--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম সন্তান তন্ময় ৰাজবংশীয়ে  প্ৰথম সাক্তাম আন্ত:ৰাষ্টীয় মুলি ফিডে ৰেটিং  দবা প্ৰতিযোগিতাত চতুৰ্থ শীৰ্ষ স্থান দখলেৰে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। মহানগৰীৰ বেটকুছিৰ আহোম গাঁৱস্থিত ৰয়েল গ্ল'ৱেল স্কুল প্ৰেক্ষাগৃহত সম্পন্ন প্ৰতিযোগিতা খনত তন্ময়ে ৮•৫  পইন্ট অৰ্জনেৰে চতুৰ্থত থাকি ট্ৰফীসহ ত্ৰিশ হজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে।  পাঁচ লাখ পঞ্চাশ হাজাৰ টকা প্ৰাইমাণি সম্বলিত  প্ৰতিযোগযোগিতা খনত সৰ্বাধিক ৯ পইন্ট অৰ্জনেৰে বিহাৰৰ গৌৰৱ কুমাৰে শীৰ্ষ স্থান অৰ্জন কৰে ।

 সেইসূত্ৰে তেওঁ ট্ৰফীসহ একলাখ টকা লাভ কৰাৰ বিপৰীতে ৮•৫ পইন্ট অৰ্জনেৰে ক্ৰমে বংগৰ কৌস্তুব কুণ্ডু আৰু বিহাৰৰ কিষান কুমাৰে দ্বিতীয় আৰু তৃতীয় স্থান অৰ্জন কৰি ট্ৰফীসহ ৭৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰে। প্ৰতিযোগিতা খনত অসমৰ স্নেহাল ৰয়, নলীনাক্ষ কাশ্যপ, হেমাংগ বৰ্ষ বৰঠাকুৰ, মৃন্ময় ৰাজখোৱাই ১৭ৰ পৰা ২০ নম্বৰ স্থান দখল কৰে । 

অভ্ৰজ্যোতি নাথ, ৰাহুল এচ সিংহ, ঋতুৰাজ বৰগোহাঞি আৰু অভিজ্ঞান গোস্বামীয়ে ক্ৰমে ২২, ২৪,২৮ আৰু ২৯ সংখ্যাক সন্থা লাভ কৰে । অইল ইণ্ডিয়াৰ ডি জি এম (এইচ আৰ এণ্ড পি আৰ) কৃষ্ণা হাজৰিকা ৰাওৱে মুখ্য অতিথি , ৰয়েল গ্লোৱেল স্কুলৰ অধক্ষ্য দিলীপ কুমাৰ পাণ্ডা সন্মানীয় অতিথি হিচাপে উপস্থিত থকা সামৰণি অনুস্থানত বঁটা গ্ৰহণ কৰা আন বিভিন্ন শাখা তথা পৰ্য়ায়ত শ্ৰেষ্ঠ হোৱা খেলুৱৈ সকল হল - ক্লাৱত কাৰ্ভি শ্ৰী বৰ্মন, আৰু নেহাৎ ইচলাাম হাজৰিকা, অনুৰ্ধ ন ত সাৰস্বত ডেকা, অনুৰ্ধ সাতত ইয়ান  নৱিশ,অনুৰ্ধ তেৰত অভিৰূপ শইকীয়া, অনুৰ্ধ এঘাৰত ভাৰ্গৱ দেবনাথ, শ্ৰেষ্ঠ ৰেটিং কেটেগৰীত মহাৰ্নব ডেকা, আনৰেটেডত দেৱোৎপল শৰ্মা, পঞ্চাশ উৰ্ধৰ শাখাত মুকুল কলিতা, অসম শ্ৰেষ্ঠ অম্লান মহন্ত, আৰু শ্ৰেষ্ঠ যুৱ খেলুৱৈ অখ্যত ভূৱনীয়াই সন্মান অৰ্জন কৰে ।ৰয়েল গ্লবেল স্কুল প্ৰেক্ষাগৃহত অনুস্থিত সামৰণি অনুস্থানত উপস্থিত থকা আন সন্মানীয় ব্যক্তি   সকল ক্তমে অসম প্ৰে'ট্ৰ কেমিকেলৰ স্বতন্ত্ৰ সঞ্চালক  জিতু তালুকদাৰ,  ডি এম ডি এৰ উপাধ্যক্ষ তথা সদৌ অসম দবা সন্থাৰ উপদেষ্টা   মুকুতা ডেকা, দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ, আয়োজক সমিতিৰ সভাপতি অৰূপ নাথ , সম্পাদক অনন্ত গোস্ৱামী, যুটীয়া সম্পাদক সজীৰ দাস ,  মৃণাল হাজৰিকা , ৰবিকান্ত তিৱাৰী নীতিশ প্ৰভাত আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু