--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়ত আই পি এল প্লে অফৰ দৌৰৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল আছিল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। তাৰ পৰাই বিৰাট কোহলীয়ে একেৰাহে ৬খন মেচত জয়লাভ কৰি অন্তিম চাৰিখনলৈ স্থান লাভ কৰিছে। শনিবাৰে চেন্নাইৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয়ৰ পিছত প্লে অফৰ যুঁজখনক লৈ অধিক আত্মবিশ্বাসী কোহলীয়ে।

মহেন্দ্ৰ সিং কেৱল ধোনিৰ বিৰুদ্ধে জয়ী নহ’লহেঁতেন। নেট ৰাণ ৰেটৰ পৰিসংখ্যাও আছিল। সকলো বাধা অতিক্ৰম কৰি শেষৰ চাৰিটা স্থানত প্ৰৱেশ কৰাৰ পিছত বেংগালুৰু শিবিৰে প্ৰথমবাৰৰ বাবে আই পি এল জয় কৰাৰ আশা কৰিছে। কোহলীৰ আত্মবিশ্বাসে ফাফ ডু প্লেছিছক আশাবাদী কৰি তুলিছে। 

প্লে অফত প্ৰৱেশ কৰাৰ পিছত কোহলীয়ে কয় - ‘‘আমি ইমান দূৰলৈ যোৱাটো ঈশ্বৰৰ ইচ্ছা। আমি কেৱল নিজৰ কামৰ প্ৰতি সৎ হ’বলৈ চেষ্টা কৰিছো। মই ভাবো দলৰ সকলোৱে সততাৰে কঠোৰ পৰিশ্ৰম কৰিছিল৷ মই আৰু একো ক'ব খোজা নাই। এতিয়া আমাৰ লক্ষ্য এসপ্তাহৰ বাবে শ্ৰেষ্ঠ ক্ৰিকেট খেলা।''

এই আই পি এলত কমলা ৰঙৰ টুপিৰ দৌৰত কোহলী প্ৰথম। তেওঁ এই পৰ্যন্ত ১৪খন মেচত ৭০৮ ৰান সংগ্ৰহ কৰিছে। এটা শতকৰ লগতে তেওঁৰ বেটৰ পৰা পাঁচটা পঞ্চাশও আহিল। কমলা ৰঙৰ টুপীৰ দৌৰত তেওঁৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ট্ৰেভিছ হেড। অষ্ট্ৰেলিয়াৰ অ’পেনাৰগৰাকীয়ে ১২খন মেচত ৫৩৩ ৰান সংগ্ৰহ কৰে। ৰুতুৰাজ গাইকৱাদে ৫৮৩ ৰান সংগ্ৰহ কৰে যদিও তেওঁৰ কোনো সুযোগ নাই। কাৰণ চেন্নাই আই পি এলৰ পৰা আঁতৰি গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু