--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত তেওঁৰ দলটো ভাল ফৰ্মত আছে। পাঁচখন মেচৰ ভিতৰত তিনিখন খেলত জয়লাভ কৰি লীগ টেবুলত চতুৰ্থ স্থানত আছে। প্ৰতিযোগিতাৰ সময়ত অনুৰাগীৰ সৈতে প্ৰশ্নোত্তৰ অধিবেশনত অংশগ্ৰহণ কৰে পেট কামিন্সে। হায়দৰাবাদৰ অধিনায়কগৰাকীয়ে ভাৰতৰ সৈতে হোৱা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে কয়। বিশ্বকাপ জয়ৰ স্মৃতি উদগনি দি অনুৰাগীৰ সৈতেও ধেমালি কৰিছিল।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়কগৰাকীয়ে ইনষ্টাগ্ৰামত গৈ অনুৰাগীক প্ৰশ্ন কৰে। তাতে তেওঁ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’ল। সেই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰ কামিন্সে দিলে। তেওঁ ভাৰতৰ শ্ৰেষ্ঠ স্মৃতি হিচাপে যোৱা বছৰৰ বিশ্বকাপ জয়ৰ এখন ছবি পোষ্ট কৰে। 

কামিন্সে ট্ৰেভিছ হেডক হায়দৰাবাদ দলৰ প্ৰিয় সতীৰ্থ হিচাপে নিযুক্তি দিয়ে। ঘৰতে ডাঙৰ হোৱা এই মুৰব্বীগৰাকীয়ে অষ্ট্ৰেলিয়াক বিগত সময়ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, বিশ্বকাপৰ ফাইনেলত জয়ী কৰাত সহায় কৰিছিল। 

তাৰোপৰি কামিন্সে পাওভাজী আৰু কেইবাটাও পথৰ কাষৰ খাদ্যক প্ৰিয় ভাৰতীয় খাদ্য হিচাপে উল্লেখ কৰিছে।
এজন অনুৰাগীয়ে ধেমালিতে কামিন্সক সুধিলে যে তেওঁৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব পাৰি? কামিন্সেও ধেমালিতে উত্তৰ দিলে, "মাৰ্কোক সুধিব।" আচলতে কামিন্সৰ অৰ্থ আছিল ছয় ফুট ন ইঞ্চি ওখ দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জান্সেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ