--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এম এছ ধোনীৰ শান্ত স্বভাৱৰ  কথা বহুতেই জানে। কিন্তু এ ইবাৰ ধোনীৰ খং উঠিল। লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বিৰুদ্ধে  চলি থকা খেলখনৰ সময়তে  চেন্নাই চুপাৰ কিংছৰ প্ৰাক্তন অধিনায়কজনৰ  এটা ভিডিঅ' এতিয়া  ভাইৰেল হৈ  পৰিছে, য'ত তেওঁ বটল এটা  কেমেৰালৈ মাৰিবলৈ  উদ্যত হোৱা  দেখা গৈছে।

চেন্নাই চুপাৰ কিংছ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ সময়ত এম এছ ধোনীৰ  এই  ভিডিঅ' টো ভাইৰেল হৈ পৰাৰ পিছতে বহুতে নানা ধৰণৰ মতামত দিছে।  ধোনীৰ  অনুৰাগীসকলে এই ভিডিঅ'টো খুব ভাল পাইছে , কিয়নো অনুৰাগীসকলে এম এছ ধোনীৰ এনে ধৰণৰ ৰূপ  খুব কমইহে দেখিবলৈ পায়। তেতিয়া চেন্নাই চুপাৰ কিংছৰ ইনিংছৰ ১৭  অভাৰত ৰিতুৰাজ গায়কৱাড় আৰু শিৱম দুবেই  বেটিং কৰি আছিল। চিএছকেৰ অধিনায়ক ৰিতুৰাজ গায়কৱাডে ৯৩ ৰাণত খেলি আছিল আৰু শতক অৰ্জন কৰাৰ দিশে আগবাঢ়িছিল।
 
 

 এক সাংঘাতিক ৰোমাঞ্চকৰ মুহূৰ্ত।  সেই  সময়তে কেমেৰামেনে  ড্ৰেছিং ৰুমত উপস্থিত  থকা এম এছ ধোনীৰ ফালে  কেমেৰা ঘূৰাই দিছিল। টিভিত বাৰে বাৰে দেখুৱাই থকাৰ বাবে হয়তো ধোনীৰ খং উঠিছিল। ৰোমাঞ্চকৰ মুহূৰ্ত ত  কেমেৰামেনে ধোনীৰ পিনে  কেমেৰা ঘূৰাই দিয়াটো হয়তো  ধোনীয়ে  ভাল নাপালে আৰু তেওঁ এটা বটল তুলি লৈ কেমেৰাৰ ফালে দলিয়াই উদ্যত হ'ল । অনুৰাগীসকলে ধোনীক টিভিত দেখাৰ লগে লগে হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছিল। লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখনত এম এছ ধোনীয়ে মাত্ৰ এটা বল খেলিবলৈ সুযোগ পাইছিল আৰু তেওঁ মাৰ্কাছ ষ্টইনিছৰ বলত এটা চাৰি মাৰিছিল।  চেন্নাই চুপাৰ কিংছে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই ২১০ ৰাণ সংগ্ৰহ কৰিছিল। গায়কৱাড় আই পি এল ইতিহাসত শতক অৰ্জন কৰা প্ৰথম চিএছকেৰ  অধিনায়ক হৈছিল। তেওঁ ১২ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৬০ টা বলত ১০৮ ৰাণ কৰি অপৰাজিত আছিল। আনহাতে, শিৱম দুবেই ৩টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ২৭ টা বলত ৬৬ ৰাণ সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু