--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৮ চনৰ পিছত সলনি হৈছে ভাৰতীয় ক্ৰিকেট। বিশেষজ্ঞসকলে কয় যে পৰ্দাৰ আঁৰত আই পি এলৰ ডাঙৰ ভূমিকা আছে। এই প্ৰতিযোগিতাত ট্ৰফী উত্তোলন কৰা কেইজনমান অধিনায়কৰ ভিতৰত গৌতম গম্ভীৰ অন্যতম। ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে দুবাৰকৈ চেম্পিয়ন হোৱা কলকাতা নাইট ৰাইডাৰ্ছক মেণ্টৰ কৰিছে। আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে লোৱা এটা সিদ্ধান্তৰ বিষয়ে মুকলিকৈ কয় গম্ভীৰে।

এক সাক্ষাৎকাৰত গম্ভীৰক সোধা হৈছিল যে আই পি এল আৰম্ভ নহ’লে কি হ’লহেঁতেন? ইয়াৰ উত্তৰত গম্ভীৰে কয় যে বিচিচিআইয়ে আইপিএল আৰম্ভ নকৰিলে তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভুল হ’লহেঁতেন। কাৰণ এই পৰ্যন্ত আই পি এলে ভাৰতীয় ক্ৰিকেটক লৈ গৈছে। দেশৰ ক্ৰিকেটৰ বিৱৰ্তনত এই প্ৰতিযোগিতাৰ ভূমিকা আটাইতকৈ বেছি।

গম্ভীৰেও তেওঁৰ বক্তব্যৰ সমৰ্থনত উদাহৰণ দাঙি ধৰে। তেওঁ কয়, "আই পি এল নহ'লে হাৰ্দিক (পাণ্ড্য), (যশপ্ৰীত) বুমৰাহ, সূৰ্য্যকুমাৰ (যাদৱ) আমি পালোঁহেঁতেননে?" হয়তো পালোহেঁতেন। কিন্তু বহু পিছত। এই প্ৰতিযোগিতা অবিহনে ৰিংকু (সিং)ৰ দৰে ক্ৰিকেটাৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ভাৰতীয় দলত সুযোগ পালেহেঁতেননে? হয়তো নহয় আই পি এল নাথাকিলে ইমান ক্ৰিকেটাৰ কেনেকৈ আহিলহেঁতেন?''

আগন্তুক ছিজনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে কেকেআৰে। প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে নিলামৰ পৰা কেইবাজনো ভাল ক্ৰিকেটাৰ ক্ৰয় কৰিছিল। আই পি এলৰ ইতিহাসত সৰ্বাধিক ২৪ কোটি ৭৫ লাখ টকাত কেকেআৰে ক্ৰয় কৰিছিল মিচেল ষ্টাৰক। গম্ভিৰে কয় যে ষ্টাৰকে কেৱল খেলিবই নহয়, দলৰ পেচ এটেকত বহু কথা শিকাব। কেকেআৰে বহু পুৰণি ক্ৰিকেটাৰৰ লগতে নতুন ক্ৰিকেটাৰৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। তেওঁলোকে বিগত কেইবছৰমানৰ ব্যৰ্থতা পাহৰি এইবাৰ শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত চেম্পিয়ন হোৱাৰ লক্ষ্য লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু