--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম সন্তান তন্ময় ৰাজবংশীয়ে  প্ৰথম সাক্তাম আন্ত:ৰাষ্টীয় মুলি ফিডে ৰেটিং  দবা প্ৰতিযোগিতাত চতুৰ্থ শীৰ্ষ স্থান দখলেৰে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। মহানগৰীৰ বেটকুছিৰ আহোম গাঁৱস্থিত ৰয়েল গ্ল'ৱেল স্কুল প্ৰেক্ষাগৃহত সম্পন্ন প্ৰতিযোগিতা খনত তন্ময়ে ৮•৫  পইন্ট অৰ্জনেৰে চতুৰ্থত থাকি ট্ৰফীসহ ত্ৰিশ হজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে।  পাঁচ লাখ পঞ্চাশ হাজাৰ টকা প্ৰাইমাণি সম্বলিত  প্ৰতিযোগযোগিতা খনত সৰ্বাধিক ৯ পইন্ট অৰ্জনেৰে বিহাৰৰ গৌৰৱ কুমাৰে শীৰ্ষ স্থান অৰ্জন কৰে ।

 সেইসূত্ৰে তেওঁ ট্ৰফীসহ একলাখ টকা লাভ কৰাৰ বিপৰীতে ৮•৫ পইন্ট অৰ্জনেৰে ক্ৰমে বংগৰ কৌস্তুব কুণ্ডু আৰু বিহাৰৰ কিষান কুমাৰে দ্বিতীয় আৰু তৃতীয় স্থান অৰ্জন কৰি ট্ৰফীসহ ৭৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰে। প্ৰতিযোগিতা খনত অসমৰ স্নেহাল ৰয়, নলীনাক্ষ কাশ্যপ, হেমাংগ বৰ্ষ বৰঠাকুৰ, মৃন্ময় ৰাজখোৱাই ১৭ৰ পৰা ২০ নম্বৰ স্থান দখল কৰে । 

অভ্ৰজ্যোতি নাথ, ৰাহুল এচ সিংহ, ঋতুৰাজ বৰগোহাঞি আৰু অভিজ্ঞান গোস্বামীয়ে ক্ৰমে ২২, ২৪,২৮ আৰু ২৯ সংখ্যাক সন্থা লাভ কৰে । অইল ইণ্ডিয়াৰ ডি জি এম (এইচ আৰ এণ্ড পি আৰ) কৃষ্ণা হাজৰিকা ৰাওৱে মুখ্য অতিথি , ৰয়েল গ্লোৱেল স্কুলৰ অধক্ষ্য দিলীপ কুমাৰ পাণ্ডা সন্মানীয় অতিথি হিচাপে উপস্থিত থকা সামৰণি অনুস্থানত বঁটা গ্ৰহণ কৰা আন বিভিন্ন শাখা তথা পৰ্য়ায়ত শ্ৰেষ্ঠ হোৱা খেলুৱৈ সকল হল - ক্লাৱত কাৰ্ভি শ্ৰী বৰ্মন, আৰু নেহাৎ ইচলাাম হাজৰিকা, অনুৰ্ধ ন ত সাৰস্বত ডেকা, অনুৰ্ধ সাতত ইয়ান  নৱিশ,অনুৰ্ধ তেৰত অভিৰূপ শইকীয়া, অনুৰ্ধ এঘাৰত ভাৰ্গৱ দেবনাথ, শ্ৰেষ্ঠ ৰেটিং কেটেগৰীত মহাৰ্নব ডেকা, আনৰেটেডত দেৱোৎপল শৰ্মা, পঞ্চাশ উৰ্ধৰ শাখাত মুকুল কলিতা, অসম শ্ৰেষ্ঠ অম্লান মহন্ত, আৰু শ্ৰেষ্ঠ যুৱ খেলুৱৈ অখ্যত ভূৱনীয়াই সন্মান অৰ্জন কৰে ।ৰয়েল গ্লবেল স্কুল প্ৰেক্ষাগৃহত অনুস্থিত সামৰণি অনুস্থানত উপস্থিত থকা আন সন্মানীয় ব্যক্তি   সকল ক্তমে অসম প্ৰে'ট্ৰ কেমিকেলৰ স্বতন্ত্ৰ সঞ্চালক  জিতু তালুকদাৰ,  ডি এম ডি এৰ উপাধ্যক্ষ তথা সদৌ অসম দবা সন্থাৰ উপদেষ্টা   মুকুতা ডেকা, দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ, আয়োজক সমিতিৰ সভাপতি অৰূপ নাথ , সম্পাদক অনন্ত গোস্ৱামী, যুটীয়া সম্পাদক সজীৰ দাস ,  মৃণাল হাজৰিকা , ৰবিকান্ত তিৱাৰী নীতিশ প্ৰভাত আদি ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ