--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ আই পি এলৰ আটাইতকৈ দ্ৰুততম বলটো তেওঁৰ হাতৰ পৰা আহিছিল। আই পি এলত অভিষেক ঘটোৱাৰ সময়তে দৃষ্টি আকৰ্ষণ কৰিছিল মায়ংক যাদৱে। তেওঁ ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰিছিল। সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ দেখুৱাইছে। ২১ বছৰীয়া মায়ংকৰ আদৰ্শ কিন্তু যশপ্ৰীত বুমৰাহ নহয়। কোনজন বলাৰ তেওঁৰ আদৰ্শ?

মেচৰ অন্তত মায়ংকক সোধা হৈছিল যে তেওঁ কোনজন পেচাৰৰ দৰে হোৱাৰ সপোন দেখে। ইয়াৰ উত্তৰত মায়ংকে কয়, ‘এজন শক্তিশালী বলাৰক চাই মই নিজকে বনালোঁ। ডেল ষ্টেইন। তেওঁ মোৰ আদৰ্শ। তেওঁৰ খেলা চাই মই বহুত শিকিছো।"

সৰুৰে পৰাই তেওঁ গতি ভাল পাইছিল। গতিকে গতিৰ পথত আগবাঢ়িছে। খেলপথাৰতো বেটছমেনক বেটছমেনক পৰাস্ত কৰিব বিচাৰিছে মায়াংকে। তেওঁ কয়, “গতিয়ে মোক সুখী কৰে। উত্তেজিত কৰে। সৰুৰে পৰা ৰকেট, বিমান, ছুপাৰবাইক দেখি ভাল পাইছিলোঁ। সৰুৰে পৰা গতিৰ প্ৰতি থকা প্ৰেমে মোক পেচাৰ কৰি তুলিছিল। মই মোৰ বলৰ গতি বৃদ্ধি কৰিব বিচাৰো।"

২০২২ চনৰ নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ক্ৰয় কৰিছিল মায়ংকক। কিন্তু যোৱা দুবছৰত তেওঁ সুযোগ নাপালে। যোৱা বছৰ আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব লগা হৈছিল। আঘাতৰ কথা কওঁতে মায়ংকে কয়, ‘আঘাত এজন বেগী বলাৰৰ জীৱনৰ এটা অংশ। যোৱা বছৰ আঘাতৰ বাবে আই পি এল খেলিব পৰা নাছিল। আশাকৰোঁ এইবাৰ ভাল খেলিব পাৰিম।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement