--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুবমান গীলৰ প্ৰশংসাত প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৱাছিম আক্ৰাম৷ স্প’ৰ্টছকিডাৰ সৈতে এক সাক্ষাৎকাৰত আক্ৰামে শচীনৰ সমুখত বলিং কৰাৰ সময়ক সুঁৱৰি কয় যে বৰ্তমান গিলৰ সমুখত বলিং কৰি থকা বলাৰসকলে যি অনুভৱ কৰিছে, তেওঁৰ কেৰিয়াৰৰ সক্ৰিয় সময়ছোৱাত তেণ্ডুলকাৰৰ সমুখত বলিং কৰাৰ সময়ত একেধৰণৰ অনুভৱেই লাভ কৰিছিল আক্ৰামে।

কিংবদন্তি পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় যে গিলৰ দৰে খেলুৱৈক বলিং কৰাৰ সময়ত, সেয়া আনকি টি-২০ ফৰ্মেট হ’লেও তেওঁ এদিনীয়া ক্ৰিকেটত প্ৰথম ১০ অভাৰত শচীন তেণ্ডুলকাৰক বলিং কৰাৰ দৰেই অনুভৱ কৰিব।

আক্ৰামে লগতে সাক্ষাৎকাৰটোত কয় যে তেওঁ শ্ৰীলংকান তাৰকাদ্বয় জয়সূৰ্য বা কালুৱিথাৰাণক বলিং কৰাৰ সময়ত তেওঁলোকৰ উইকেট দখলৰ সুযোগ লাভ কৰিব বুলি আশা কৰিব পাৰিছিল। দুয়োগৰাকী বেটাৰে প্ৰতিটো বলত মূলত প্ৰহাৰ কৰাৰ চেষ্টা কৰাৰ বাবে সেই আশা থাকে বুলি উল্লেখ কৰি আক্ৰামে শচীন আৰু গিলৰ দৰে খেলুৱৈয়ে সঠিক ক্ৰিকেটীয় শ্বটহে খেলে বুলি মন্তব্য কৰে।

গিলৰ প্ৰসঙ্গত মন্তব্য কৰি আক্ৰামে কয়, “মই ভাবো গিল তেনে পৰ্যায়ৰ খেলুৱৈ, যি ক্ৰিকেটৰ প্ৰতিটো ফৰ্মেটতে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰিব পাৰে।” লগতে অনাগত সময়ত গিল কেৱল ভাৰতীয় ক্ৰিকেটৰে ছুপাৰষ্টাৰ নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰে ক্ৰিকেটীয় পৰিসংখ্যাৰ তালিকাত গিলে শাসন কৰিব বুলি ভৱিষ্যতবাণী কৰে আক্ৰামে।
 
উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট তথা ভাৰতৰ ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গিলে দাঙি ধৰা ধাৰাবাহিক প্ৰদৰ্শনক লৈ ইতিমধ্যেই ক্ৰিকেট বিশ্বত গিলৰ তুলনা হ’বলৈ ধৰিছে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে। এনে চৰ্চাৰ মাজতে কিংবদন্তি ৱাছিম আক্ৰাম শুবমন গিলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে