়, "আনুষ্ঠানিক অভিযোগ পোৱাৰ পিছত এআইএফএফৰ কাৰ্যকৰী সমিতিৰ সদস্য দীপক শৰ্মাক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল।" মাপুচা আৰক্ষীয়ে  মহিলাৰ বিৰুদ্ধে বল প্ৰয়োগ কৰাৰ বাবে শৰ্মাক গ্ৰেপ্তাৰ কৰে। মাপুচা আৰক্ষী থানাৰ পৰিদৰ্শক শীতাকান্ত নায়েকে কয়  যে শৰ্মাক  দেওবাৰে আদালতত হাজিৰ কৰা হ'ব।

জিএফএৰ সভাপতি কেটানো ফাৰ্ণাণ্ডেজে কয়  যে সংস্থাটোৱে খেলুৱৈসকলক মাপুচা আৰক্ষী থানাত অভিযোগ দাখিল কৰাত সহায় কৰিছিল। শৰ্মা হিমাচল প্ৰদেশ ফুটবল সংস্থাৰ সাধাৰণ সম্পাদকো। ইফালে, এফ চি খাৰৰ মহিলা খেলুৱৈৰ এটা দলে শৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বুলি দাবী কৰিছে। যেতিয়া শৰ্মাক মাপুচা আৰক্ষীয়ে চিকিৎসা পৰীক্ষাৰ বাবে লৈ গৈছিল মহিলা খেলুৱৈৰ এটা দলে কান্দি থকা দেখা গৈছিল আৰু তেওঁলোকে সংবাদ মাধ্যমক শৰ্মাৰ  ভিডিঅ' গ্ৰহণ নকৰিবলৈও কৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক