--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেল জগতত মেচ ফিক্সিঙৰ ধুমুহা ব’ব ধৰিছে। ‘স্প’ৰ্টৰাডাৰ ইনটিগ্ৰিটি চাৰ্ভিচেছ’ নামৰ এটা কোম্পানীয়ে অভিযোগ কৰিছে যে ২০২২ বৰ্ষত সমগ্ৰ বিশ্বৰ সকলো খেলতে ১২১২ খন মেচত মেচ ফিক্সিং হোৱাৰ সন্দেহ চলিছে।

উল্লেখ্য যে ই এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে বিশ্বৰ বিভিন্ন দেশত খেলা খেলৰ তদন্ত কৰি কোনো দুৰ্নীতি হৈছে নেকি চায়। শেহতীয়াকৈ স্প’ৰ্ট্ৰৰাডাৰে প্ৰকাশ কৰিলে ২৮ পৃষ্ঠাৰ প্ৰতিবেদন। তাত লিখা আছে, ২০২২ চনত ৯২খন দেশৰ ১২ ধৰণৰ খেলত মুঠ ১২১২খন খেলত মেচ ফিক্সিং হ’ব পাৰে। এই সংস্থাটোৱে ‘ইউনিভাৰ্চেল ফ্ৰড ডিটেকচন চিষ্টেম’ নামৰ বিশেষ পদ্ধতি ব্যৱহাৰ কৰি বিভিন্ন খেলৰ অনুসন্ধান কৰে।

মেচ ফিক্সিং কৰাৰ আটাইতকৈ বেছি অভিযোগ আছে ফুটবলত। ৭৭৫খন ফুটবল খেলত এই অনিয়ম কৰা বুলি বুলি অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ২২০খন বাস্কেটবল মেচ, ৭৫খন টেনিছ মেচতো মেচ ফিক্সিঙৰ গোন্ধ পোৱা গৈছে।

তালিকাৰ ৬ নম্বৰ স্থানত আছে ক্ৰিকেট। ১৩খন ক্ৰিকেট মেচত মেচ ফিক্সিং হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সংস্থাটোৱে।  ক্ৰিকেট জগতত এতিয়ালৈকে ইমানবোৰ মেচ ফিক্সিঙৰ অভিযোগ ১ বছৰত উত্থাপন কাহানিও হোৱা নাই।

ক্ৰিকেটৰ কোনটো ফৰ্মেট, বা আন্তঃৰাষ্ট্ৰীয় বা লীগ ক্ৰিকেটত ঘটিছিল নে নাই সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই। কিন্তু প্ৰতিবেদন অনুসৰি এই তালিকাত ভাৰতত কোনো মেচ নাই। অৰ্থাৎ ১৩টা মেচ ফিক্সিঙৰ অভিযোগৰ কোনো এটাই ভাৰতত সংঘটিত হোৱা নাই। কিন্তু সেই আটাইকেইখন মেচত ভাৰতে খেলিছিল নে নাই সেই সন্দৰ্ভত কোনো তথ্য নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু