--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ জন্তৰ মন্তৰত মল্লযোদ্ধাৰ প্ৰতিবাদ চলি থকাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মল্লযোদ্ধা বজৰং পুনিয়া। তেওঁ দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দেশৰ মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ সেই পৰিপ্ৰেক্ষিততে অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক, বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ভিনেশ ফ’গাটে যন্তৰ মন্তৰত ধৰ্ণাত বহি ব্রিজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

অৱশেষত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অমিত শ্বাহৰ আৰক্ষীয়ে ব্রিজ ভূষণৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে৷ কিন্তু ইয়াৰ মাজতে   গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মল্লযোদ্ধা বজৰং পুনিয়া

মল্লযুঁজাৰুগৰাকীয়ে অভিযোগ কৰে যে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ ধৰ্ণাস্থলীৰ বিদ্যুৎ যোগান কৰ্তন কৰে। কেৱল এয়াই নহয়, ধৰ্ণাস্থলীলৈ পানী আৰু আহাৰ লৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এই প্ৰতিবাদস্থলীৰ চাৰিওফালে বেৰিকেড লগাইছে।

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰঙে কয়, ‘পুলিচে কৈছে, প্ৰতিবাদ কৰিব বিচাৰিলে ৰাজপথত শোৱা। আজি তেওঁলোকৰ ওপৰত কেনেধৰণৰ হেঁচা আহিছে? আগতে এনেকুৱা কোনো সমস্যা নাছিল, উচ্চতম ন্যায়ালয়ৰ হেঁচাতে এনেকুৱা হৈছে।’

ইপিনে, বজৰঙে তেওঁলোকৰ বাবে খাদ্য-পানী আনি থকাসকলক আৰক্ষীয়ে মাৰপিট কৰি খেদি দিয়াৰো অভিযোগো উত্থাপন কৰে। আৰক্ষীৰ এই আচৰণ দেখি বজৰং স্তম্ভিত হৈ পৰে। অৱশ্যে বজৰং পুনিয়াই কয় যে আৰক্ষী প্ৰশাসনে যিমানেই অত্যাচাৰ নকৰক কিয় ন্যায় নোপোৱালৈকে আমি আন্দোলন অব্যাহত ৰাখিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে