--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইপিএলৰ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগা মেচত ৰাজস্থান ৰয়েলছে ঘৰুৱা দল মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ এয়া ৰাজস্থান ৰয়েলছৰ চলিত ছিজনৰ প্ৰথমখন বিপক্ষৰ ঘৰত খেলিব লগা মেচ৷ উল্লেখ্য যে আইপিএলৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে গৃহভূমি জয়পুৰত ছিজনৰ প্ৰথম দুখন মেচ খেলি উভয় মেচতে জয়ৰে প্ৰত্যাশিত আৰম্ভণি কৰিছে৷ বিপক্ষৰ ঘৰত খেলিলেও দলে সফলতাৰ ধাৰাবাহিকতা ধৰি ৰাখি জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু৷

উল্লেখ্য যে ৰাজস্থান ৰয়েলছক প্ৰথম দুখন মেচত সফলতা দিয়াত মুখ্য ভূমিকা লৈছে দলৰ মিডিল অৰ্ডাৰ বেটাৰ অসম সন্তান ৰিয়ান পৰাগে৷ আজিৰ মেচতো স্বাভাৱিকতে ৰিয়ানৰ বেটিঙৰ ওপৰত ৰাজস্থান ৰয়েলছৰ প্ৰদৰ্শন নিৰ্ভৰ কৰিব৷ কেৱল এখন-দুখন মেচে নহয় এইবাৰ ৰাজস্থানৰ সামগ্ৰীক প্ৰদৰ্শনত অসম সন্তানৰ অৱদান গুৰুত্বপূৰ্ণ হ’ব বুলি আজি সংবাদমেলত ব্যক্ত কৰে দলটোৰ পেচ বলাৰ নিউজিলেণ্ডৰ অভিজ্ঞ ট্ৰেণ্ট বৌল্টে৷

‘ৰিয়ান এজন সুদক্ষ প্ৰতিভাবান ক্ৰিকেটাৰ৷ তেওঁৰ বেটিং সচাকৈয়ে উপভোগ্য৷ তিনি বছৰ আগৰ কথা, তেতিয়া মই মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিলো৷ এখন অনুশীলন মেচত ৰিয়ানে আমাৰ দলটোৰ বিৰুদ্ধে ৩০ টা বলত ৮৫ ৰাণ কৰিছিল৷ তেতিয়াই তেওঁৰ প্ৰতিভাৰ উমান পাইছিলো৷ এইবাৰ তেওঁ সুন্দৰ আৰম্ভনি কৰিছে৷ মই ভাবো ৰাজস্থান দলৰ সফলতাত ৰিয়ানৰ অবদান গুৰুত্বপূৰ্ণ হ’ব৷’ বৌল্টে কয়৷

উল্লেখ্য যে ২২ বছৰীয়া অসম গৌৰৱ ৰিয়ান পৰাগে যোৱা মেচত অপৰাজিত ৮৪ [৪৫ বল] ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক চলিত আই পি এলত ছিজনৰ দ্বিতীয়খন মেচত ক্ৰমাগত বিজয় কৰোৱাত নায়কৰ ভূমিকা লৈছিল৷ সুদক্ষ অল ৰাউণ্ডাৰগৰাকীয়ে ইয়াৰপূৰ্বে জয়পুৰৰ সবাই মনাসিং ষ্টেডিয়ানত ছিজনৰ প্ৰথমখন মেচতো ৪৩ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছক জয়ৰে অভিযান আৰম্ভ কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

ইফালে, দলৰ দুই অপেনাৰ জ’ছ বাটলাৰ আৰু যশস্বী জয়ছোৱালৰ বেটিঙক লৈ প্ৰশ্ন কৰাত বৌল্টে কয় যে দূয়োজনে সুদক্ষ বেটাৰ তথা ৰাণৰ বাবে ভোকাতুৰ৷ আজি ৱেংখেড়েৰ বেটিং সহায়ক উইকেটত উভয়ে ৰাজস্থানক সুন্দৰ আৰম্ভণি দিব বুলি তেওঁ আশাবাদী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ