--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে আই পি এলৰ লীগ পৰ্যায়ৰ অন্তিমখন মেচ খেলি আন এক নজিৰ গঢ়ি তুলিছিল। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে কোহলীয়ে ২৯টা বলত ৪৭ ৰানৰ ইনিংছ খেলিছিল। তেওঁ আই পি এলৰ আন এক মাইলৰ খুঁটি স্পৰ্শ কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

কোহলীয়ে আই পি এলত এখন খেলপথাৰত ৩০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। এই মাইলৰ খুঁটিত উপনীত হ’বলৈ কোহলীয়ে ৮৯খন খেলৰ প্ৰয়োজন হৈছিল। শনিবাৰলৈকে বেংগালুৰুত তেওঁৰ ৰান ৩০০৫। এই তালিকাত দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা। মুম্বাইত ৮০খন খেলত ২২৯৫ ৰান সংগ্ৰহ কৰে। এই তালিকাত তৃতীয় স্থানত আছে এ বি ডি ভিলিয়াৰ্ছ। বাংগালুৰুত ৬১খন মেচ খেলি ১৯৬০ ৰান সংগ্ৰহ কৰে। চতুৰ্থ স্থানত আছে ডেভিদ ৱাৰ্নাৰ। হায়দৰাবাদত ৩২খন মেচ খেলি ১৬২৩ ৰান সংগ্ৰহ কৰে।

নজিৰ গঢ়ি তোলাৰ উপৰিও বেংগালুৰুৰ ইনিংছৰ তৃতীয় অভাৰৰ প্ৰথমটো বলত চেন্নাইৰ তুষাৰ দেশপাণ্ডেৰ হাতত কোহলিৰ বিশাল ছয়টো শনিবাৰে চিন্নাস্বামী ষ্টেডিয়ামৰ ছাদত খুন্দা মাৰে। ৯৮ মিটাৰৰ এই ছয়টোৱে টি-২০ বিশ্বকাপৰ পূৰ্বে তেওঁৰ ফৰ্ম দেখুৱাইছে। এই ছয়জনৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ