--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সুৰেশ ৰাইনাই মুখ মেলিলে। আই পি এলৰ সময়ত মহেন্দ্ৰ সিং ধোনিৰ বিষয়ে তেওঁ মুকলিকৈ কয়। ২০০৮ চনৰ পিছত আই পি এলত ধোনিৰ সৰ্ববৃহৎ অস্ত্ৰ হিচাপে পৰিগণিত হৈছিল ৰায়না। তাৰ লগতে ধোনিৰ সৈতে বিবাদৰ খবৰো শুনা গৈছিল। সেই বিবাদত আচলতে কি হৈছিল? ৰাইনাই সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিলে।

২০১৪ চনত দ্বিতীয়খন কোৱালিফায়াৰত পঞ্জাব কিংছৰ হাতত পৰাস্ত হোৱাৰ পিছত চেন্নাইয়ে ফাইনেলত প্ৰৱেশ কৰিব পৰা নাছিল। প্ৰথমে বেটিং কৰিবলৈ আহি বীৰেন্দ্ৰ ছেহৱাগে শতক অৰ্জন কৰে। ২২৭ ৰান খেদি খেদি চেন্নাইয়ে ভাল আৰম্ভণি কৰিছিল যদিও জয়ী হ’ব নোৱাৰিলে। ধোনীয়ে এই পৰাজয় মানি ল’ব নোৱাৰিলে। ড্ৰেছিং ৰুমলৈ উভতি আহোঁতে ক্ষোভিত হৈ পৰে।

এটা সাক্ষাৎকাৰত ৰাইনাই কয়, ‘ধোনীক ইমান খং উঠা মই কেতিয়াও দেখা নাই। খঙত হেলমেট আৰু পেডবোৰ দলিয়াই দিলে। ধোনীয়ে সেইদিনা সকলোৰে লগত অলপ বেছি সময় কথা পাতিলে। তেওঁ কৈ আছিল, আমি এই মেচখনত জয়ী হ’ব পাৰিলোহেঁতেন। আমি হেৰুৱাব নালাগিছিল। সেই মেচখনত আমি জয়ী হ’লে হয়তো সেইবাৰো আই পি এল জিকিলোহেঁতেন৷ সেইটোৱেই আছিল ধোনিৰ মনত। সেইবাবেই সি সেই ক্ষতি ল’ব পৰা নাছিল।"

ৰাইনাই ২০০৮ চনৰ পৰা ২০২১ চনলৈ চেন্নাইৰ হৈ খেলিছিল। দুবছৰ চেন্নাইলৈ নিৰ্বাসিত হৈ গুজৰাট লায়ন্সৰ হৈ খেলিছিল। আই পি এলত ২০৫খন খেল খেলিছে ৰাইনাই। ৫৫২৮ ৰান সংগ্ৰহ কৰে। বাওঁহাতৰ বেটছমেনগৰাকীয়ে চেন্নাইৰ হৈ চাৰিটা আই পি এলত জয়লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী