--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে সুখবৰ। বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ সমাজকৰ্ম বিভাগৰ ছাত্ৰী চিন্ময়ী ৰাজখোৱাই আগন্তুক ব্ৰিকছ স্পৰ্টছ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব।১৯ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ২০২৪ চনৰ ৫মে’ৰ পৰা৭মে’লৈ নতুন দিল্লীত অনুষ্ঠিত হৈছিল বাছনি প্ৰক্ৰিয়া।সৰ্বভাৰতীয় পৰম্পৰাগত মল্লযুঁজ আৰু পংক্ৰেচন ফেডাৰেশ্যনে এই বাছনি কৰিছে।ব্ৰিকছ স্পৰ্টছ গেমছত চিন্ময়ীয়ে বেল্ট ৰেছলিং, মহিলাৰ ৬৪ কেজি শাখাত অংশগ্ৰহণ কৰিব।

ৰাছিয়াৰ কাজানত অনুষ্ঠিত হবলগীয়া ব্ৰিকছ স্পৰ্টছ গেমছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰ আৰু ৰিপাব্লিক অৱ টাটাৰ্স্তানৰ সহযোগত অনুষ্ঠিত হব।ব্ৰিকছ গেমছৰ সামগ্ৰিক পৰিচালনা আৰু আয়োজনৰ দায়িত্ব ৰাছিয়ান ফেডাৰেচনৰ ক্ৰীড়া মন্ত্ৰালয় আৰু টাটাৰ্স্তান ৰিপাব্লিকৰ ক্ৰীড়া মন্ত্ৰালয়ৰ।

বৰ্তমান সামাজিক কৰ্ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা চিন্ময়ী ৰাজখোৱাই নিজৰ অনুভৱ প্ৰকাশ কৰি কয়, “বিশ্ব ব্ৰিকছ গেমছত যোগদানৰ সুযোগ পাই মই সঁচাকৈয়ে সুখী আৰু ধন্য অনুভৱ কৰিছো।এটা ডাঙৰ সপোন পূৰণ হোৱাৰ দৰেই আৰু সকলোৰে মৰম আৰু সমৰ্থন আশা কৰিছো।”

যদিও এয়া চিন্ময়ীৰ  অষ্টম আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট হ’ব । চিন্ময়ীয়ে এজন বিখ্যাত জাপানী গ্ৰেণ্ডমাষ্টাৰৰ পৰা জুডোৰ প্ৰশিক্ষণ লৈছে।যোৱা কেইবছৰ মানৰ পৰা চিন্ময়ীয়ে বেল্ট ৰেছলিঙৰ প্ৰশিক্ষণ লৈ আছে। চিন্ময়ীয়ে ১৩ জুনৰ পৰা ১৮ জুনলৈকে ডেৰাডুনত অনুষ্ঠিত হ’বলগীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ