--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ আই পি এলত চকু কপালত তুলিছে অভিষেক শৰ্মাই। তেওঁ ৰেকৰ্ডো কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এই বাওঁহাতৰ অ’পেনাৰে বিৰাট কোহলীৰ ৮ বছৰীয়া নজিৰ ভংগ কৰিলে।

তেওঁ পঞ্জাব কিংছৰ বিৰুদ্ধে ২৮ বলত ৬৬ ৰানৰ ইনিংছ খেলিছিল। তেওঁ মাত্ৰ ২১টা বলত অৰ্ধশতক অৰ্জন কৰে। এই বাওঁহাতৰ বেটছমেনে ইনিংছত ৫টা ছয় কৰে। অভিষেকে এই ছিজনত মুঠ ৪১টা ছয় কৰে। আই পি এলৰ ইতিহাসত এটা ছিজনত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে এই অভিলেখ কোহলীৰ হাতত আছিল। ২০১৬ চনত তেওঁ ৩৮টা ছয় কৰিছিল। অৱশ্যে এই ছিজনত কোহলীয়ে নিজৰ অভিলেখ ভংগ কৰিব পাৰে। এই ছিজনত এতিয়ালৈকে কোহলীয়ে ৩৭টা ছয় কৰিছে। অৰ্থাৎ প্লে অফত এলিমিনেটৰত ২টা ছয় কৰিলে বিৰাটে নিজৰ অভিলেখ ভংগ কৰিব।

অভিষেকে এই ছিজনত ১৩খন মেচত ৪৬৭ ৰান সংগ্ৰহ কৰে। তেওঁ গড়ে ৩৮.৯২ ৰান আৰু ষ্ট্ৰাইক ৰেট ২০৯.৪১ ৰান সংগ্ৰহ কৰে। অভিষেকে তিনিটা পঞ্চাশ অৰ্জন কৰে। হায়দৰাবাদৰ প্লে অফ দৌৰৰ আঁৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ