--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী নামটো বহু বলাৰৰ বাবে দুঃস্বপ্ন। কিন্তু আজিও বিৰাটে ১০ বছৰ পূৰ্বে মিচেল জনছনৰ এটা বল পাহৰিব নোৱাৰে। সেই সময়ত জনছন তেওঁৰ আতংক হৈ পৰিছিল।

২০১৪ চনত অষ্ট্ৰেলিয়াত খেলিবলৈ গৈছিল ভাৰত। সেই ভ্ৰমণতে বিৰাট টেষ্টৰ অধিনায়ক হৈছিল। মহেন্দ্ৰ সিং ধোনীয়ে পদত্যাগ কৰে। ভ্ৰমণৰ আৰম্ভণিতে এটা ঘটনাৰ কথা ক’লে বিৰাটে। 

বিৰাটে কয় যে, ভ্ৰমণৰ প্ৰথমখন মেচত জনছনৰ প্ৰথমটো বল তেওঁৰ মূৰত খুন্দা মাৰে। এটা ডাঙৰ জোকাৰণিৰ সৃষ্টি হৈছিল। অবিশ্বাস্য যেন লাগিছিল।

প্ৰথমখন মেচত ৩১ নং অভাৰত বেটিং কৰিছিল বিৰাটে। জনছনে বল কৰি আছিল। জনছনে প্ৰথম বলটো বাউন্স কৰে। বলৰ লাইনৰ পৰা মূৰটো লৰচৰ কৰিব নোৱাৰিলে বিৰাটে। বলটোৱে হেলমেটত জোৰেৰে খুন্দা মাৰিলে। 

বিৰাটে কয়, ‘মই দুমাহ ধৰি জনছনৰ বাবে প্ৰস্তুতি চলাই আছিলো। মই কল্পনা কৰি আছিলো যে কেনেকৈ বল খেলিব। কিন্তু বলটোৱে হেলমেটত খুন্দা মৰাৰ পিছত সকলো পৰিকল্পনা সলনি হৈ গ’ল। বৰ জোৰেৰে শব্দ হৈছিল। চকুৰে সৰিয়হফুল দেখিছিলোঁ। বাওঁ চকুটো ফুলি উঠিছিল। সেই সময়ত মই যদিও সেইটো বুজি পোৱা নাছিলো।"

২০১৩-১৪ চনত বিৰাট আৰু জনছনৰ মাজত যুঁজখন যথেষ্ট তীব্ৰ আছিল। সেই সময়ত বেটছমেনসকলৰ বাবে জনছন আছিল এক আতংক। তেওঁ ক’লে, “দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত মোৰ চিন্তা কৰিবলৈ সময় আছিল। মোৰ অনুভৱ হ’ল মোৰ হাতত দুটা বিকল্প আছে। এটা মই যুঁজিম, দুটা মই পলাই যাম। প্ৰথমটো বাছি লৈছিলো। মই ভাবিছিলোঁ সি মোৰ মূৰত খুন্দা মাৰিবলৈ কেনেকৈ সাহস কৰিলে। জনছনৰ বলত ইটোৰ পিছত সিটো বাউণ্ডেৰী মাৰিম। মই সেইটোৱেই কৰিলোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ