--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত একেৰাহে দুখন খেলত জয়লাভ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে। গোটেই দলটোৰ আমেজ উল্লাসিত। বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব কেকেআৰে। তাৰ আগতে ৰিংকু সিং, আন্দ্ৰে ৰাছেলে শ্বাহৰুখ খানৰ চিনেমাৰ গীত গাইছিল।

এই দৃশ্য দেখা গ’ল বাংগালুৰুৰ পৰা বিশাখাপট্টনমলৈ যোৱা বিমানত। ভিডিঅ’টো পোষ্ট কৰিছে কেকেআৰে। প্ৰথমে ৰিংকুৱে শ্বাহৰুখৰ ‘ডাংকি’ চিনেমাৰ ‘লুট পুট গয়া’ গীতটো গাইছিল। পিছত তেওঁ ৰাছেলক গান গাবলৈ ক’লে। ৰাছেলে ক’লে- ‘সেইটোৱেই মোৰ প্ৰিয় গীত।” ইয়াৰ পিছত ৰাছেলে দুটা শাৰী গাই হাঁহিলে। বাকী দলৰ সতীৰ্থসকলেও ৰাছেলৰ কণ্ঠত গীতটো শুনি হাঁহিবলৈ ধৰিলে। 

শ্বাহৰুখৰ প্ৰতি ৰাছেলৰ প্ৰেম প্ৰথম নহয়। বছৰৰ আৰম্ভণিতে গাড়ী চলাই থকাৰ সময়তো ৰাছেলে এই গীতটো গাইছিল। তেতিয়াও ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল। কেৱল সেয়াই নহয়, পূৰ্বতে ৰিংকুৱেও শ্বাহৰুখৰ গান গাইছে। চিনেমা চাবলৈ যোৱাৰ ছবি এখন পোষ্ট কৰিলে। ইডেন গাৰ্ডেনত হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমখন খেলৰ বাবে দৰ্শকৰ মাজত আছিল শ্বাহৰুখ। তেওঁৰ সন্মুখত দেখা গ’ল ৰাছেল-ধুমুহা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ