--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ হাতত হজম কৰিব লগা হৈছে ২৭৭ ৰান। ভয়ংকৰ ট্ৰেভিছ হেড হাইনৰিখ ক্লাচেনৰ সন্মুখত কোনো বলাৰেই থিয় দিব নোৱাৰিলে। যুঁজিও পৰাজিত হ’বলগীয়া হৈছিল মুম্বাই। অৱশ্যে মেচখনৰ পাছত বলাৰসকলৰ কোনো দোষ বিচাৰি নাপালে হাৰ্দিক পাণ্ডিয়াই। মুম্বাইৰ অধিনায়কগৰাকীৰ মতে, তেওঁৰ দলৰ বলাৰসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে।

খেলৰ অন্তত হাৰ্দিকে কয়, ‘উইকেটটো বৰ ভাল আছিল। হায়দৰাবাদে খুব ভাল বেটিং কৰিছিল। এই কামটো বলাৰসকলৰ বাবে সহজ নাছিল। ২৭৭ ৰানৰ কথা আহিলে যিমানেই ভাল বা বেয়া বল নকৰক কিয়, আচল ক্ৰেডিট বেটিং দলটোৰ। বলিং বিভাগে যথেষ্ট কষ্ট কৰিছে। কিন্তু উইকেট পোৱাত সমস্যা হৈছিল। আমি আন কিবা এটা চেষ্টা কৰিব পাৰিলোহেঁতেন। কিন্তু যুৱ বলিং বিভাগে যিদৰে বলিং কৰিছিল তাত মই সুখী।’

মুম্বাইৰ ১৮ বছৰীয়া বলাৰ ক’য়েনা মাফাকাই অভিষেক মেচখনত ৬৬ ৰান সংগ্ৰহ কৰি নজিৰ গঢ়ি তুলিছে। যুৱ বলাৰজনৰ কাষত থিয় হৈ আছে হাৰ্দিক। ক’লে, “গ্ৰেট বলাৰ। প্ৰথমখন মেচ খেলিবলৈ ইমানবোৰ দৰ্শক নামি অহা দেখি নাৰ্ভাছ হোৱাটো অস্বাভাৱিক নহয়। কিন্তু বুকুখন লৈ ক’লে। ৰাণে ঠিকেই হজম কৰিছে। কিন্তু মানসিকভাৱে ঠিকেই আছিল। তেওঁৰ দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আমি সকলোৱে সেইটোৱেই ভাল পাওঁ। তেওঁৰ দক্ষতা আছে। মাত্ৰ অধিক মেচ খেলিব লাগিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ