--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত তেওঁৰ দলটো ভাল ফৰ্মত আছে। পাঁচখন মেচৰ ভিতৰত তিনিখন খেলত জয়লাভ কৰি লীগ টেবুলত চতুৰ্থ স্থানত আছে। প্ৰতিযোগিতাৰ সময়ত অনুৰাগীৰ সৈতে প্ৰশ্নোত্তৰ অধিবেশনত অংশগ্ৰহণ কৰে পেট কামিন্সে। হায়দৰাবাদৰ অধিনায়কগৰাকীয়ে ভাৰতৰ সৈতে হোৱা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে কয়। বিশ্বকাপ জয়ৰ স্মৃতি উদগনি দি অনুৰাগীৰ সৈতেও ধেমালি কৰিছিল।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়কগৰাকীয়ে ইনষ্টাগ্ৰামত গৈ অনুৰাগীক প্ৰশ্ন কৰে। তাতে তেওঁ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ল। সেই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ কামিন্সে দিলে। তেওঁ ভাৰতৰ শ্ৰেষ্ঠ স্মৃতি হিচাপে যোৱা বছৰৰ বিশ্বকাপ জয়ৰ এখন ছবি পোষ্ট কৰে। 

কামিন্সে ট্ৰেভিছ হেডক হায়দৰাবাদ দলৰ প্ৰিয় সতীৰ্থ হিচাপে নিযুক্তি দিয়ে। ঘৰতে ডাঙৰ হোৱা এই মুৰব্বীগৰাকীয়ে অষ্ট্ৰেলিয়াক বিগত সময়ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, বিশ্বকাপৰ ফাইনেলত জয়ী কৰাত সহায় কৰিছিল। 

তাৰোপৰি কামিন্সে পাওভাজী আৰু কেইবাটাও পথৰ কাষৰ খাদ্যক প্ৰিয় ভাৰতীয় খাদ্য হিচাপে উল্লেখ কৰিছে।
এজন অনুৰাগীয়ে ধেমালিতে কামিন্সক সুধিলে যে তেওঁৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব পাৰি? কামিন্সেও ধেমালিতে উত্তৰ দিলে, "মাৰ্কোক সুধিব।" আচলতে কামিন্সৰ অৰ্থ আছিল ছয় ফুট ন ইঞ্চি ওখ দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু