--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে লণ্ডনৰ দ্য অভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ডব্লিউ টি চি ফাইনেল আৰম্ভ হোৱাৰ পূৰ্বে ওড়িশা ৰে’লৰ ট্ৰেজেডীৰ বলি হোৱা লোকসকলৰ বাবে টিম ইণ্ডিয়াই এক মুহূৰ্ত মৌনতা অৱলম্বন কৰে।তদুপৰি বিচিচিআইয়ে এক বিবৃতিত কয় যে গোটেই ডব্লিউটিচি ফাইনেলত দলটোৱে ক’লা আৰ্মবেণ্ড পিন্ধিব।

বিচিচিআইয়ে কয় যে "দ্য অভেলত আই চি চি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ প্ৰথম দিনত খেল আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে ওড়িশা ৰে'লৰ ট্ৰেজেডীৰ বলি হোৱা লোকসকলৰ স্মৃতিত এক মুহূৰ্ত মৌনতা অৱলম্বন কৰিছে। দলটোৱে মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি নিজৰ গভীৰতম সমবেদনা আগবঢ়াইছে। কৰুণভাৱে প্ৰাণ হেৰুৱাই পেলোৱা সকলোৰে পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিছো।লগতে  ক্ষতিগ্ৰস্তসকলৰ সৈতে সংহতি প্ৰকাশ কৰিবলৈ টিম ইণ্ডিয়াই ক’লা আৰ্মবেণ্ড পিন্ধিব।’


অনুষ্ঠিত হৈ থকা মেচখনত ইংলেণ্ডৰ মেঘময় পৰিস্থিতিৰ বাবে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বলিং কৰিবলৈ বাছি লৈছিল।ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে ভাৰতে চাৰিজন পেচাৰ আৰু এজন স্পিনাৰ লৈ অৱতীৰ্ণ হৈছে৷ ৰবিচন্দ্ৰ অশ্বিনৰ আগত ৰবীন্দ্ৰ জাডেজাক বাছি লোৱাৰ আঁৰৰ সিদ্ধান্তক পুনৰ ৰোহিতে কয় যে দলটোৱে নিজৰ প্ৰয়োজনীয় কামবোৰ কৰিব লাগিব।

ৰোহিতে জ্যেষ্ঠ বেটছমেন অজিংক্য ৰাহানেকো প্ৰশংসা কৰি কয় যে তেওঁ বহু অভিজ্ঞতা কঢ়িয়াই আনিছে। ২০২২ চনত দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ সময়ত শেষবাৰৰ বাবে খেলাৰ পাছত ৰাহানেই টেষ্ট দললৈ পুনৰ উভতি আহিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু