--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এই পৰ্যন্ত ৪৯৯খন মেচ খেলিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্ট মেচৰ জৰিয়তে তেওঁ ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে খেলপথাৰত নামিব। এতিয়ালৈকে কোহলীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ অতি দৰ্শনীয়। বিৰাট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা দ্বিতীয়জন বেটছমেন।

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টেষ্ট মেচ অহা ২০ জুলাইৰ পৰা ট্ৰিনিদাদৰ প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভালত অনুষ্ঠিত হ’ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচত কোহলীয়ে উৎকৃষ্ট ছন্দত দেখা গৈছিল। আকৰ্ষণীয় ইনিংছ খেলি ৫ চাৰিৰ সহায়ত ১৮২টা বলত ৭৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে ১০০ৰো অধিক মেচ খেলা খেলুৱৈ কোহলী।

২০০৮ চনৰ আগষ্ট মাহত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া খেলৰ জৰিয়তে বিৰাটে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। তেওঁৰ কেৰিয়াৰত এতিয়ালৈকে ১১০খন টেষ্ট, ২৭৪খন এদিনীয়া আৰু ১১৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টত গড়ে ৪৮.৮৮ ৰাণেৰে ৮৫৫৫ ৰান, এদিনীয়াত ৫৭.৩২ গড়ে ১২৮৯৮ ৰান আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত গড়ে ৫২.৭৩ৰে ৪০০৮ ৰান সংগ্ৰহ কৰিছে। কোহলীয়ে তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰিছে। তেওঁ এই পৰ্যন্ত ৭৫টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছে। ইয়াৰ বাহিৰেও তেওঁ ১৩১টা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁৰ কেৰিয়াৰৰ উচ্চ স্ক’ৰ হৈছে ২৪৫ নট আউট।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৫০০খন মেচ খেলা দশমগৰাকী খেলুৱৈ হ’ব বিৰাট কোহলী। এতিয়ালৈকে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখ হৈছে প্ৰাক্তন ভাৰতীয় কিংবদন্তি শচীন টেণ্ডুলকাৰৰ নামত। তেওঁৰ কেৰিয়াৰত ৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলা শীৰ্ষ ১০ জন খেলুৱৈ

শচীন তেণ্ডুলকাৰ - ৬৬৪খন 
মাহেলা জয়ৱৰ্ধনে - ৬৫২ খন 
কুমাৰ চাংগাকাৰা - ৫৯৪ খন 
সনাথ জয়সূৰ্য - ৫৮৬ খন
ৰিকি পন্টিং - ৫৬০ খন 
মহেন্দ্ৰ সিং ধোনী - ৫৩৮ খন 
শ্বাহিদ আফ্ৰিদি - ৫২৪ খন 
জেকৱেছ কালিছ - ৫১৯ খন 
ৰাহুল দ্ৰাবিড় - ৫০৯ খন 
বিৰাট কোহলী - ৪৯৯ খন

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement