--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইপিএলৰ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগা মেচত ৰাজস্থান ৰয়েলছে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ এয়া ৰাজস্থান ৰয়েলছৰ চলিত ছিজনৰ প্ৰথমখন বিপক্ষৰ ঘৰত খেলিব লগা মেচ৷ উল্লেখ্য যে আইপিএলৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে গৃহভূমি জয়পুৰত ছিজনৰ প্ৰথম দুখন মেচ খেলি উভয় মেচতে জয়ৰে প্ৰত্যাশিত আৰম্ভণি কৰিছে৷ বিপক্ষৰ ঘৰত খেলিলেও দলে সফলতাৰ ধাৰাবাহিকতা ধৰি ৰাখি জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু৷

উল্লেখ্য যে ৰাজস্থান ৰয়েলছক প্ৰথম দুখন মেচত সফলতা দিয়াত মুখ্য ভূমিকা লৈছে দলৰ মিডিল অৰ্ডাৰ বেটাৰ অসম সন্তান ৰিয়ান পৰাগে৷ আজিৰ মেচতো স্বাভাৱিকতে ৰিয়ানৰ বেটিঙৰ ওপৰত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন নিৰ্ভৰ কৰিব৷ কেৱল এখন-দুখন মেচে নহয় এইবাৰ ৰাজস্থানৰ সামগ্ৰীক প্ৰদৰ্শনত অসম সন্তানৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব বুলি আজি সংবাদমেলত ব্যক্ত কৰে দলটোৰ পেচ বলাৰ নিউজিলেণ্ডৰ অভিজ্ঞ ট্ৰেণ্ট বৌল্টে৷

‘ৰিয়ান এজন সুদক্ষ প্ৰতিভাবান ক্ৰিকেটাৰ৷ তেওঁৰ বেটিং সচাকৈয়ে উপভোগ্য৷ তিনি বছৰ আগৰ কথা, তেতিয়া মই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিলো৷ এখন অনুশীলন মেচত ৰিয়ানে আমাৰ দলটোৰ বিৰুদ্ধে ৩০ টা বলত ৮৫ ৰাণ কৰিছিল৷ তেতিয়াই তেওঁৰ প্ৰতিভাৰ উমান পাইছিলো৷ এইবাৰ তেওঁ সুন্দৰ আৰম্ভনি কৰিছে৷ মই ভাবো ৰাজস্থান দলৰ সফলতাত ৰিয়ানৰ অবদান গুৰুত্বপূৰ্ণ হ’ব৷’ বৌল্টে কয়৷

উল্লেখ্য যে ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে যোৱা মেচত অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত আই পি এলত ছিজনৰ দ্বিতীয়খন মেচত ক্ৰমাগত বিজয় কৰোৱাত নায়কৰ ভূমিকা লৈছিল৷ সুদক্ষ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত ছিজনৰ প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে অভিযান আৰম্ভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

ইফালে, দলৰ দুই অপেনাৰ জ’ছ বাটলাৰ আৰু যশস্বী জয়ছোৱালৰ বেটিঙক লৈ প্ৰশ্ন কৰাত বৌল্টে কয় যে দূয়োজনে সুদক্ষ বেটাৰ তথা ৰাণৰ বাবে ভোকাতুৰ৷ আজি ৱেংখেড়েৰ বেটিং সহায়ক উইকেটত উভয়ে ৰাজস্থানক সুন্দৰ আৰম্ভণি দিব বুলি তেওঁ আশাবাদী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু