--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ জন্তৰ মন্তৰত মল্লযোদ্ধাৰ প্ৰতিবাদ চলি থকাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহৰ আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মল্লযোদ্ধা বজৰং পুনিয়া। তেওঁ দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দেশৰ মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল৷ সেই পৰিপ্ৰেক্ষিততে অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক, বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী ভিনেশ ফ’গাটে যন্তৰ মন্তৰত ধৰ্ণাত বহি ব্রিজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

অৱশেষত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অমিত শ্বাহৰ আৰক্ষীয়ে ব্রিজ ভূষণৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে৷ কিন্তু ইয়াৰ মাজতে   গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মল্লযোদ্ধা বজৰং পুনিয়া

মল্লযুঁজাৰুগৰাকীয়ে অভিযোগ কৰে যে দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ ধৰ্ণাস্থলীৰ বিদ্যুৎ যোগান কৰ্তন কৰে। কেৱল এয়াই নহয়, ধৰ্ণাস্থলীলৈ পানী আৰু আহাৰ লৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এই প্ৰতিবাদস্থলীৰ চাৰিওফালে বেৰিকেড লগাইছে।

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বজৰঙে কয়, ‘পুলিচে কৈছে, প্ৰতিবাদ কৰিব বিচাৰিলে ৰাজপথত শোৱা। আজি তেওঁলোকৰ ওপৰত কেনেধৰণৰ হেঁচা আহিছে? আগতে এনেকুৱা কোনো সমস্যা নাছিল, উচ্চতম ন্যায়ালয়ৰ হেঁচাতে এনেকুৱা হৈছে।’

ইপিনে, বজৰঙে তেওঁলোকৰ বাবে খাদ্য-পানী আনি থকাসকলক আৰক্ষীয়ে মাৰপিট কৰি খেদি দিয়াৰো অভিযোগো উত্থাপন কৰে। আৰক্ষীৰ এই আচৰণ দেখি বজৰং স্তম্ভিত হৈ পৰে। অৱশ্যে বজৰং পুনিয়াই কয় যে আৰক্ষী প্ৰশাসনে যিমানেই অত্যাচাৰ নকৰক কিয় ন্যায় নোপোৱালৈকে আমি আন্দোলন অব্যাহত ৰাখিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ