--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুবমান গীলৰ প্ৰশংসাত প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৱাছিম আক্ৰাম৷ স্প’ৰ্টছকিডাৰ সৈতে এক সাক্ষাৎকাৰত আক্ৰামে শচীনৰ সমুখত বলিং কৰাৰ সময়ক সুঁৱৰি কয় যে বৰ্তমান গিলৰ সমুখত বলিং কৰি থকা বলাৰসকলে যি অনুভৱ কৰিছে, তেওঁৰ কেৰিয়াৰৰ সক্ৰিয় সময়ছোৱাত তেণ্ডুলকাৰৰ সমুখত বলিং কৰাৰ সময়ত একেধৰণৰ অনুভৱেই লাভ কৰিছিল আক্ৰামে।

কিংবদন্তি পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় যে গিলৰ দৰে খেলুৱৈক বলিং কৰাৰ সময়ত, সেয়া আনকি টি-২০ ফৰ্মেট হ’লেও তেওঁ এদিনীয়া ক্ৰিকেটত প্ৰথম ১০ অভাৰত শচীন তেণ্ডুলকাৰক বলিং কৰাৰ দৰেই অনুভৱ কৰিব।

আক্ৰামে লগতে সাক্ষাৎকাৰটোত কয় যে তেওঁ শ্ৰীলংকান তাৰকাদ্বয় জয়সূৰ্য বা কালুৱিথাৰাণক বলিং কৰাৰ সময়ত তেওঁলোকৰ উইকেট দখলৰ সুযোগ লাভ কৰিব বুলি আশা কৰিব পাৰিছিল। দুয়োগৰাকী বেটাৰে প্ৰতিটো বলত মূলত প্ৰহাৰ কৰাৰ চেষ্টা কৰাৰ বাবে সেই আশা থাকে বুলি উল্লেখ কৰি আক্ৰামে শচীন আৰু গিলৰ দৰে খেলুৱৈয়ে সঠিক ক্ৰিকেটীয় শ্বটহে খেলে বুলি মন্তব্য কৰে।

গিলৰ প্ৰসঙ্গত মন্তব্য কৰি আক্ৰামে কয়, “মই ভাবো গিল তেনে পৰ্যায়ৰ খেলুৱৈ, যি ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটতে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰিব পাৰে।” লগতে অনাগত সময়ত গিল কেৱল ভাৰতীয় ক্ৰিকেটৰে ছুপাৰষ্টাৰ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰে ক্ৰিকেটীয় পৰিসংখ্যাৰ তালিকাত গিলে শাসন কৰিব বুলি ভৱিষ্যতবাণী কৰে আক্ৰামে।
 
উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট তথা ভাৰতৰ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গিলে দাঙি ধৰা ধাৰাবাহিক প্ৰদৰ্শনক লৈ ইতিমধ্যেই ক্ৰিকেট বিশ্বত গিলৰ তুলনা হ’বলৈ ধৰিছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে। এনে চৰ্চাৰ মাজতে কিংবদন্তি ৱাছিম আক্ৰাম শুবমন গিলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু