--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল তাৰকা ৰবীন্দ্ৰ জাডেজা। আই পি এলৰ ফাইনেলত তেওঁ এবাৰ পুনৰ সেই কথা প্ৰমাণ কৰিলে। শেষৰ দুটা বলত ১০ ৰানেৰে চেন্নাই ছুপাৰ কিংছক খিতাপ আনি দিছে জাদেজাই।

খেলখনত জয়লাভ কৰাৰ পিছত চেন্নাইৰ ক্ৰিকেটাৰসকলে খেলপথাৰত গৈ উত্তেজনা প্ৰকাশ কৰিছিল। বহুতে জাদেজাক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়। জাদেজাৰ পত্নী ৰিভাবাকো দেখা যায়। সেইবাবেই চৰ্চাত আছে ক্ৰিকেটাৰগৰাকীৰ পত্নী। কিন্তু কোন এই ৰিভাবা?

২০১৬ চনৰ ১৭ এপ্ৰিলত জাদেজা আৰু ৰিভাবাই বিবাহপাশত আবদ্ধ হয়। ৰিভাবা ৰাজনীতিৰ লগত জড়িত হৈছে। বৰ্তমান তেওঁ শাসকীয় বিজেপিৰ বিধায়ক।

জাদেজা আৰু ৰিভাবাৰ প্ৰেম কাহিনী ঠিক ৰোমান্টিক হিন্দী চিনেমাৰ দৰেই। বিবাহৰ প্ৰতি জাদেজাৰ বিশেষ হেঁপাহ নাছিল। কিন্তু ৰিভাবাৰ লগত কথা পতাৰ তিনিমাহৰ ভিতৰতে তেওঁ একেলগে জীৱন কটোৱাৰ সিদ্ধান্ত লয় ।

ৰিভাবা আছিল জাদেজাৰ ভনীয়েকৰ বান্ধৱী। ৰিভাবাক জাদেজাৰ ভগ্নীয়ে এক সামাজিক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল। ক্ৰিকেটাৰগৰাকীক ভগ্নীয়ে ৰিভাবাৰ লগত কথা পতাই দিব বিচাৰিছিল। কিন্তু জাদেজাই প্ৰথমে এই কথাত গুৰুত্ব দিয়া নাছিল।বাৰে বাৰে অনুৰোধ কৰাৰ পিছত জাদেজাই ভনীয়েকৰ কথা শুনিলে। অনুষ্ঠানত অতিথি হিচাপে অহা ৰিভাবাৰ সৈতে তেওঁ কথা পাতিলে। প্ৰথম বাৰ্তালাপতে জাদেজা ৰিভাবাৰ প্ৰেমত পৰিল। ক্ৰিকেটাৰগৰাকীকো ৰিভাবাৰ ভাল লাগি গ’ল।

প্ৰথম কথা-বতৰাতে যাতে সকলো শেষ হৈ নাযায়, গতিকে জাডেজা আৰু ৰিভাবাই ফোন নম্বৰ বিনিময় কৰিলে। বন্ধুত্ব গৈ লাহে লাহে প্ৰেমত পৰিণত হ’বলৈ বেছি সময় নালাগিল। প্ৰথম লগ পোৱাৰ তিনিমাহৰ ভিতৰতে বিয়াৰ সিদ্ধান্তই ল’লে।

২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত জাডেজা আৰু ৰিভাবাৰ এংগেজমেণ্ট হৈছিল। আঙঠি বিনিময়ৰ দুমাহৰ পাছত ১৭ এপ্ৰিলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। বিয়াৰ এবছৰৰ অন্তত ২০১৬ চনত ৰিভাবাই কন্যা সন্তানৰ জন্ম দিয়ে।১৯৯০ চনৰ ২ ছেপ্টেম্বৰত গুজৰাটৰ ৰাজকোটত ৰিভাবাৰ জন্ম। স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুজৰাটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰে। কিন্তু ৰিভাবাই ইঞ্জিনিয়াৰিঙক পেছা হিচাপে বাছি লোৱা নাছিল।

ৰিভাবাৰ মাতৃ ৰে’লৱেৰ কৰ্মচাৰী আৰু দেউতাক ব্যৱসায়ী। ৰিভাবা সমাজ সেৱাৰ লগতো জড়িত। তেওঁ নাৰীৰ অধিকাৰৰ ওপৰত কাম কৰে। ২০১৮ চনত বিজেপিৰ হৈ কাম আৰম্ভ কৰিছিল ৰিভাবাই।

২০২২ চনৰ নৱেম্বৰ মাহত গুজৰাট বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল ৰিভাবাই। নিৰ্বাচনত বিজেপিৰ পৰা জয়ী হৈ বিধায়ক হয়। জদেজা আৰু ৰিভাবাই তেওঁলোকৰ কন্যা সন্তানৰ পঞ্চম জন্মদিনত ‘সুকন্যা সমৃদ্ধি’ আঁচনিৰ অধীনত কন্যা শিশুসকলৰ বাবে ১০১টা বেংক একাউণ্ট খুলিছিল। সেই কাৰণে দুয়োজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা প্ৰশংসাও লাভ কৰে।

সম্প্ৰতি পুনৰ আলোচনাৰ মাজলৈ আহিছে ৰিভাবা। আহমেদাবাদৰ ষ্টেডিয়ামত স্বামীৰ ভৰি চুই প্ৰণাম কৰাৰ বাবে ৰিভাবাক একাংশই সমালোচনা কৰে। তেওঁলোকৰ মতে, ষ্টেডিয়ামত ৰিভাবাৰে তেনে আচৰণ কৰা উচিত নাছিল। কিন্তু বেছিভাগৰ মতে ৰিভাবাই ভাৰতীয় সংস্কৃতিক উজ্জ্বল কৰি তুলিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে