--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট বিশ্বকাপৰ ফাইনেলত খেলাৰ সুযোগ নাপালে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলি কেইবাটাও নজিৰ গঢ়ি তুলিছে ৰবিচন্দ্ৰন অশ্বিনে। অনিল কুম্বলেৰ এটা অভিলেখ স্পৰ্শ কৰে তেওঁ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রথম ইনিংছত ৫টা উইকেট দখল কৰাৰ পাছত দ্বিতীয় ইনিংছত ৭টা উইকেট দখল কৰে৷ এই খেলখনত অশ্বিনে মুঠ ১২টা উইকেট দখল কৰে। 

প্ৰাক্তন লেগ স্পিনাৰ কুম্বলেৰ এটা কৃতিত্ব স্পৰ্শ কৰে তেওঁ। টেষ্ট ক্ৰিকেটত কুম্বলে ৮ বাৰ ১০ বা তাতকৈ অধিক উইকেট দখল কৰে। অশ্বিনেও ৮খন টেষ্ট মেচত ১০ বা তাতকৈ অধিক উইকেট দখল কৰে। কুম্বলে ইমান দিনে এই ক্ষেত্ৰখনৰ শীৰ্ষ ভাৰতীয় বলাৰ আছিল। শুকুৰবাৰৰ পিছত শীৰ্ষলৈ আহিছিল অশ্বিন।

ডমিনিকা টেষ্টত অশ্বিনে দুয়োটা ইনিংছতে ৫ বা তাতকৈ অধিক উইকেট দখল কৰে। ইয়াৰ লগে লগে অশ্বিনে ৩৪ বাৰ এটা টেষ্ট ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰে।

একে সময়তে অশ্বিন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ বা তাতকৈ অধিক উইকেট দখল কৰা ১৬ সংখ্যক ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ উইকেটৰ ক্ষেত্ৰত অশ্বিনে আন এজন প্ৰাক্তন স্পিনাৰ হৰভজন সিঙৰ ওচৰ চাপিছিল। হৰভজনৰ হাতত আছে ৭১১টা উইকেট। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেয প্ৰথমখন টেষ্টৰ পাছত অশ্বিনে ৭০৯টা উইকেট দখল কৰে। দ্বিতীয়খন টেষ্টত হৰভজনক অতিক্ৰম কৰাৰ সুযোগ আছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৬ ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰে অশ্বিনে। এই ক্ষেত্ৰত তেওঁ ভাৰতীয় বলাৰৰ ভিতৰত শীৰ্ষস্থানলৈ আহিল। ঘৰুৱা আৰু ৱেষ্ট ইণ্ডিজত তেওঁলোকৰ বিৰুদ্ধে টেষ্টত দুয়োটা ইনিংছতে ৫ বা তাতকৈ অধিক উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছে। আন কোনো ভাৰতীয় বলাৰৰ এই কৃতিত্ব নাই।

ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টেষ্টত ফাষ্ট বলাৰতকৈ স্পিনাৰসকলক অধিক সহায় কৰিছিল। ৰবীন্দ্ৰ জাদেজাইও অশ্বিনৰ দৰে সহায় পাইছিল। খেলখনত তেওঁ ৫টা উইকেট দখল কৰে। অৰ্থাৎ ৱেষ্ট ইণ্ডিজৰ ২০টা উইকেটৰ ভিতৰত ১৭টা উইকেট দখল কৰিছে দুজন ভাৰতীয় স্পিনাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ