--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা খেলপথাৰত পুনৰ পৰাস্ত হ’ল কলকাতা নাইট ৰাইডাৰ্ছ। জয়ী হ’ল গুজৰাট টাইটানছ।  ৭ উইকেটত পৰাস্ত হয় কলকাতা। ডাৱৰীয়া বতৰৰ বাবে গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিকে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইডেন গাৰ্ডেনৰ ২২ গজত মহম্মদ ছামীয়ে দূৰ্দান্ত বলিং কৰে।  লাভ কৰে তিনিটাকৈ উইকেট। তেওঁৰ উপৰিও যশোৱা লিটল আরু নুৰহ আহমদে লাভ কৰে দুটাকৈ উইকেট।

কলকাতাৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে আফগান তাৰকা ৰহমানুল্লাহ গুৰবাজে।  ৩৯ টা বলত তেওঁ সংগ্ৰহ কৰে ৮১ ৰাণ। তেওঁৰ বাদে কোনো বেটাৰে দীঘলিয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল। শেষৰফালে আন্দ্ৰে ৰাছেলে ১৯টা বলত ৩৪ ৰাণ কৰে। ব্যৰ্থ হয় ৰিংকু সিং (১৯)। নিৰ্ধাৰিত অভাৰত কলকাতাই সংগ্ৰহ কৰে ১৭৯ ৰাণ। 

প্ৰত্যুত্তৰত গুজৰাটে বেটিং কৰিবলৈ আহি সুন্দৰভাৱে ইনিংছ আগুৱাই নিয়ে। সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে বিজয় শংকৰ (৫১), শুভমন গীল (৪৯) আৰু ডেভিড মিলাৰে (৩২)। ফলস্বৰূপে তিনিটা উইকেট হেৰুৱাই এটা বল বাকী থকা অৱস্থাতে বিজয় লক্ষ্যত উপনীত হয় হাৰ্দিক পাণ্ডিয়াৰ দল।

এই বিজয়ৰ দ্বাৰা আইপিএলৰ পইণ্টছৰ ক্ৰম তালিকাৰ শীৰ্ষত উপনিত হৈছে গুজৰাট টাইটানছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ