--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা সপ্তাহৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দেশৰ বিখ্যাত মল্লযুঁজাৰুসকলে। ৰাষ্ট্ৰীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় মল্লযুঁজাৰুসকলে। সাক্ষী মালিক, বিনেশ ফোগাটৰ পৰা বজৰং পুনিয়ালৈকে দেশৰ বিখ্যাত মল্লযুঁজাৰুৱে এই প্ৰতিবাদত যোগদান কৰিছে।

ব্রিজ ভূষণক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷ দেশৰ আন আন ক্ৰীড়া ব্যক্তিসকলেও মল্লযুঁজাৰুৰ কাষত থিয় দিছে। টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ পৰা অলিম্পিকৰ স্বৰ্ণ বিজয়ী জেভেলিন তাৰকা নীৰজ চোপ্ৰালৈকে এই তালিকাত সন্নিৱিষ্ট হৈছে। বিশ্ব বক্সিঙৰ স্বৰ্ণ পদক বিজয়ী নিখাত জৰিন, বিশ্বকাপ বিজয়ী প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেৱেও প্ৰতিবাদক সমৰ্থন দিছে।

কিন্তু দেশৰ অন্যতম বিখ্যাত ক্ৰীড়া ব্যক্তিত্ব পি টি উষাৰ কণ্ঠ বেলেগ। তেওঁ দাবী কৰে- ''খেলুৱৈসকলে ৰাজপথত প্ৰতিবাদ কৰা উচিত নাছিল। কমিটীৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগিছিল।''

পিটি উষাৰ এই মন্তব্যৰ পাছতে বিতৰ্কৰ সূত্ৰপাত ঘটিছে। মুখ খুলিছে বলিউডৰ অভিনেত্ৰী পূজা ভাটে। তেওঁ কয়- ''দেশৰ এগৰাকী কিংবদন্তি খেলুৱৈৰ পৰা এনে মন্তব্য শুনাটো অতি দুৰ্ভাগ্যজনক আৰু হৃদয় বিদাৰক।’’

অলপতে ছ’চিয়েল মিডিয়া পেজত পূজা ভট্টে এটা টুইটত লিখিছে, “দেশৰ শ্ৰেষ্ঠ ক্ৰীড়া ব্যক্তিত্বই ন্যায় পাবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক একো হ’ব নোৱাৰে। ইয়াৰ পিছতো তেওঁলোকে পিটি উষাৰ দৰে কিংবদন্তিৰ পৰা এনে কথা শুনিবলগা হৈছে।''

পূজাৰ উপৰিও বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু অভিনেতা সোণু ছুদেও প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ কাষত থিয় দিছে। টুইটাৰত এটা ভিডিঅ’ পোষ্ট কৰি স্বৰাই লিখিছে- ''দেশৰ শ্ৰেষ্ঠ খেলুৱৈসকলে যৌন নিৰ্যাতনৰ প্ৰতিবাদ আৰু ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। লাজৰ কথা।’’

অভিনেতা সোনু ছুদেও মল্লযুঁজাৰুৰ কাষত থিয় দিছে। তেওঁ নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, “মোৰ বিশ্বাস- অন্যায়ৰ বিৰুদ্ধে এই যুঁজত আমাৰ দেশৰ মল্লযুঁজাৰুসকলে জয়ী হ’ব৷ জয় হিন্দ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ