--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাই আৰক্ষী থানাত উপস্থিত হ’ল শচীন তেণ্ডুলকাৰ। শনিবাৰে ক্ৰিকেটৰ ভগৱানে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত উপস্থিত হৈ এটা অভিযোগ দাখিল কৰে। তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি প্ৰচাৰ কৰা ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে তেওঁ অভিযোগ দাখিল কৰে।

এটা মেডিচিন কোম্পানীৰ অনলাইন বিজ্ঞাপনত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম, তেওঁৰ ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি কোম্পানীটোৰ ঔষধসমূহৰ প্ৰচাৰ চলোৱা হৈছে। শচীন তেণ্ডুলকাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে

শচীনে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা এখন ছবি শ্বেয়াৰ কৰি সংবাদ প্ৰতিষ্ঠান এএনআইয়ে লিখিছে, “প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে তেওঁৰ নাম, ফটো আৰু কণ্ঠক ইণ্টাৰনেটত ‘ভুৱা বিজ্ঞাপন’ত ব্যৱহাৰ কৰি মানুহক প্ৰতাৰণা কৰাৰ বাবে মুম্বাই ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে। আইপিচিৰ ৪২৬, ৪৬৫ আৰু ৫০০ ধাৰাত অচিনাক্ত লোকৰ বিৰুদ্ধে মুম্বাই আৰক্ষী চাইবাৰ চেলে গোচৰ ৰুজু কৰে।”

এটা বিবৃত্তিযোগে শচীন টেণ্ডুলকাৰে লিখিছে, “বিশ্বাসযোগ্য সামগ্ৰী অতি প্ৰয়োজনীয়। কিন্তু এইদৰে ভূৱা বিজ্ঞাপনেৰে বেয়া সামগ্ৰী বিক্ৰী কৰাটো ৰাইজৰ বাবে ক্ষতিকাৰক। আহক এটা সুস্থ অনলাইন পৰিৱেশন গঢ়ি তোলো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ