--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৮ চনৰ পিছত সলনি হৈছে ভাৰতীয় ক্ৰিকেট। বিশেষজ্ঞসকলে কয় যে পৰ্দাৰ আঁৰত আই পি এলৰ ডাঙৰ ভূমিকা আছে। এই প্ৰতিযোগিতাত ট্ৰফী উত্তোলন কৰা কেইজনমান অধিনায়কৰ ভিতৰত গৌতম গম্ভীৰ অন্যতম। ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দুবাৰকৈ চেম্পিয়ন হোৱা কলকাতা নাইট ৰাইডাৰ্ছক মেণ্টৰ কৰিছে। আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে লোৱা এটা সিদ্ধান্তৰ বিষয়ে মুকলিকৈ কয় গম্ভীৰে।

এক সাক্ষাৎকাৰত গম্ভীৰক সোধা হৈছিল যে আই পি এল আৰম্ভ নহ’লে কি হ’লহেঁতেন? ইয়াৰ উত্তৰত গম্ভীৰে কয় যে বিচিচিআইয়ে আইপিএল আৰম্ভ নকৰিলে তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভুল হ’লহেঁতেন। কাৰণ এই পৰ্যন্ত আই পি এলে ভাৰতীয় ক্ৰিকেটক লৈ গৈছে। দেশৰ ক্ৰিকেটৰ বিৱৰ্তনত এই প্ৰতিযোগিতাৰ ভূমিকা আটাইতকৈ বেছি।

গম্ভীৰেও তেওঁৰ বক্তব্যৰ সমৰ্থনত উদাহৰণ দাঙি ধৰে। তেওঁ কয়, "আই পি এল নহ'লে হাৰ্দিক (পাণ্ড্য), (যশপ্ৰীত) বুমৰাহ, সূৰ্য্যকুমাৰ (যাদৱ) আমি পালোঁহেঁতেননে?" হয়তো পালোহেঁতেন। কিন্তু বহু পিছত। এই প্ৰতিযোগিতা অবিহনে ৰিংকু (সিং)ৰ দৰে ক্ৰিকেটাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ভাৰতীয় দলত সুযোগ পালেহেঁতেননে? হয়তো নহয় আই পি এল নাথাকিলে ইমান ক্ৰিকেটাৰ কেনেকৈ আহিলহেঁতেন?''

আগন্তুক ছিজনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে কেকেআৰে। প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে নিলামৰ পৰা কেইবাজনো ভাল ক্ৰিকেটাৰ ক্ৰয় কৰিছিল। আই পি এলৰ ইতিহাসত সৰ্বাধিক ২৪ কোটি ৭৫ লাখ টকাত কেকেআৰে ক্ৰয় কৰিছিল মিচেল ষ্টাৰক। গম্ভিৰে কয় যে ষ্টাৰকে কেৱল খেলিবই নহয়, দলৰ পেচ এটেকত বহু কথা শিকাব। কেকেআৰে বহু পুৰণি ক্ৰিকেটাৰৰ লগতে নতুন ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। তেওঁলোকে বিগত কেইবছৰমানৰ ব্যৰ্থতা পাহৰি এইবাৰ শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত চেম্পিয়ন হোৱাৰ লক্ষ্য লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক