--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ আই পি এলত চকু কপালত তুলিছে অভিষেক শৰ্মাই। তেওঁ ৰেকৰ্ডো কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এই বাওঁহাতৰ অ’পেনাৰে বিৰাট কোহলীৰ ৮ বছৰীয়া নজিৰ ভংগ কৰিলে।

তেওঁ পঞ্জাব কিংছৰ বিৰুদ্ধে ২৮ বলত ৬৬ ৰানৰ ইনিংছ খেলিছিল। তেওঁ মাত্ৰ ২১টা বলত অৰ্ধশতক অৰ্জন কৰে। এই বাওঁহাতৰ বেটছমেনে ইনিংছত ৫টা ছয় কৰে। অভিষেকে এই ছিজনত মুঠ ৪১টা ছয় কৰে। আই পি এলৰ ইতিহাসত এটা ছিজনত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয়।

ইয়াৰ পূৰ্বে এই অভিলেখ কোহলীৰ হাতত আছিল। ২০১৬ চনত তেওঁ ৩৮টা ছয় কৰিছিল। অৱশ্যে এই ছিজনত কোহলীয়ে নিজৰ অভিলেখ ভংগ কৰিব পাৰে। এই ছিজনত এতিয়ালৈকে কোহলীয়ে ৩৭টা ছয় কৰিছে। অৰ্থাৎ প্লে অফত এলিমিনেটৰত ২টা ছয় কৰিলে বিৰাটে নিজৰ অভিলেখ ভংগ কৰিব।

অভিষেকে এই ছিজনত ১৩খন মেচত ৪৬৭ ৰান সংগ্ৰহ কৰে। তেওঁ গড়ে ৩৮.৯২ ৰান আৰু ষ্ট্ৰাইক ৰেট ২০৯.৪১ ৰান সংগ্ৰহ কৰে। অভিষেকে তিনিটা পঞ্চাশ অৰ্জন কৰে। হায়দৰাবাদৰ প্লে অফ দৌৰৰ আঁৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু