--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২৪ৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ান্‌ছলৈ যোৱাৰ খবৰে শিৰোনাম দখল কৰিছিল। প্ৰথমে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিকক চুক্তিবদ্ধ কৰিছিল আৰু তাৰ পাছত ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিকক অধিনায়ক হিচাপে নিযুক্তি দিছিল। যোৱা ছিজনত (আই পি এল ২০২৩) গুজৰাটক নেতৃত্ব দিয়া হাৰ্দিকে হঠাতে ফ্ৰেঞ্চাইজী এৰি মুম্বাইলৈ উভতি অহাটো বহুতে সহ্য কৰিব পৰা নাই। কিন্তু এতিয়া প্ৰতিবেদনত ওলাইছে যে হাৰ্দিক পাণ্ডিয়াৰ বাবে মুম্বাইৰ দলটোৱে গুজৰাটক ১০০ কোটি টকা প্ৰদান কৰিছিল।

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এটা প্ৰতিবেদনত কোৱা হৈছে যে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক ১৫ কোটি টকা নহয় ১০০ কোটি টকাৰ বিপুল ধন দিছিল। হাৰ্দিক পাণ্ডিয়াৰ ব্যৱসায়ৰ পৰা গুজৰাট টাইটানছৰ যথেষ্ট লাভ হৈছে।

২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত অভিষেক ঘটা হাৰ্দিক পাণ্ডিয়াই তাৰ পাছত ২০২১ চনলৈকে মুম্বাইৰ অংশ হৈ থাকে। ইয়াৰ পাছত ২০২২ চনত অনুষ্ঠিত হোৱা মেগা নিলামত হাৰ্দিকক ১৫ কোটি টকাৰ মূল্য দি গুজৰাট টাইটানছে নিজৰ অংশ হিচাপে লাভ কৰে। গুজৰাটে দলীয় কমাণ্ড হাৰ্দিকৰ হাতত অৰ্পণ কৰে আৰু আই পি এল ২০২২ৰ জৰিয়তে অভিষেক ঘটোৱা হাৰ্দিকে তেওঁৰ প্ৰথম অধিনায়কত্বত চেম্পিয়ন হয়। ইয়াৰ পাছত পৰৱৰ্তী ছিজনত (আই পি এল ২০২৩) হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত গুজৰাট টাইটানছ ফাইনেলত প্ৰৱেশ কৰি ৰানাৰ্ছ আপ হৈ থাকে।

কিন্তু আই পি এল ২০২৪ৰ মিনি নিলামৰ পূৰ্বে বহু সংবাদ মাধ্যমৰ বাতৰি ওলাইছিল য’ত কোৱা হৈছিল যে হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ ঘূৰি আহিব আৰু সেয়াই হৈছিল। হাৰ্দিক পাণ্ডিয়া পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ আহিছিল আৰু তাৰ পাছত ফ্ৰেঞ্চাইজিয়ে তেওঁক ৰোহিত শৰ্মাৰ ঠাইত অধিনায়ক হিচাপে স্থান দিছিল।

হাৰ্দিক পাণ্ডিয়াই নিজৰ কেৰিয়াৰত এতিয়ালৈকে ১২৩ খন আই পি এল মেচ খেলি ১১৫ ইনিংছত বেটিং কৰি ৩০.৩৮ গড়ে ২৩০৯ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ১০টা অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ উপৰিও ৮১টা ইনিংছত বলিং কৰাৰ সময়ত হাৰ্দিকে ৩৩.২৬ গড় ৰাণত ৫৩টা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement