--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএল ২০২৪ৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ান্‌ছলৈ যোৱাৰ খবৰে শিৰোনাম দখল কৰিছিল। প্ৰথমে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিকক চুক্তিবদ্ধ কৰিছিল আৰু তাৰ পাছত ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিকক অধিনায়ক হিচাপে নিযুক্তি দিছিল। যোৱা ছিজনত (আই পি এল ২০২৩) গুজৰাটক নেতৃত্ব দিয়া হাৰ্দিকে হঠাতে ফ্ৰেঞ্চাইজী এৰি মুম্বাইলৈ উভতি অহাটো বহুতে সহ্য কৰিব পৰা নাই। কিন্তু এতিয়া প্ৰতিবেদনত ওলাইছে যে হাৰ্দিক পাণ্ডিয়াৰ বাবে মুম্বাইৰ দলটোৱে গুজৰাটক ১০০ কোটি টকা প্ৰদান কৰিছিল।

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এটা প্ৰতিবেদনত কোৱা হৈছে যে মুম্বাই ইণ্ডিয়ানছে হাৰ্দিক পাণ্ডিয়াক ১৫ কোটি টকা নহয় ১০০ কোটি টকাৰ বিপুল ধন দিছিল। হাৰ্দিক পাণ্ডিয়াৰ ব্যৱসায়ৰ পৰা গুজৰাট টাইটানছৰ যথেষ্ট লাভ হৈছে।

২০১৫ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত অভিষেক ঘটা হাৰ্দিক পাণ্ডিয়াই তাৰ পাছত ২০২১ চনলৈকে মুম্বাইৰ অংশ হৈ থাকে। ইয়াৰ পাছত ২০২২ চনত অনুষ্ঠিত হোৱা মেগা নিলামত হাৰ্দিকক ১৫ কোটি টকাৰ মূল্য দি গুজৰাট টাইটানছে নিজৰ অংশ হিচাপে লাভ কৰে। গুজৰাটে দলীয় কমাণ্ড হাৰ্দিকৰ হাতত অৰ্পণ কৰে আৰু আই পি এল ২০২২ৰ জৰিয়তে অভিষেক ঘটোৱা হাৰ্দিকে তেওঁৰ প্ৰথম অধিনায়কত্বত চেম্পিয়ন হয়। ইয়াৰ পাছত পৰৱৰ্তী ছিজনত (আই পি এল ২০২৩) হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত গুজৰাট টাইটানছ ফাইনেলত প্ৰৱেশ কৰি ৰানাৰ্ছ আপ হৈ থাকে।

কিন্তু আই পি এল ২০২৪ৰ মিনি নিলামৰ পূৰ্বে বহু সংবাদ মাধ্যমৰ বাতৰি ওলাইছিল য’ত কোৱা হৈছিল যে হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ ঘূৰি আহিব আৰু সেয়াই হৈছিল। হাৰ্দিক পাণ্ডিয়া পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ আহিছিল আৰু তাৰ পাছত ফ্ৰেঞ্চাইজিয়ে তেওঁক ৰোহিত শৰ্মাৰ ঠাইত অধিনায়ক হিচাপে স্থান দিছিল।

হাৰ্দিক পাণ্ডিয়াই নিজৰ কেৰিয়াৰত এতিয়ালৈকে ১২৩ খন আই পি এল মেচ খেলি ১১৫ ইনিংছত বেটিং কৰি ৩০.৩৮ গড়ে ২৩০৯ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ ১০টা অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ উপৰিও ৮১টা ইনিংছত বলিং কৰাৰ সময়ত হাৰ্দিকে ৩৩.২৬ গড় ৰাণত ৫৩টা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু