--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰুৱা খেলপথাৰত পুনৰ পৰাস্ত হ’ল কলকাতা নাইট ৰাইডাৰ্ছ। জয়ী হ’ল গুজৰাট টাইটানছ।  ৭ উইকেটত পৰাস্ত হয় কলকাতা। ডাৱৰীয়া বতৰৰ বাবে গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিকে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইডেন গাৰ্ডেনৰ ২২ গজত মহম্মদ ছামীয়ে দূৰ্দান্ত বলিং কৰে।  লাভ কৰে তিনিটাকৈ উইকেট। তেওঁৰ উপৰিও যশোৱা লিটল আরু নুৰহ আহমদে লাভ কৰে দুটাকৈ উইকেট।

কলকাতাৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে আফগান তাৰকা ৰহমানুল্লাহ গুৰবাজে।  ৩৯ টা বলত তেওঁ সংগ্ৰহ কৰে ৮১ ৰাণ। তেওঁৰ বাদে কোনো বেটাৰে দীঘলিয়া ইনিংছ খেলিবলৈ সক্ষম নহ’ল। শেষৰফালে আন্দ্ৰে ৰাছেলে ১৯টা বলত ৩৪ ৰাণ কৰে। ব্যৰ্থ হয় ৰিংকু সিং (১৯)। নিৰ্ধাৰিত অভাৰত কলকাতাই সংগ্ৰহ কৰে ১৭৯ ৰাণ। 

প্ৰত্যুত্তৰত গুজৰাটে বেটিং কৰিবলৈ আহি সুন্দৰভাৱে ইনিংছ আগুৱাই নিয়ে। সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে বিজয় শংকৰ (৫১), শুভমন গীল (৪৯) আৰু ডেভিড মিলাৰে (৩২)। ফলস্বৰূপে তিনিটা উইকেট হেৰুৱাই এটা বল বাকী থকা অৱস্থাতে বিজয় লক্ষ্যত উপনীত হয় হাৰ্দিক পাণ্ডিয়াৰ দল।

এই বিজয়ৰ দ্বাৰা আইপিএলৰ পইণ্টছৰ ক্ৰম তালিকাৰ শীৰ্ষত উপনিত হৈছে গুজৰাট টাইটানছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে