--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছ ২০২৩ৰ বাবে দলৰ ঘোষণা কৰিছে বিচিচিআইয়ে। ভাৰতীয় দলত বহু নতুন খেলুৱৈয়ে সুযোগ পাইছে। এছিয়ান গেমছত ক্ৰিকেটৰ ফৰ্মেট হ’ব টি-২০। এই কাৰণতে আই পি এল আৰু ঘৰুৱা খেলৰ প্ৰদৰ্শন বিবেচনা কৰি খেলুৱৈসকলক নিৰ্বাচিত কৰা হৈছে।এই তালিকাত শিৱম ডুবেৰ নামো ইয়াত সন্নিবিষ্ট কৰা হৈছে।উল্লেখযোগ্য যে, যোৱা আই পি এল ছিজনত শিৱমে অতিশয় শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল। 

২০২৩ চনৰ আই পি এলত সৰ্বোচ্চ ছিক্সাৰৰ ক্ষেত্ৰত শিৱম ডুবে দ্বিতীয় স্থানত আছিল। তেওঁ ৩৫টা ছিক্সাৰ কোবাইছিল। শিৱমে ১৬খন খেলৰ ১৪ ইনিংছত ৪১৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৩টা অৰ্ধশতক অৰ্জন কৰে।শিৱমে ভাৰতৰ হৈ ১৩খন টি-২০ মেচো খেলিছে। ইয়াত ১০৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তেওঁ এখন এদিনীয়া মেচো খেলিছে। টি-২০ৰ ১০৬খন মেচত য’ত তেওঁ ১৯১৩ ৰান সংগ্ৰহ কৰিছে।

চেন্নাই ছুপাৰ কিংছে শিৱমক টিম ইণ্ডিয়াত যোগদান কৰাৰ বাবে বিশেষ ধৰণে অভিনন্দন জনাইছে। শিৱমৰ ফটো টুইট কৰিছে দলটোৱে। চিএছকেই লিখিছে , "শিৱম ডুবে ৰিলোডিং ইন ব্লু ছান"। 

উল্লেখ্য যে শিৱমে ২০১৯ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ হৈ প্ৰথম টি-২০ মেচ খেলিছিল। ইয়াৰ পাছত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অন্তিমখন খেল অনুষ্ঠিত হয়।শিৱমৰ বাবে ২০২০ চনৰ পাছত ভাৰতীয় দললৈ ঘূৰি আহিব নোৱাৰিলে। কিন্তু এতিয়া এছিয়ান গেমছৰ বাবে সেয়া সম্ভৱ হৈ উঠিল। ২০১৯ চনৰ ডিচেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটাইছিল শিৱমে। এইখনেই আছিল তেওঁৰ এতিয়ালৈকে প্ৰথম আৰু শেষ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement