--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত এই পৰ্যন্ত ৪৯৯খন মেচ খেলিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্ট মেচৰ জৰিয়তে তেওঁ ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচৰ বাবে খেলপথাৰত নামিব। এতিয়ালৈকে কোহলীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ অতি দৰ্শনীয়। বিৰাট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰা দ্বিতীয়জন বেটছমেন।

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন টেষ্ট মেচ অহা ২০ জুলাইৰ পৰা ট্ৰিনিদাদৰ প’ৰ্ট অৱ স্পেইনৰ কুইনছ পাৰ্ক অ’ভালত অনুষ্ঠিত হ’ব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা প্ৰথমখন মেচত কোহলীয়ে উৎকৃষ্ট ছন্দত দেখা গৈছিল। আকৰ্ষণীয় ইনিংছ খেলি ৫ চাৰিৰ সহায়ত ১৮২টা বলত ৭৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তিনিওটা ফৰ্মেটতে ১০০ৰো অধিক মেচ খেলা খেলুৱৈ কোহলী।

২০০৮ চনৰ আগষ্ট মাহত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া খেলৰ জৰিয়তে বিৰাটে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। তেওঁৰ কেৰিয়াৰত এতিয়ালৈকে ১১০খন টেষ্ট, ২৭৪খন এদিনীয়া আৰু ১১৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে। টেষ্টত গড়ে ৪৮.৮৮ ৰাণেৰে ৮৫৫৫ ৰান, এদিনীয়াত ৫৭.৩২ গড়ে ১২৮৯৮ ৰান আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত গড়ে ৫২.৭৩ৰে ৪০০৮ ৰান সংগ্ৰহ কৰিছে। কোহলীয়ে তিনিওটা ফৰ্মেটতে শতক অৰ্জন কৰিছে। তেওঁ এই পৰ্যন্ত ৭৫টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰিছে। ইয়াৰ বাহিৰেও তেওঁ ১৩১টা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁৰ কেৰিয়াৰৰ উচ্চ স্ক’ৰ হৈছে ২৪৫ নট আউট।

আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৫০০খন মেচ খেলা দশমগৰাকী খেলুৱৈ হ’ব বিৰাট কোহলী। এতিয়ালৈকে সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখ হৈছে প্ৰাক্তন ভাৰতীয় কিংবদন্তি শচীন টেণ্ডুলকাৰৰ নামত। তেওঁৰ কেৰিয়াৰত ৬৬৪খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচ খেলা শীৰ্ষ ১০ জন খেলুৱৈ

শচীন তেণ্ডুলকাৰ - ৬৬৪খন 
মাহেলা জয়ৱৰ্ধনে - ৬৫২ খন 
কুমাৰ চাংগাকাৰা - ৫৯৪ খন 
সনাথ জয়সূৰ্য - ৫৮৬ খন
ৰিকি পন্টিং - ৫৬০ খন 
মহেন্দ্ৰ সিং ধোনী - ৫৩৮ খন 
শ্বাহিদ আফ্ৰিদি - ৫২৪ খন 
জেকৱেছ কালিছ - ৫১৯ খন 
ৰাহুল দ্ৰাবিড় - ৫০৯ খন 
বিৰাট কোহলী - ৪৯৯ খন

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু