--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ উজ্জ্বল তাৰকা ৰবীন্দ্ৰ জাডেজা। আই পি এলৰ ফাইনেলত তেওঁ এবাৰ পুনৰ সেই কথা প্ৰমাণ কৰিলে। শেষৰ দুটা বলত ১০ ৰানেৰে চেন্নাই ছুপাৰ কিংছক খিতাপ আনি দিছে জাদেজাই।

খেলখনত জয়লাভ কৰাৰ পিছত চেন্নাইৰ ক্ৰিকেটাৰসকলে খেলপথাৰত গৈ উত্তেজনা প্ৰকাশ কৰিছিল। বহুতে জাদেজাক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়। জাদেজাৰ পত্নী ৰিভাবাকো দেখা যায়। সেইবাবেই চৰ্চাত আছে ক্ৰিকেটাৰগৰাকীৰ পত্নী। কিন্তু কোন এই ৰিভাবা?

২০১৬ চনৰ ১৭ এপ্ৰিলত জাদেজা আৰু ৰিভাবাই বিবাহপাশত আবদ্ধ হয়। ৰিভাবা ৰাজনীতিৰ লগত জড়িত হৈছে। বৰ্তমান তেওঁ শাসকীয় বিজেপিৰ বিধায়ক।

জাদেজা আৰু ৰিভাবাৰ প্ৰেম কাহিনী ঠিক ৰোমান্টিক হিন্দী চিনেমাৰ দৰেই। বিবাহৰ প্ৰতি জাদেজাৰ বিশেষ হেঁপাহ নাছিল। কিন্তু ৰিভাবাৰ লগত কথা পতাৰ তিনিমাহৰ ভিতৰতে তেওঁ একেলগে জীৱন কটোৱাৰ সিদ্ধান্ত লয় ।

ৰিভাবা আছিল জাদেজাৰ ভনীয়েকৰ বান্ধৱী। ৰিভাবাক জাদেজাৰ ভগ্নীয়ে এক সামাজিক অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল। ক্ৰিকেটাৰগৰাকীক ভগ্নীয়ে ৰিভাবাৰ লগত কথা পতাই দিব বিচাৰিছিল। কিন্তু জাদেজাই প্ৰথমে এই কথাত গুৰুত্ব দিয়া নাছিল।বাৰে বাৰে অনুৰোধ কৰাৰ পিছত জাদেজাই ভনীয়েকৰ কথা শুনিলে। অনুষ্ঠানত অতিথি হিচাপে অহা ৰিভাবাৰ সৈতে তেওঁ কথা পাতিলে। প্ৰথম বাৰ্তালাপতে জাদেজা ৰিভাবাৰ প্ৰেমত পৰিল। ক্ৰিকেটাৰগৰাকীকো ৰিভাবাৰ ভাল লাগি গ’ল।

প্ৰথম কথা-বতৰাতে যাতে সকলো শেষ হৈ নাযায়, গতিকে জাডেজা আৰু ৰিভাবাই ফোন নম্বৰ বিনিময় কৰিলে। বন্ধুত্ব গৈ লাহে লাহে প্ৰেমত পৰিণত হ’বলৈ বেছি সময় নালাগিল। প্ৰথম লগ পোৱাৰ তিনিমাহৰ ভিতৰতে বিয়াৰ সিদ্ধান্তই ল’লে।

২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত জাডেজা আৰু ৰিভাবাৰ এংগেজমেণ্ট হৈছিল। আঙঠি বিনিময়ৰ দুমাহৰ পাছত ১৭ এপ্ৰিলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। বিয়াৰ এবছৰৰ অন্তত ২০১৬ চনত ৰিভাবাই কন্যা সন্তানৰ জন্ম দিয়ে।১৯৯০ চনৰ ২ ছেপ্টেম্বৰত গুজৰাটৰ ৰাজকোটত ৰিভাবাৰ জন্ম। স্কুলীয়া শিক্ষা সমাপ্ত কৰি গুজৰাটৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰে। কিন্তু ৰিভাবাই ইঞ্জিনিয়াৰিঙক পেছা হিচাপে বাছি লোৱা নাছিল।

ৰিভাবাৰ মাতৃ ৰে’লৱেৰ কৰ্মচাৰী আৰু দেউতাক ব্যৱসায়ী। ৰিভাবা সমাজ সেৱাৰ লগতো জড়িত। তেওঁ নাৰীৰ অধিকাৰৰ ওপৰত কাম কৰে। ২০১৮ চনত বিজেপিৰ হৈ কাম আৰম্ভ কৰিছিল ৰিভাবাই।

২০২২ চনৰ নৱেম্বৰ মাহত গুজৰাট বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল ৰিভাবাই। নিৰ্বাচনত বিজেপিৰ পৰা জয়ী হৈ বিধায়ক হয়। জদেজা আৰু ৰিভাবাই তেওঁলোকৰ কন্যা সন্তানৰ পঞ্চম জন্মদিনত ‘সুকন্যা সমৃদ্ধি’ আঁচনিৰ অধীনত কন্যা শিশুসকলৰ বাবে ১০১টা বেংক একাউণ্ট খুলিছিল। সেই কাৰণে দুয়োজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা প্ৰশংসাও লাভ কৰে।

সম্প্ৰতি পুনৰ আলোচনাৰ মাজলৈ আহিছে ৰিভাবা। আহমেদাবাদৰ ষ্টেডিয়ামত স্বামীৰ ভৰি চুই প্ৰণাম কৰাৰ বাবে ৰিভাবাক একাংশই সমালোচনা কৰে। তেওঁলোকৰ মতে, ষ্টেডিয়ামত ৰিভাবাৰে তেনে আচৰণ কৰা উচিত নাছিল। কিন্তু বেছিভাগৰ মতে ৰিভাবাই ভাৰতীয় সংস্কৃতিক উজ্জ্বল কৰি তুলিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু