--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে আই পি এল চেম্পিয়ন হ’ল কলকাতা নাইট ৰাইডাৰ্ছ। ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি জয়লাভ কৰে। কলকাতাৰ জয়ৰ পাছত খেলপথাৰত আৰম্ভ হ’ল উল্লাস। পথাৰৰ মাজতে শ্ৰেয়াছে বেংকটেশক সাৱটি ধৰিলে। খেলপথাৰত দৌৰি গ’ল ৰিংকু সিং, হৰ্ষিত ৰানা। সহায়কাৰী কৰ্মচাৰীসকলো উত্তেজনাত আপ্লুত হৈ পৰিছিল। শ্বাহৰুখ খানও পৰিয়ালৰ সৈতে খেলপথাৰলৈ নামি আহিছিল। কে কে আৰৰ প্ৰতিখন মেচৰ পিছত শ্বাহৰুখে খেলপথাৰত ঘূৰি ফুৰে। এইবাৰ জয়ী হোৱাৰ পাছত ল’ৰা-ছোৱালীয়ে পত্নীৰ সৈতে খেলপথাৰখন ঘূৰি ফুৰি দৰ্শকক ধন্যবাদ জনায়। 

অৱশ্যে ইমান আনন্দৰ মাজতে চকুলো বৈ আহিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দলৰ স্বত্বাধিকাৰী কাব্যা মৰাণৰ। কাব্যই থিয় হৈ কলকাতাৰ বিজয়ক শুভেচ্ছা জনোৱাৰ সময়তো চকুলো টুকিব নোৱাৰিলে। তাকে দেখি অমিতাভ বচ্ছনৰ হৃজয় চুই গ’ল। শ্বাহৰুখৰ জয় নহয়, কিন্তু কাব্যৰ পৰাজয় অমিতাভৰ কাষত থিয় দিলে!

কাব্যাৰ চকুপানী দেখি অভিনেতাগৰাকীয়ে লিখিছে, ‘যদিও কেকেআৰে তেওঁলোকে বিচৰা জয় লাভ কৰিলে, হায়দৰাবাদৰ পৰাজয়ত মই হতাশ, কাৰণ তেওঁলোকে আৰম্ভণিৰে পৰাই ভাল খেলিছিল। আটাইতকৈ বেয়া কথাটো হ’ল, হায়দৰাবাদ হেৰুৱাৰ পিছত মিঠা ছোৱালীজনীৰ চকুত চকুলো দেখা পালোঁ, কেমেৰাৰ ফালে মুখ ঘূৰাই চকুপানী মচি পেলালে। তেওঁক দেখি মোৰ বৰ বেয়া লাগে। কিন্তু ভাঙি নাযাব আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ