--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেল জগতত মেচ ফিক্সিঙৰ ধুমুহা ব’ব ধৰিছে। ‘স্প’ৰ্টৰাডাৰ ইনটিগ্ৰিটি চাৰ্ভিচেছ’ নামৰ এটা কোম্পানীয়ে অভিযোগ কৰিছে যে ২০২২ বৰ্ষত সমগ্ৰ বিশ্বৰ সকলো খেলতে ১২১২ খন মেচত মেচ ফিক্সিং হোৱাৰ সন্দেহ চলিছে।

উল্লেখ্য যে ই এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা যিয়ে বিশ্বৰ বিভিন্ন দেশত খেলা খেলৰ তদন্ত কৰি কোনো দুৰ্নীতি হৈছে নেকি চায়। শেহতীয়াকৈ স্প’ৰ্ট্ৰৰাডাৰে প্ৰকাশ কৰিলে ২৮ পৃষ্ঠাৰ প্ৰতিবেদন। তাত লিখা আছে, ২০২২ চনত ৯২খন দেশৰ ১২ ধৰণৰ খেলত মুঠ ১২১২খন খেলত মেচ ফিক্সিং হ’ব পাৰে। এই সংস্থাটোৱে ‘ইউনিভাৰ্চেল ফ্ৰড ডিটেকচন চিষ্টেম’ নামৰ বিশেষ পদ্ধতি ব্যৱহাৰ কৰি বিভিন্ন খেলৰ অনুসন্ধান কৰে।

মেচ ফিক্সিং কৰাৰ আটাইতকৈ বেছি অভিযোগ আছে ফুটবলত। ৭৭৫খন ফুটবল খেলত এই অনিয়ম কৰা বুলি বুলি অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ২২০খন বাস্কেটবল মেচ, ৭৫খন টেনিছ মেচতো মেচ ফিক্সিঙৰ গোন্ধ পোৱা গৈছে।

তালিকাৰ ৬ নম্বৰ স্থানত আছে ক্ৰিকেট। ১৩খন ক্ৰিকেট মেচত মেচ ফিক্সিং হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সংস্থাটোৱে।  ক্ৰিকেট জগতত এতিয়ালৈকে ইমানবোৰ মেচ ফিক্সিঙৰ অভিযোগ ১ বছৰত উত্থাপন কাহানিও হোৱা নাই।

ক্ৰিকেটৰ কোনটো ফৰ্মেট, বা আন্তঃৰাষ্ট্ৰীয় বা লীগ ক্ৰিকেটত ঘটিছিল নে নাই সেই সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই। কিন্তু প্ৰতিবেদন অনুসৰি এই তালিকাত ভাৰতত কোনো মেচ নাই। অৰ্থাৎ ১৩টা মেচ ফিক্সিঙৰ অভিযোগৰ কোনো এটাই ভাৰতত সংঘটিত হোৱা নাই। কিন্তু সেই আটাইকেইখন মেচত ভাৰতে খেলিছিল নে নাই সেই সন্দৰ্ভত কোনো তথ্য নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement