--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাই আৰক্ষী থানাত উপস্থিত হ’ল শচীন তেণ্ডুলকাৰ। শনিবাৰে ক্ৰিকেটৰ ভগৱানে মুম্বাই আৰক্ষীৰ অপৰাধ শাখাত উপস্থিত হৈ এটা অভিযোগ দাখিল কৰে। তেওঁৰ সন্মতি অবিহনে তেওঁৰ নাম, ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি প্ৰচাৰ কৰা ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে তেওঁ অভিযোগ দাখিল কৰে।

এটা মেডিচিন কোম্পানীৰ অনলাইন বিজ্ঞাপনত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ নাম, তেওঁৰ ফটো আৰু কণ্ঠ ব্যৱহাৰ কৰি কোম্পানীটোৰ ঔষধসমূহৰ প্ৰচাৰ চলোৱা হৈছে। শচীন তেণ্ডুলকাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি গোচৰৰ তদন্ত আৰম্ভ কৰিছে

শচীনে সংবাদ মাধ্যমৰ সৈতে কথা পাতি থকা এখন ছবি শ্বেয়াৰ কৰি সংবাদ প্ৰতিষ্ঠান এএনআইয়ে লিখিছে, “প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে তেওঁৰ নাম, ফটো আৰু কণ্ঠক ইণ্টাৰনেটত ‘ভুৱা বিজ্ঞাপন’ত ব্যৱহাৰ কৰি মানুহক প্ৰতাৰণা কৰাৰ বাবে মুম্বাই ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে। আইপিচিৰ ৪২৬, ৪৬৫ আৰু ৫০০ ধাৰাত অচিনাক্ত লোকৰ বিৰুদ্ধে মুম্বাই আৰক্ষী চাইবাৰ চেলে গোচৰ ৰুজু কৰে।”

এটা বিবৃত্তিযোগে শচীন টেণ্ডুলকাৰে লিখিছে, “বিশ্বাসযোগ্য সামগ্ৰী অতি প্ৰয়োজনীয়। কিন্তু এইদৰে ভূৱা বিজ্ঞাপনেৰে বেয়া সামগ্ৰী বিক্ৰী কৰাটো ৰাইজৰ বাবে ক্ষতিকাৰক। আহক এটা সুস্থ অনলাইন পৰিৱেশন গঢ়ি তোলো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে