--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰথম দিনাই শ্ৰীলংকাই স্পষ্ট কৰি দিলে যে তেওঁলোকে ডাঙৰ ৰান কৰিব। দেওবাৰে টেষ্টৰ দ্বিতীয় দিনা শ্ৰীলংকাৰ ইনিংছ শেষ হয় ৫৩১ ৰানত। কিন্তু কোনো বেটছমেনৰ শতক নাই।

বেটাৰৰ শতক অবিহনে ৫২৪ ৰানৰ ইনিংছ ইমান দিনে শীৰ্ষত আছিল নিউজিলেণ্ডৰ। সেই অভিলেখ ভংগ কৰিলে শ্ৰীলংকাই। বাংলাদেশৰ বিৰুদ্ধে শ্ৰীলংকাৰ হৈ সৰ্বাধিক ৰান লাভ কৰে কুশল মেণ্ডিছে। তেওঁ ৯৩ ৰান সংগ্ৰহ কৰে। কামিন্দু মেণ্ডিছে ৯২ ৰান সংগ্ৰহ কৰে। মুঠ ছয়জনে পঞ্চাশৰ দশক লাভ কৰে। মেণ্ডী দুগৰাকীৰ উপৰিও ডিমুথ কৰুণাৰত্নে (৮৬), ধনঞ্জয় দে ছিলভা (৭০), দীনেশ চাণ্ডিমাল (৫৯) আৰু নিশান মদুশংক (৫৭) ৰান লাভ কৰে। শ্ৰীলংকাই ১৫৯ অভাৰত ৫৩১ ৰান সংগ্ৰহ কৰে।

এই মেচত দললৈ ঘূৰি আহিছিল ছাকিব আল হাছান। তিনিটা উইকেট দখল কৰে। হাছান মেহমুদে ২টা উইকেট দখল কৰে। খালেদ আহমেদ আৰু মেহদি হাছান মিৰাজৰ এটাকৈ উইকেট। শ্ৰীলংকাৰ তিনিজন ক্ৰিকেটাৰ ৰান আউট হয়।

প্ৰত্যুত্তৰত বেটিং কৰি বাংলাদেশে দ্বিতীয় দিনৰ শেষত ৫৫ ৰানত এটা উইকেট হেৰুৱাই পেলায়। ৪২টা বলত ২১ ৰান সংগ্ৰহ কৰি আউট হয় অ’পেনাৰ মেহমুদুল হাছান জয়। আন এজন অ’পেনাৰ জাকিৰ হাছানে ২৮ ৰানত অপৰাজিত। টাইজুল ইছলাম তেওঁৰ লগত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ