--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ। বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ সমাজকৰ্ম বিভাগৰ ছাত্ৰী চিন্ময়ী ৰাজখোৱাই আগন্তুক ব্ৰিকছ স্পৰ্টছ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব।১৯ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২০২৪ চনৰ ৫মে’ৰ পৰা৭মে’লৈ নতুন দিল্লীত অনুষ্ঠিত হৈছিল বাছনি প্ৰক্ৰিয়া।সৰ্বভাৰতীয় পৰম্পৰাগত মল্লযুঁজ আৰু পংক্ৰেচন ফেডাৰেশ্যনে এই বাছনি কৰিছে।ব্ৰিকছ স্পৰ্টছ গেমছত চিন্ময়ীয়ে বেল্ট ৰেছলিং, মহিলাৰ ৬৪ কেজি শাখাত অংশগ্ৰহণ কৰিব।

ৰাছিয়াৰ কাজানত অনুষ্ঠিত হবলগীয়া ব্ৰিকছ স্পৰ্টছ গেমছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰ আৰু ৰিপাব্লিক অৱ টাটাৰ্স্তানৰ সহযোগত অনুষ্ঠিত হব।ব্ৰিকছ গেমছৰ সামগ্ৰিক পৰিচালনা আৰু আয়োজনৰ দায়িত্ব ৰাছিয়ান ফেডাৰেচনৰ ক্ৰীড়া মন্ত্ৰালয় আৰু টাটাৰ্স্তান ৰিপাব্লিকৰ ক্ৰীড়া মন্ত্ৰালয়ৰ।

বৰ্তমান সামাজিক কৰ্ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা চিন্ময়ী ৰাজখোৱাই নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, “বিশ্ব ব্ৰিকছ গেমছত যোগদানৰ সুযোগ পাই মই সঁচাকৈয়ে সুখী আৰু ধন্য অনুভৱ কৰিছো।এটা ডাঙৰ সপোন পূৰণ হোৱাৰ দৰেই আৰু সকলোৰে মৰম আৰু সমৰ্থন আশা কৰিছো।”

যদিও এয়া চিন্ময়ীৰ  অষ্টম আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট হ’ব । চিন্ময়ীয়ে এজন বিখ্যাত জাপানী গ্ৰেণ্ডমাষ্টাৰৰ পৰা জুডোৰ প্ৰশিক্ষণ লৈছে।যোৱা কেইবছৰ মানৰ পৰা চিন্ময়ীয়ে বেল্ট ৰেছলিঙৰ প্ৰশিক্ষণ লৈ আছে। চিন্ময়ীয়ে ১৩ জুনৰ পৰা ১৮ জুনলৈকে ডেৰাডুনত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু