--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেষ্ট বিশ্বকাপৰ ফাইনেলত খেলাৰ সুযোগ নাপালে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলি কেইবাটাও নজিৰ গঢ়ি তুলিছে ৰবিচন্দ্ৰন অশ্বিনে। অনিল কুম্বলেৰ এটা অভিলেখ স্পৰ্শ কৰে তেওঁ।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্রথম ইনিংছত ৫টা উইকেট দখল কৰাৰ পাছত দ্বিতীয় ইনিংছত ৭টা উইকেট দখল কৰে৷ এই খেলখনত অশ্বিনে মুঠ ১২টা উইকেট দখল কৰে। 

প্ৰাক্তন লেগ স্পিনাৰ কুম্বলেৰ এটা কৃতিত্ব স্পৰ্শ কৰে তেওঁ। টেষ্ট ক্ৰিকেটত কুম্বলে ৮ বাৰ ১০ বা তাতকৈ অধিক উইকেট দখল কৰে। অশ্বিনেও ৮খন টেষ্ট মেচত ১০ বা তাতকৈ অধিক উইকেট দখল কৰে। কুম্বলে ইমান দিনে এই ক্ষেত্ৰখনৰ শীৰ্ষ ভাৰতীয় বলাৰ আছিল। শুকুৰবাৰৰ পিছত শীৰ্ষলৈ আহিছিল অশ্বিন।

ডমিনিকা টেষ্টত অশ্বিনে দুয়োটা ইনিংছতে ৫ বা তাতকৈ অধিক উইকেট দখল কৰে। ইয়াৰ লগে লগে অশ্বিনে ৩৪ বাৰ এটা টেষ্ট ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰে।

একে সময়তে অশ্বিন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০ বা তাতকৈ অধিক উইকেট দখল কৰা ১৬ সংখ্যক ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ উইকেটৰ ক্ষেত্ৰত অশ্বিনে আন এজন প্ৰাক্তন স্পিনাৰ হৰভজন সিঙৰ ওচৰ চাপিছিল। হৰভজনৰ হাতত আছে ৭১১টা উইকেট। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধেয প্ৰথমখন টেষ্টৰ পাছত অশ্বিনে ৭০৯টা উইকেট দখল কৰে। দ্বিতীয়খন টেষ্টত হৰভজনক অতিক্ৰম কৰাৰ সুযোগ আছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৬ ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰে অশ্বিনে। এই ক্ষেত্ৰত তেওঁ ভাৰতীয় বলাৰৰ ভিতৰত শীৰ্ষস্থানলৈ আহিল। ঘৰুৱা আৰু ৱেষ্ট ইণ্ডিজত তেওঁলোকৰ বিৰুদ্ধে টেষ্টত দুয়োটা ইনিংছতে ৫ বা তাতকৈ অধিক উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছে। আন কোনো ভাৰতীয় বলাৰৰ এই কৃতিত্ব নাই।

ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টেষ্টত ফাষ্ট বলাৰতকৈ স্পিনাৰসকলক অধিক সহায় কৰিছিল। ৰবীন্দ্ৰ জাদেজাইও অশ্বিনৰ দৰে সহায় পাইছিল। খেলখনত তেওঁ ৫টা উইকেট দখল কৰে। অৰ্থাৎ ৱেষ্ট ইণ্ডিজৰ ২০টা উইকেটৰ ভিতৰত ১৭টা উইকেট দখল কৰিছে দুজন ভাৰতীয় স্পিনাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু