--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ডেনমাৰ্কৰ অভ্যাগত খেলুবৈ সুদৰ্শন কৃষ্ণনসহ  ৩৭০ গৰাকী আগশাৰীৰ দবাৰুৰ অংশগ্ৰহণৰে  শনিবাৰে  মহানগৰীৰ বেতকুছি আহোম গাঁওস্থিত ৰয়েল গ্ল''ৱেল স্কুল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে প্ৰথম অপেন আন্ত:ৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতা । এইচ বি এম চ'চাইটি আৰু নৰ্থ ইষ্ট দবা ইণ্ডিয়াই এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আয়োজন কৰা শীৰ্ষ প্ৰতিযোগিতা খন  আনুষ্ঠানিকভাবে উদ্বোধন কৰে প্ৰাগ নিউজৰ চিএমডি সঞ্জীৱ নাৰায়ণে । 

পাঁচদিনীয়া প্ৰতিযোগিতা খনৰ আৰম্ভণি দিনটোৰ অন্ত:ত শীৰ্ষত অৱস্থান কৰি আছে হাৰিয়ানাৰ ৰমেশ পাৰমাৰ আৰু বংগৰ কৌস্তভ কুণ্ডুৱে । ৫ লাখ ৫০ হাজাৰ টকা প্ৰাইজমাণি সম্বলিত প্ৰতিযোগিতাখনৰ আজি  দ্বিতীয় দিন । বিশ্ব দবা ফেডাৰেশ্যন আৰু সদৌ অসম দবা সন্থাৰ তত্বাবধানত আয়োজন কৰা প্ৰতিযোগিতা খনত অসমৰ প্ৰায় ১৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

 শনিবাৰৰ উদ্বোধনী অনুষ্ঠানত নৰ্থ ইষ্ট দবা সন্থাৰ সভাপতি কে ৱাজাৰি , সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ , যুটীয়া সম্পাদক জিতুমণি নেওঁগ ,আয়োজক সমিতিৰ সভাপতি অৰূপ নাথ , সম্পাদক অনন্ত গোস্বামী , সঞ্জীৱ দাস , মৃণাল হাজৰিকা , হিতেশ্বৰ শইকীয়া আৰু আই এম নীৰজ কুমাৰ মিশ্ৰকে আদি কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে । উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে সদৌ অসম দবা সন্থাৰ মাণ্ডলিক সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ