--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছ ২০২৩ৰ বাবে দলৰ ঘোষণা কৰিছে বিচিচিআইয়ে। ভাৰতীয় দলত বহু নতুন খেলুৱৈয়ে সুযোগ পাইছে। এছিয়ান গেমছত ক্ৰিকেটৰ ফৰ্মেট হ’ব টি-২০। এই কাৰণতে আই পি এল আৰু ঘৰুৱা খেলৰ প্ৰদৰ্শন বিবেচনা কৰি খেলুৱৈসকলক নিৰ্বাচিত কৰা হৈছে।এই তালিকাত শিৱম ডুবেৰ নামো ইয়াত সন্নিবিষ্ট কৰা হৈছে।উল্লেখযোগ্য যে, যোৱা আই পি এল ছিজনত শিৱমে অতিশয় শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল। 

২০২৩ চনৰ আই পি এলত সৰ্বোচ্চ ছিক্সাৰৰ ক্ষেত্ৰত শিৱম ডুবে দ্বিতীয় স্থানত আছিল। তেওঁ ৩৫টা ছিক্সাৰ কোবাইছিল। শিৱমে ১৬খন খেলৰ ১৪ ইনিংছত ৪১৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত ৩টা অৰ্ধশতক অৰ্জন কৰে।শিৱমে ভাৰতৰ হৈ ১৩খন টি-২০ মেচো খেলিছে। ইয়াত ১০৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তেওঁ এখন এদিনীয়া মেচো খেলিছে। টি-২০ৰ ১০৬খন মেচত য’ত তেওঁ ১৯১৩ ৰান সংগ্ৰহ কৰিছে।

চেন্নাই ছুপাৰ কিংছে শিৱমক টিম ইণ্ডিয়াত যোগদান কৰাৰ বাবে বিশেষ ধৰণে অভিনন্দন জনাইছে। শিৱমৰ ফটো টুইট কৰিছে দলটোৱে। চিএছকেই লিখিছে , "শিৱম ডুবে ৰিলোডিং ইন ব্লু ছান"। 

উল্লেখ্য যে শিৱমে ২০১৯ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ হৈ প্ৰথম টি-২০ মেচ খেলিছিল। ইয়াৰ পাছত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অন্তিমখন খেল অনুষ্ঠিত হয়।শিৱমৰ বাবে ২০২০ চনৰ পাছত ভাৰতীয় দললৈ ঘূৰি আহিব নোৱাৰিলে। কিন্তু এতিয়া এছিয়ান গেমছৰ বাবে সেয়া সম্ভৱ হৈ উঠিল। ২০১৯ চনৰ ডিচেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটাইছিল শিৱমে। এইখনেই আছিল তেওঁৰ এতিয়ালৈকে প্ৰথম আৰু শেষ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু