--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা সপ্তাহৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ বিখ্যাত মল্লযুঁজাৰুসকলে। ৰাষ্ট্ৰীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় মল্লযুঁজাৰুসকলে। সাক্ষী মালিক, বিনেশ ফোগাটৰ পৰা বজৰং পুনিয়ালৈকে দেশৰ বিখ্যাত মল্লযুঁজাৰুৱে এই প্ৰতিবাদত যোগদান কৰিছে।

ব্রিজ ভূষণক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷ দেশৰ আন আন ক্ৰীড়া ব্যক্তিসকলেও মল্লযুঁজাৰুৰ কাষত থিয় দিছে। টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ পৰা অলিম্পিকৰ স্বৰ্ণ বিজয়ী জেভেলিন তাৰকা নীৰজ চোপ্ৰালৈকে এই তালিকাত সন্নিৱিষ্ট হৈছে। বিশ্ব বক্সিঙৰ স্বৰ্ণ পদক বিজয়ী নিখাত জৰিন, বিশ্বকাপ বিজয়ী প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱেও প্ৰতিবাদক সমৰ্থন দিছে।

কিন্তু দেশৰ অন্যতম বিখ্যাত ক্ৰীড়া ব্যক্তিত্ব পি টি উষাৰ কণ্ঠ বেলেগ। তেওঁ দাবী কৰে- ''খেলুৱৈসকলে ৰাজপথত প্ৰতিবাদ কৰা উচিত নাছিল। কমিটীৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিছিল।''

পিটি উষাৰ এই মন্তব্যৰ পাছতে বিতৰ্কৰ সূত্ৰপাত ঘটিছে। মুখ খুলিছে বলিউডৰ অভিনেত্ৰী পূজা ভাটে। তেওঁ কয়- ''দেশৰ এগৰাকী কিংবদন্তি খেলুৱৈৰ পৰা এনে মন্তব্য শুনাটো অতি দুৰ্ভাগ্যজনক আৰু হৃদয় বিদাৰক।’’

অলপতে ছ’চিয়েল মিডিয়া পেজত পূজা ভট্টে এটা টুইটত লিখিছে, “দেশৰ শ্ৰেষ্ঠ ক্ৰীড়া ব্যক্তিত্বই ন্যায় পাবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ’ব নোৱাৰে। ইয়াৰ পিছতো তেওঁলোকে পিটি উষাৰ দৰে কিংবদন্তিৰ পৰা এনে কথা শুনিবলগা হৈছে।''

পূজাৰ উপৰিও বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু অভিনেতা সোণু ছুদেও প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ কাষত থিয় দিছে। টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰি স্বৰাই লিখিছে- ''দেশৰ শ্ৰেষ্ঠ খেলুৱৈসকলে যৌন নিৰ্যাতনৰ প্ৰতিবাদ আৰু ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। লাজৰ কথা।’’

অভিনেতা সোনু ছুদেও মল্লযুঁজাৰুৰ কাষত থিয় দিছে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, “মোৰ বিশ্বাস- অন্যায়ৰ বিৰুদ্ধে এই যুঁজত আমাৰ দেশৰ মল্লযুঁজাৰুসকলে জয়ী হ’ব৷ জয় হিন্দ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে