--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এম এছ ধোনীৰ শান্ত স্বভাৱৰ  কথা বহুতেই জানে। কিন্তু এ ইবাৰ ধোনীৰ খং উঠিল। লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বিৰুদ্ধে  চলি থকা খেলখনৰ সময়তে  চেন্নাই চুপাৰ কিংছৰ প্ৰাক্তন অধিনায়কজনৰ  এটা ভিডিঅ' এতিয়া  ভাইৰেল হৈ  পৰিছে, য'ত তেওঁ বটল এটা  কেমেৰালৈ মাৰিবলৈ  উদ্যত হোৱা  দেখা গৈছে।

চেন্নাই চুপাৰ কিংছ আৰু লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ সময়ত এম এছ ধোনীৰ  এই  ভিডিঅ' টো ভাইৰেল হৈ পৰাৰ পিছতে বহুতে নানা ধৰণৰ মতামত দিছে।  ধোনীৰ  অনুৰাগীসকলে এই ভিডিঅ'টো খুব ভাল পাইছে , কিয়নো অনুৰাগীসকলে এম এছ ধোনীৰ এনে ধৰণৰ ৰূপ  খুব কমইহে দেখিবলৈ পায়। তেতিয়া চেন্নাই চুপাৰ কিংছৰ ইনিংছৰ ১৭  অভাৰত ৰিতুৰাজ গায়কৱাড় আৰু শিৱম দুবেই  বেটিং কৰি আছিল। চিএছকেৰ অধিনায়ক ৰিতুৰাজ গায়কৱাডে ৯৩ ৰাণত খেলি আছিল আৰু শতক অৰ্জন কৰাৰ দিশে আগবাঢ়িছিল।
 
 

 এক সাংঘাতিক ৰোমাঞ্চকৰ মুহূৰ্ত।  সেই  সময়তে কেমেৰামেনে  ড্ৰেছিং ৰুমত উপস্থিত  থকা এম এছ ধোনীৰ ফালে  কেমেৰা ঘূৰাই দিছিল। টিভিত বাৰে বাৰে দেখুৱাই থকাৰ বাবে হয়তো ধোনীৰ খং উঠিছিল। ৰোমাঞ্চকৰ মুহূৰ্ত ত  কেমেৰামেনে ধোনীৰ পিনে  কেমেৰা ঘূৰাই দিয়াটো হয়তো  ধোনীয়ে  ভাল নাপালে আৰু তেওঁ এটা বটল তুলি লৈ কেমেৰাৰ ফালে দলিয়াই উদ্যত হ'ল । অনুৰাগীসকলে ধোনীক টিভিত দেখাৰ লগে লগে হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছিল। লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলখনত এম এছ ধোনীয়ে মাত্ৰ এটা বল খেলিবলৈ সুযোগ পাইছিল আৰু তেওঁ মাৰ্কাছ ষ্টইনিছৰ বলত এটা চাৰি মাৰিছিল।  চেন্নাই চুপাৰ কিংছে ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই ২১০ ৰাণ সংগ্ৰহ কৰিছিল। গায়কৱাড় আই পি এল ইতিহাসত শতক অৰ্জন কৰা প্ৰথম চিএছকেৰ  অধিনায়ক হৈছিল। তেওঁ ১২ টা চাৰি আৰু ৩ টা ছয়ৰ সহায়ত ৬০ টা বলত ১০৮ ৰাণ কৰি অপৰাজিত আছিল। আনহাতে, শিৱম দুবেই ৩টা চাৰি আৰু ৭টা ছয়ৰ সহায়ত ২৭ টা বলত ৬৬ ৰাণ সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ